সৃষ্টিৰ বাবেই
জন্ম তোমাৰ..
তোমাৰ জীৱন
নদীৰ দৰেই,
নাথাকে কোনো
নিজস্ব ঠিকনা...
জন্ম হৈয়েই
তুমি গা-ধোৱা
মমতাৰ নৈত..
অলপ বুজন
হোৱাৰ পিছতে
তোমাক বুজাই
দিয়া হয় -
তুমি পুৰুষতকৈ পৃথক
পুৰুষৰ শক্তি
তোমাৰ নাই..
তোমাৰ দেহৰ
সুবাস পাই,
হৃদয়ৰ দুৱাৰ
খুলি ভিতৰলৈ
যাব খোজে
কোনোবা আগন্তুক..
গুটিমালতী
ফুলৰ দৰে
লহপহকৈ বাঢ়ে
তোমাৰ যৌৱন,
আৰু তেতিয়াই
বাৰীত ৰোৱা হয়
হালধি গছৰ পুলি...
মাথো এটা
উষ্ণ কামুক নিশা-
শেষ হৈ যায়
তোমাৰ কৌমাৰ্য..
এজনৰ পত্নী
হোৱাৰ পিছতে
দৰ-দাম হয়
তোমাৰ অনুভূতিৰ..
নিমিষতে নিৰ্বাসিত
হ'ব পাৰে
প্ৰত্যয়ৰ দিনলিপি !
তুমি হ'ব পাৰা
ভগ্নী-দুহিতা
পত্নী-মাতৃ...
ধাৰণ কৰাৰ থাকে
সৰ্বোচ্চ ক্ষমতা !
আজন্ম বগোৱা তুমি
ৰহস্যৰ দেৱালত
ৰুব পাৰা সহজতে
সন্দেহৰ বীজোঁ..
হ'ব পাৰা
পুৰুষৰ ভোকৰ
সুস্বাদু আহাৰ, বা
পণ্য বিজ্ঞাপনৰ..
হ'ব পাৰা বীৰাংগনা
অথবা বেশ্যাও..
তোমাক দেখিলেই
উন্মাদ হয়
ভাদমহীয়া
মতা কুকুৰ !
খন্তেকতে সলনি
হ'ব পাৰে
তোমাৰ ৰুপ !
কেতিয়াবা
মমতাৰে সিক্ত
যদি কেতিয়াবা
ৰুক্ষ ৰণচন্ডী...!
যাহওঁক,
তুমি নাৰী..
তুমি মহিমাময়ী
তুমি গৰিয়সী
তুমি জগত-জননী
তুমি অদ্ধাকাৰ্শ...
তোমাক সশ্ৰদ্ধ প্ৰণাম !!
জন্ম তোমাৰ..
তোমাৰ জীৱন
নদীৰ দৰেই,
নাথাকে কোনো
নিজস্ব ঠিকনা...
জন্ম হৈয়েই
তুমি গা-ধোৱা
মমতাৰ নৈত..
অলপ বুজন
হোৱাৰ পিছতে
তোমাক বুজাই
দিয়া হয় -
তুমি পুৰুষতকৈ পৃথক
পুৰুষৰ শক্তি
তোমাৰ নাই..
তোমাৰ দেহৰ
সুবাস পাই,
হৃদয়ৰ দুৱাৰ
খুলি ভিতৰলৈ
যাব খোজে
কোনোবা আগন্তুক..
গুটিমালতী
ফুলৰ দৰে
লহপহকৈ বাঢ়ে
তোমাৰ যৌৱন,
আৰু তেতিয়াই
বাৰীত ৰোৱা হয়
হালধি গছৰ পুলি...
মাথো এটা
উষ্ণ কামুক নিশা-
শেষ হৈ যায়
তোমাৰ কৌমাৰ্য..
এজনৰ পত্নী
হোৱাৰ পিছতে
দৰ-দাম হয়
তোমাৰ অনুভূতিৰ..
নিমিষতে নিৰ্বাসিত
হ'ব পাৰে
প্ৰত্যয়ৰ দিনলিপি !
তুমি হ'ব পাৰা
ভগ্নী-দুহিতা
পত্নী-মাতৃ...
ধাৰণ কৰাৰ থাকে
সৰ্বোচ্চ ক্ষমতা !
আজন্ম বগোৱা তুমি
ৰহস্যৰ দেৱালত
ৰুব পাৰা সহজতে
সন্দেহৰ বীজোঁ..
হ'ব পাৰা
পুৰুষৰ ভোকৰ
সুস্বাদু আহাৰ, বা
পণ্য বিজ্ঞাপনৰ..
হ'ব পাৰা বীৰাংগনা
অথবা বেশ্যাও..
তোমাক দেখিলেই
উন্মাদ হয়
ভাদমহীয়া
মতা কুকুৰ !
খন্তেকতে সলনি
হ'ব পাৰে
তোমাৰ ৰুপ !
কেতিয়াবা
মমতাৰে সিক্ত
যদি কেতিয়াবা
ৰুক্ষ ৰণচন্ডী...!
যাহওঁক,
তুমি নাৰী..
তুমি মহিমাময়ী
তুমি গৰিয়সী
তুমি জগত-জননী
তুমি অদ্ধাকাৰ্শ...
তোমাক সশ্ৰদ্ধ প্ৰণাম !!
No comments:
Post a Comment