Tuesday, March 19, 2013

সেই জীৱন ভালপোৱা ছোৱালীজনী (মালবিকা ব্ৰহ্ম)

সেই জীৱন ভালপোৱা ছোৱালীজনী সেই গুনগুনাই গান গাই থকা ছোৱালীজনীৰ কথাই কৈছো, তাই হেনো হাঁহি থাকি ভাল পায়, গান গুনগুনাই ভাল পায় ।
*******
তাই কয়...

"অভাৱৰ পৰা প্রবঞ্ছনালৈ, লাঞ্ছনাৰ পৰা প্রতাৰণালৈ...." নানান ক'লা নীলা বুটা বছা ৰিহাখনেৰেই হেনো তাইৰ যৌৱন আৱৰা,
তাইৰ জীৱন আৱৰা ,
দুচকুতে যেন পী থৈছে সমস্ত নীলকণ্ঠী গৰল ।
********
তথাপি তাই হাঁহে,
তাই গুনগুনায় ।
তাই গুনগুনাই যায় জীৱনৰ গান সময়ক প্রত্যাহ্বান দি... ডাৱৰ ফালি ৰ'দ ওলোৱাৰ সপোন জীপাল দি...
জীৱনক জীয়ন দি ।।

No comments:

Post a Comment