Tuesday, March 19, 2013

প্ৰেম (অৰুপ কুমাৰ দাস)

কেতিয়াবা
তেওঁলোক বহি থাকে/
শুকান পাত বোৰৰ মাজত/
মর্মৰিয়া গোন্ধ এটাৰ লগত/
অথচ কথা পাতে/ সেউজীয়া সপোনৰ/

কেতিয়াবা/
তেওঁলোক উৰি ফুৰে/
ৰুক্ষ বতাহ জাকত/
অথচ বুকুত সানে এটা/ জীপাল অনুভব/

কেতিয়াবা/
তেওঁলোক নামি যায়/
সাগৰৰ নীলাত/
যিমান নামে সিমানে/
খহিপৰে মুঠি মুঠি/
আজলিঁ ভৰা দুখ/
আৰু উঠি অহাৰ পিছত/
দুয়োৰে মুখত বিৰিঙে
বিন্দু বিন্দু সুখৰ জলকণা/

মই আচৰিত হৈ চাই থাকো তেওঁলোকক/
আকাশে মোক কানে কানে কয়/
দুয়ো দুয়োকে ভাল পায় হেনো তেওঁলোকে/

No comments:

Post a Comment