'এই জীৱন বৰ অনুপম' :
জীৱনত জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন ?
কি পালে সুখেৰে জীয়াই থাকে ?
জীৱনটি কেনেকৈ উদযাপন কৰিব ?
এনেবোৰৰ গঠনমুলক আলোচনাৰেই সমস্যা সমাধানৰ ব্যতিক্ৰমী শিতান 'এই জীৱন বৰ
অনুপম' । আপোনালোকেও মনৰ কথা, জীৱনৰ অভিজ্ঞতা সৈতে আমাৰ লগত যোগাযোগ কৰক ।
এই জীৱন বৰ অনুপম (লক্ষ্য প্ৰহৰ)
জীৱন- এক আচৰিত শব্দ। কিছুলোকৰ বাবে জীৱন
এটা মধুৰ শব্দ,
আন কিছুলোকৰ জীৱন তিক্ততাৰে ভৰা ।
আপোনাৰ..?
ধৰি লওঁক জীৱনটো
এটা সাধাৰণ বাক্য-
"মই জীৱনত সফল হ'ম..."
এই বাক্যটোকেই
আপুনি বিভিন্ন প্রকাৰে লিখিব পাৰে..! কিন্তু বাক্যটো আনৰ দৃষ্টিত কিমান আকর্ষণীয় হ'ব সেইয়া নির্ভৰ কৰিব
একমাত্র আপোনাৰ লিখন কৌশলৰ ওপৰতহে ।
জীৱনৰ যিকোনো
ক্ষেত্রতেই আত্মবিশ্বাসী হোৱাটোবৰ প্রয়োজন ।
এটা সাধাৰণ উদাহৰণ দিওঁ-- কালিলৈ ৰাতিপুৱা
আপুনি সাৰ পাবলৈ
ঘড়ীত এলার্ম দি নথ'ব, তাৰ পৰিবর্ত্তে আত্মবিশ্বাসী হৈ ৰাতি শোৱাৰ সময়ত
তিনিবাৰ মনতে উচ্চাৰণ কৰক--"কালিলৈ ৰাতিপুৱা
মই পাঁচবজাত সাৰ
পাবই লাগিব,
আৰু মই সাৰ পামেই..."
চাব আপুনি নিশ্চয়
সাৰপাব ।
দেখিলেনে আত্মবিশ্বাসে
কি কৰিব পাৰে.!
সম্পুর্ণ বিশ্বাসেৰে
এই মুহুর্ত্তৰপৰাই ভাবিবলৈ আৰম্ভ কৰক-- আপোনাৰ জীৱন ঘোঁৰাৰ লেকাম, আপোনাৰ হাতৰ মুঠিত ।
ইয়াক সুখৰ বা দুখৰ.,
কেৱল মাত্র আপোনাৰ নেৰানেপেৰা চেষ্টাইহে কৰিব পাৰে..!
সুখক চিনিবলৈ শিকক,
সুখ আপোনাৰ কাষত...
কেতিয়াবা যদি হতাশাই আৱৰি ধৰে, মন নগ'লেও
এই সাধাৰণ কথাখিনিকেই
আকৌ এবাৰ
পঢ়িব,
আৰু এপলক ৰৈ ভাবিব
পৃথিৱীত আন বহু দুখী মানুহ আছে, যিয়ে এনেকুৱা কথা লিখিব পাৰিছে...

No comments:
Post a Comment