Tuesday, March 19, 2013

# এজাক বৰষুণৰ সমীপেষু# ( ইন্দ্ৰনীল গায়ন )

প্ৰস্তাৱনা:-
________
দুয়ো নিশ্চুপ হৈ আছিল, হয়তো অনুৰণিত হৈছিল হৃদয়ৰ স্পন্দন !!


ক’ব খোজা কথাবোৰ... ?

প্ৰশ্ন:- বন্ধুত্বৰে গঢ়া সম্পৰ্ক এটাত.. ?

সিহঁতে জনা নাছিল, কেৱল কোৱা শুনিছিল গাঁৱৰ মানুহবোৰে এটা ল’ৰা আৰু এজনী ছোৱালী কেতিয়াও বন্ধু হ’ব নোৱাৰে।

কিন্ত

কিয় নোৱাৰে..?

ভুল ধাৰণা !!

সিহঁতে কৈছিল বন্ধুত্ব আৰু বিশ্বাস এইয়া আমাৰ মাজত সদায়ে যুগমীয়া হৈ থাকিব, আমি য’তেই নাথাকো কিয়.. ?

দিনবোৰ গৈ আছিল, দুয়োৰে সুখ, দুখ, ইচ্ছা, অনিচ্ছা সকলোবোৰ যেন ক্ৰমান্বয়ে নিবদ্ধ হৈ পৰিছিল এটা বৃত্তৰ পৰিধিৰ মাজত !!

এইয়া কি...... ?

মানুহবোৰে ভবাৰ দৰেই !!

উপসংহাৰ :-
________
দুয়ো নিশ্চুপ হৈ আছিল, গোমা আকাশখনৰ তলত আন্দোলিত হৈছিল কিছু মৌন হেঁপাহ

হঠাৎ.....

ফাগুনৰ শেষ বৰষুণজাক আহিল
সিহঁত তিতিছিল !!

উত্তৰ:- "ভালপোৱা"

এইয়া হয়তো ভালপোৱা, অনুভৱ হয় হৃদয়ে হৃদয়ে সংগোপনে।
 

No comments:

Post a Comment