Tuesday, March 19, 2013

নৈপৰীয়া গাভৰু (হিমাংশু চহৰীয়া।)

বালিচৰত দুখবোৰ শুকুৱাই
তাই বহি থাকে।
কপাহীৰ আচলেৰে লুকাই ৰাখে
তাইৰ বিষাদৰ ছবিখন।
পানী যুৱলিত বিৰিঙে
তাইৰ জীৱনৰ প্ৰতিচ্ছবি।
সোতে খুন্দিয়ায় যায়
তাইৰ কোমল কলাফুল।
ধলে চুই যায় তাইৰ ভৰিৰ পতা।
সুখ তাইৰ বাবে কেৱল মৰিচিকা।
তাইৰ চকুপতাত উজ্বলে
বহু যুগৰ প্ৰতিশোধৰ দাবানল।
কোনো নাৱৰীয়াৰ গুণগুণনিত
কপি উঠে তাইৰ চেচা কলিজা।
মাজে মাজে নৈপৰীয়া শিলছটাত
পিছলি পৰিব খোজে তাইৰ যৌৱন।
ফাগুনৰ পৰশত ৰিক্ত হয়
তাইৰ কুমলীয়া মন।
বহাগত কুলিৰ মাতত
উত্ৰাৱল হয় তাইৰ দেহ।
তাইৰ দেহত লুকাই থাকে
ভদ্ৰতাৰ কলংকিত মুখা।
তাইৰ জীৱন আকাশত এতিয়া
ঘোৰ অমাৱশ্যা।
এমুঠি জোনাকৰ অপেক্ষাত
তাই বহি থাকে শুকান বালিচৰত।
নৈপৰীয়া গাভৰু তাই।

No comments:

Post a Comment