সম্পাদকীয়


ৰং বিলাত্তঁ আহা….
ফাগুন , আহিলে আৰু তাৰ পিছত বহাগ আহিব৷ আকৌ অসমীয়া নতুন বছৰ এটা আহিব৷ এপল, দুপল কৈ দিনবোৰ গলি গলি বছৰটো শেষ ল৷ ধৰিত্রী আইয়ে নতুন কাপোৰৰ সাজ পিন্ধিলে বসন্তক আদৰণি জনাবলৈ৷ ফাগুনৰ পছোৱাই সকলো ধুই প্রকৃতি নিকা কৰি বসন্তৰ আগমণৰ পথ মুকলি কৰিলে৷ এটা ঋতুক বিদাইদি আকৌ নতুন ঋতুক আদৰিবলৈ যেন প্রকৃতি সাজু হৈছে৷ আমি ৰং ভাল পাওঁ৷ বিচাৰো সাতৰঙী ৰামধেনুৰ নিচিনাকৈ জীৱনটো ৰং বিৰংগী হৈ থাকক৷ দুখ বিলাকক ৰং সানি জীৱনটো সুখময়ী কৰিতোলাৰ প্রয়াস আমি সদায় কৰোঁ৷
   ৰঙা, নীলা, হালধীয়া, বেঙুনীয়া, সেউজীয়া…….কিমান যে ৰং৷ ফাকুৱাৰ ৰঙবোৰ সদায় ভাল লাগে৷ ফাগুন শেষ হোৱাৰ পিছত এইবাৰ তত ফাকুৱাৰ দিন পৰিছে৷ ফাকুৱা ৰংৰ উছৱ৷ ফাকুৱাত ইজনে সিজনক ৰং সানি আমি ৰংৰ উছৱ পালন কৰোঁ৷ আমাৰ হিন্দু ধৰ্মৱালী লোক সকলে ফাকুৱা উছৱ যুগ যুগান্তৰৰ পালন কৰি আহিছে৷ বুৰঞ্জী চালে ফাকুৱা উছৱৰ বিভিন্ন বিৱৰণি পোৱা যায়৷ ফাকুৱাক আনহাতে বসন্ত উছৱো কোৱা হয়৷ শীতক বিদায় জনাই বসন্তক আদৰিৱলৈ, নতুন এটা ঋতুৰ আৰম্ভ হোৱাৰ আগমুহূৰ্তত আমি ৰংৰ উছৱ পালন কৰোঁ ফাকুৱাৰ ৰূপেৰে৷ ফাকুৱাই বহু কথা কয়, কথা কয় বসন্ত অহাৰ, কথা কয় ফাগুনত গছ-গছনিৰসৰা পাত মাটিত জাহ যোৱাৰ পিছত মাটি উৰ্বৰ হৈ পৰি নতুন খেতিৰ সময় আহি পোৱাৰ, কথা কয় শীতক বিদায় দিয়াৰ৷ বসন্তৰ আগমণেপ্রকৃতিৰ লগতে সকলোৰে মন আনন্দত ভৰি পৰে৷ প্রকৃতি নকইনাৰ সাজেৰে আকৌ ধুনীয়া হৈ পৰে৷ এইবাৰ মাৰ্চত শিৱৰাত্রীৰসুভ বাৰ পৰিছে৷ শিৱ বাবাক প্রণাম জনাই সকলোৰে মংগল কামনা কৰিলোঁ৷ সকলোৰে জীৱন সুন্দৰ হৈ পৰক৷ জীৱনবোৰ সদায় সুখআৰু আনন্দৰে ভৰি থাকক৷ জীৱন   ৰঙেৰে ফুলি উঠক তাৰে কামনাৰে.
মৰমেৰে
       দেব পৰাশৰ

No comments:

Post a Comment