Tuesday, March 19, 2013

প্ৰবন্ধ

 আমি বাৰু যুৱক-যুৱতী সকল সচাকৈ উশৃংখল হৈছো নেকি ? (অঞ্জন সাধনীদাৰ)


সাম্প্ৰতিক সমাজৰ আটাইতকৈ চৰ্চিত বিষয়টোৱেই হ’ল যুৱ উশৃংখলতা৷ সমাজখন শৃংখলাবিহীন হৈ পৰিছে৷ আৰু credit goes to youth generation. কোনো আত্ম সন্মান থকা যুৱক যুৱতীৰ মনে এই কথা মানি লব বিচৰা
নাই৷ এই শব্দটোৱেই আচলতে আমাৰ লগত খাপ খাব নালাগে৷ ৭০ দশকৰ আগলৈকে এনে এটা শব্দ অসমত সৃষ্টিয়েই হোৱা নাছিল৷কিয় ? তেতিয়া অসমত যুৱক যুৱতী নাছিল নেকি? নে আজিৰ নিচিনা বিজ্ঞান প্ৰযুক্তিৰ শিক্ষাৰে শিক্ষিত নাছিল? সেই সময়তো অসমত জন্ম হৈছিল বহু বৰেণ্য ব্যক্তিৰ, শিল্পী, সাহিত্যিকৰ, সংগীতজ্ঞৰ। কিন্তু সেই চাম যুৱক যুৱতী উশৃংখল নাছিল৷ সামাজিক দায়িত্ববোধ আছিল৷ নিজৰ লগতে সমাজ খনৰ কথা চিন্তা কৰিব পাৰিছিল৷ নিজে তৰুণ হৈ আন দহ জনকো তাৰি লৈ যোৱাৰ কথা অনুভৱ কৰিছিল ৷ তেওঁলোকে নিজৰ স্বকীয় প্ৰতিভাৰ যোগেদি নিজৰ লগতে সমাজ খনৰ, জাতি টোৰ বাবে কিবা এটা কৰাৰ এক দুৰন্ত হাবিয়াস মনত পুহি ৰাখিছিল ৷
ধৰ্ম শাস্ত্ৰই কয় “ আপুনি আচৰি ধৰ্ম আনক শিকায়ৈ”
এই মহান বাণী সৰোগত কৰি আগবাঢ়িছিল ৷ সেই বাবে নিজৰ জ্যোতিৰে আন বহু জনক বাট দেখুৱাই নিবলৈ সমৰ্থ হৈছিল ৷ সুধা কন্ঠৰ পৰ আৰম্ভ কৰি অলেখ অসংখ্য উদাহৰণেৰে এই কথাৰ প্ৰমাণ কৰিব পাৰি ।
কিন্তু লাহে লাহে কথা বোৰ বেলেগ হব ধৰিলে ৷ বিশেষকৈ ভাষা আন্দোলন আৰম্ভ হোৱাৰ পৰা এক শ্ৰেণী অসামাজিক যুৱক যুৱতীৰ সৃষ্টি হল এইখন অসমত ৷ চিন্তা চৰ্চাত বিজুতি ঘটালে৷ সামাজিক দায়বদ্ধতাৰ কথা পাহৰি গল ৷ যি সকলক দেশৰ, জাতিটোৰ ধৰণী বুলি ভৱা হৈছিল , মেৰুদণ্ড বুলি কোৱা হৈছিল. ভৱিষ্যতৰ ধাৰক আৰু বাহক বুলি বিশ্বাসত লোৱা হৈছিল সেই সকলেই হৈ পৰিল উদণ্ড অকমণ্য আৰু বিলাসপ্ৰিয় ৷ পিতৃ মাতৃ্য়ে ভাবিবলৈ বাধ্য হ’ল কাৰ ভুলৰ বাবে জন্ম হল এনে সন্তান ৷ যিমানেই শিক্ষাৰ প্ৰচাৰ প্ৰসাৰ ঘটিল, যিমানেই বিজ্ঞান প্ৰযুক্তিৰে প্ৰচলিত ধ্যান ধাৰণাক তুলা চালনিৰে চাব ধৰিলে সিমানেই হিতে বিপৰীত হোৱা দেখা দিলে ৷ আৰু লাহে লাহে তেওঁ লোকে ভাবিবলৈ আৰম্ভ কৰিলে …. কি ৰাজনীতি ..কি ধৰ্ম নীতি, কি সমাজ নীতি কি অৰ্থ নীতি সকলোতে “we r all in all”
আৰু আমদানি হল এটা শব্দ “যুৱ উশৃংখলতা”। বিশ্বায়নৰ নামত উশৃংখলতাই চুড়ান্ত ৰূপ পালে ৷ ভালতকৈ বেয়া খিনি আগতীয়াকৈ আহৰণ কৰিলে ৷ পশ্চিমীয়া দেশৰ কৰ্ম সংস্কৃতিতকৈ ভোগৰ সংস্কৃতি বেছিকৈ লবলৈ ধৰিলে ৷ জীৱনৰ গতি কোবাল হল ৷ উন্নতিৰ জখলাত মানুহ যিমানেই ওপৰলৈ উঠিব ধৰিলে সিমানেই তলৰ খিনি চকুত নপৰা হল। সাধাৰণ যেন লগা মানুহ খিনিক মানুহ যেন নলগা হল৷কাকতে পত্ৰই বহু লেখা ওলাইছে ৷ বিভিন্ন জনে পৰামৰ্শ আগবঢ়াইছে ৷ কিন্তু কোনেও ৰিক্স(দায়িত্ব) লব বিচৰা নাই ৷ অৰ্থাত নিজৰ ঘৰখন কোনেও ভাল কৰিব বিচৰা নাই ৷ পিতৃ মাতৃয়ে নিজৰ লৰা ছোৱালীক শাসন নকৰে কিন্তু ভাল প্ৰৱন্ধ লিখে ৷ বক্তৃতা দিয়ে ৷ দামী বাইক মবাইল কিনি দিয়াতো এক প্ৰকাৰৰ social status(সামাজিক মৰ্য্যাদা) ৷ উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নাম ভৰ্তি কৰাই সন্তানে কি পঢ়িছে তাৰ খবৰ নথকা একশ্ৰেণীৰ অভিভাৱকে ইঞ্জিনীয়াৰ ডাক্টৰ বনোৱাৰ সপোন দেখি সন্তানৰ কাম কাজ বোৰত চকুমুদা কুলিৰ ভাও দিছে ৷ যুৱ চামক উশৃংখল কৰাত এই যুৱক যুৱতী সকলেই আগ ভাগ লৈছে৷
এতিয়া পঞ্চ ‘ম’ ৰ যুগ-
১) মবাইল ২) মটৰ চাইকেল ৩) মদ ৪)মাংস আৰু ৫) মহিলা।
আমাৰ যুৱ সমাজ উশৃংখল হোৱাৰ মুল কাৰণ এই কেইটাই৷ আমি যদি প্ৰতি জনে নিজে সংযত হওঁ নিশ্চয় আমি সমাজ খনক পুনৰ এখন মানুহৰ সমাজ কৰি গঢ়ি তুলিব পাৰিম।
এইটো আমাৰ বিশ্বাস।
আমাৰ আশা।
আমাৰ প্ৰত্যাশা।
প্ৰতিজন যুৱক যুৱতীয়েই নিজকে শৃংখলিত কৰাৰ এটা পণ লব নোৱাৰোনে বাৰু ?




সাম্প্ৰতিক সময়ৰ ৰাজনীতি আৰু ৰাজনৈতিক নেতা- এক পর্য্যালোচনা (জ্যোতি জিয়াম কলিতা)

ৰাজনীতিৰ প্ৰতি ঘৃণা প্ৰকাশ কৰিবলৈ এটা উক্তি প্ৰায়ে লোৱা দেখা যায়। উক্তিটো হৈছে - দগাবাজসকলৰ শেষ আশ্ৰয় হ'ল ৰাজনীতি। আচলতে উক্তিটোক ঠিক এনেকুৱা ধৰণৰ নাছিলে, এইটো এটা মাথো অ
ফুৰন্ত বাক্য। ডঃ ছেমুৱেল জনছনৰ মুখৰ পৰা ওলোৱা উক্তিটো আছিল- দগাবাজসকলৰ শেষ আশ্ৰয় দেশপ্ৰেম। কোনো কোনো লোকে প্ৰয়োজন মতে দেশপ্ৰেমৰ ঠাইত বহুৱালে ৰাজনীতি।
মানৱ মুক্তিৰ অন্তহীন সংগ্ৰামত ৰাজনীতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা মানুহৰ সংখ্যাও একেবাৰে কম নহয়। ৰাজনীতিত দগাবাজ নিশ্চয় আছে, হয়তো সংখ্যাত তেওঁলোক বেছি, কিন্তু ৰাজনীতিত ভাল মানুহ একেবাৰে নাই বুলি কলেওঁ মানি লব পৰা নহয়। দুৰ্ভাগ্যৰ কথা এয়াই যে বৰ্তমান ৰাজনীতিত ভাল মানুহৰ সংখ্যা অতি দ্ৰুত গতিৰে হ্ৰাস পাই আহিছে । এই অশুভ প্ৰৱনতা আৰু কিছুদিন অব্যাহত থাকিলে অচিৰেই এনে এটা দিন আহিব, যত আমি সকলোৱে একমুখে স্বীকাৰ কৰিবলৈ বাধ্য হম, যে ৰাজনীতি হ'ল দগাবাজৰ শেষ আশ্ৰয়স্থল।

দগাবাজসকলৰ বাহিৰে কোনেওঁ ৰাজনীতি কৰিব নোৱাৰে, দুষ্ট আৰু লোভী প্ৰকৃতিৰ মানুহবোৰ ক্ৰমান্বয়ে ৰাজনীতিলৈ আকৃষ্ট হোৱাৰ প্ৰধানতঃ কাৰণ এয়াই যে, ৰাজনীতি বৰ্তমান জনসেৱাৰ মাধ্যম হৈ থকা নাই, ই হৈ পৰিছে ধন ঘটাৰ আটাইতকৈ সহজ উপায় । আন যিকোনো বৃত্তিৰে ধন সম্পতি ঘটিবলৈ হ'লে, হয় আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, নহ'লে যথেষ্ট পৰিমাণৰ মূলধন বিনিয়োগ কৰিব পাৰিব লাগিব ।

চোৰ ডকাইতজাতীয় লোকে অপৰাধৰ পথেৰে ধন ঘটিবলৈ চেষ্টা চলায়, কিন্তু ই বিপদ সংকুল পথ, ধৰা পৰিলেই শাস্তি হোৱাৰ আশংকা । গতিকে বৰ্তমান যুগত ৰাজনীতিয়ে এটা একমাত্ৰ বৃত্তি, যাৰ দ্বাৰাই কোনো ধৰণৰ পৰিশ্ৰম নকৰাকৈ আৰু এটা মাত্ৰ টকা বিনিয়োগ নকৰাকৈ ৰইনা লৈ ধন চপাব পৰা যায় । ৰাজনীতি কৰি ধন ঘটিলে ধৰা পৰাৰো ভয় নাই, ধৰা পৰিলে শাস্তিৰো ভয় নাই । ৰাজনৈতিকতাৰ অপব্যৱহাৰ কৰি ধনকুবেৰ হোৱা ৰাজনীতিকেৰে দেশখন ভৰি পৰিছে । সেইসকলৰ কোনোবা এজনে ভালকৈ শাস্তি পোৱা আজিলৈকে দেখা আৰু শুনিবলৈও নাই ।
দুষ্ট মানুহৰ কাৰণে ৰাজনীতি লোভনীয় বৃত্তি হৈ উঠাৰ আৰু এটা ডাঙৰ কাৰণ আছে । সেইটো হৈছে - অন্যান্য অপৰাধ কৰি ধন সম্পতি ঘটা মানুহে ধনী হোৱাৰ সন্তুষ্টি লাভ কৰিলেও সামাজিক মান মৰ্যদা, প্ৰতিপত্তি নাপায় । কিন্তু ৰাজনৈতিকতাৰ গইনা লৈ চুৰি, ডকাইত লুণ্ঠনৰ নিচিনা জঘন্য অপৰাধ কৰি ধন কুবেৰ হৈ পৰা মানুহ বিলাক ধন সম্পতিৰ উপৰি ভোগ কৰিব পায় ঈৰ্শনীয় সামাজিক মান- মৰ্যাদা আৰু প্ৰতিপত্তি ।
আজিৰ আমাৰ ভাৰতবৰ্ষত ৰাজনীতিয়েই হৈ পৰিছে একমাত্ৰ বৃত্তি, যত গুণ্ডা, হত্যাকাৰী, চোৰ, ডকাইত, লুণ্ঠনকাৰীক শাস্তিৰ পৰিৱৰ্তে দিয়ে পুৰস্কাৰ, বটা, ঘৃণাৰ পৰিৱৰ্তে পায় সন্মান । গতিকে একো আচৰিত হবলগীয়া কথা নহয়, সেই কাৰণেই ৰাজনীতিৰ প্ৰতি বেছিকৈ আকৃষ্ট হৈছে বিভিন্ন শ্ৰেণীৰ অপৰাধী আৰু অপৰাধ প্ৰৱণ লোক । এই লোক সকল আকৌ দুই ধৰণৰ আছে, একধৰণ হৈছে- প্ৰায় নঙঠ ফকীৰ হৈ ৰাজনীতিত প্ৰৱেশ কৰা । এই সকলৰ উদ্দেশ্য হল - ৰাজনৈতিকতাৰ অপব্যৱহাৰ কৰি ৰাজহুৱা ধন আত্মসাৎ কৰা । দ্বিতীয় শ্ৰেণীৰ লোকসকল হৈছে - সামাজিক মৰ্যাদা লাভ কৰা আৰু আইনৰ কবলৰ পৰা নিজক বছোৱা, কাৰণ এই লোকসকল আগতেই বহু অপৰাধ কৰি ধনকুবেৰ হৈয়ে থাকে । এই মানুহ বোৰ যদি আমাৰ অসমৰ ৰাজনীতিটো চকু ফুৰাই চাওঁ এটা এটাকৈ জিলিকিয়ে আছে ।
মুঠতে কবলৈ গলে ৰাজনীতিক এতিয়া আংশিকভাবে হলেওঁ নিয়ন্ত্ৰণ কৰে বহু অপৰাধীয়ে । এইখিনিতে এজন পণ্ডিতে কোৱা কথা এষাৰ কওঁ - নৰখাদকে কটা চামুচেৰে নৰমাংস খালেও সি নৰখাদক হৈয়ে থাকিব । একেদৰে চোৰ, ডকাইত, অপৰাধী প্ৰৱণ লোক সকলেও মন্ত্ৰী, বিধায়ক, সাংসদ আৰু বিষয়াৰ সাজপাৰ পিন্ধিলেও তেওঁলোক অপৰাধী হৈয়ে থাকিব । কিন্তু বৰ্তমান সময়ত এই অপৰাধীসকলৰ কবলৰ পৰা ৰাজনীতিক মুক্ত কৰাটোৱেই হ'ল দেশখনৰ তথা জনসমাজৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।

No comments:

Post a Comment