Tuesday, March 19, 2013

এদিন তুমি আনৰ হবা (পৰিধি ফুকন)



আৰু কিজানি এমাহো নাই তোমাৰ বিয়ালৈ
তুমি কিজানি বিয়াৰ যা যোগাৰত ব্যস্ত হৈ পৰিছা
তোমাৰ মন কিজানি উখল মাখল

কেতিয়া আহিব সেই দিনটো তাকে ভাবি
যিদিনা তুমি কৈছিলা "মোৰ বিয়া"
সেইদিনাৰ পৰা মই এক অবুজ বেদনাত চতফতাই আছো
কি কৰো মই তোমাক যে নিজৰ কৰি ৰাখিবও নোৱাৰো
আগতে ৰাতিটো নিচেই চুটি যেন লাগিছিল
তোমাৰ লগত কথা পাতি থাঁকোতে গমেই পোৱা নাছিলো
কিন্তু এতিয়া বুজিছো এটা ৰাতি কিমান দীঘল হব পাৰে
বিয়াৰ দিনা তোমাৰ মোলৈ মনত পৰিবনে নাই?
মোৰ নামত এটোপাল চকুলো বোৱাবানে?
এবাৰ শুনিব মন যাবনে মোৰ মাতষাৰ
যিষাৰ মাত তোমাৰ সবাতোকৈ প্ৰিয় আছিল
তোমাক কইনা সাঁজত চোৱাৰ হেপাঁহ আছিল মোৰ
কিন্তু এইদৰে আনৰ কইনাৰ ৰূপত নহয়
মোৰ বুকু ভাগি যায় জানা
যেতিয়া আন এজনক তোমাৰ কাষত কল্পনা কৰোঁ ।
কিন্তু মই যে নিৰুপায়
সকলোৱে কয় তোমাক প্ৰতাৰক বুলি
মই বাধা দিওঁ কাৰণ মোৰ মনে জানে
তুমি ঠগ নহয়

তোমাৰ বিয়াৰ দিনা মই মদ খাম
যদিও বা জানো সেইতো কাপুৰুষৰকাম
তথাপিও খাম
মদৰ ৰাগীত নিজক পাহৰি খন্তেকৰ বাবে সুখী হবৰ যত্ন কৰিম
ডিলিট কৰিম মদৰ জালত তোমাৰ নাম্বাৰ চিৰদিনৰ বাবে ফ'নৰ পৰা
কাৰণ সেইদিনাৰ পৰা যে তুমি আনৰ হবা
মন গলেও চাব নোৱাৰিম তোমাক
মন গলেও শুনিব নোৱাৰিম তোমাৰ মাতষাৰ
কাৰ আগত দেখুৱাম মনৰ যাতনা বোৰ তুমিওচোন যাব ওলালা আন এজনৰ লগৰী হৈ
আগতে যদি জানিলোহেঁতেন
তোমাৰ শপত তোমাক ইমান বেছি ভাল নাপালোহেঁতেন ।

No comments:

Post a Comment