Tuesday, March 19, 2013

পুখুৰী পাৰত ফটো উঠি ভালপোৱা ছোৱালীজনী (বিদ্যুৎ বিকাশ)

(এক)
পুখুৰী পাৰত ফটো উঠি ভালপোৱা ছোৱালীজনী
মোৰ প্ৰেয়সী নেকি ?

হাতেৰে মুখ ঢাকি ফুলে হাঁহি
যাহ নহয়...

নহোৱাকৈ
পুখুৰী পাৰৰ ফটোত অকল তুমি (?)

(দুই)
এটা মৃত শব্দ
ঢৌ হয় মেটেকা হালধীয়াত
ধুই নিবলৈ
সপোনৰ শেষৰ চকুপানী।

ক্ৰমশঃ এজাক আপদীয়া বৰষুণ
তিয়াই পেলাবলৈ প্ৰেমিক হৃদয়।

No comments:

Post a Comment