ক্ষন্তেক ৰৈ যোৱানা
তোমাৰ হাতত তুলি দিম
এই অস্থিৰ সময়কণ
অনাথ শব্দবোৰেও দৰ্জা খুলি ফুটপাথতেই শুই পৰিছে
মনৰ বেডৰুমত অপৰিপাটি মেঘৰ দৰেই
আদিমতা, এটি নিঃশ্বাস আৰু কিছু কম্পন
লোডশ্বেডিঙৰ কোনো বিশ্বাস নাই
বিৰক্ত দি গুচি যায়
ৰোমাণ্টিক হ'লেও বাধা হৈ থিয় দিয়ে জানা
বাৰু, তুমি মোৰ বিশ্বাসী ৰঙা গোলাপ পাহি নে বিহফুল?
সেই যে তুমি গধূলি গোপন ডায়েৰীত
লিখিছিলা 'মৃত্যু'ৰ কবিতা
পৰিৱৰ্তন হৈছেনে 'জীৱন'ৰ অন্তঃস্ৰোতা নদীলৈ
শুনা পাইছোঁ জানা দেৱাল ভঙাৰ শব্দ
দেৱাল ভঙাৰ ক্ৰন্দন শুনোঁ, আনন্দৰ...
চেলফোন, টেলিভিচন, ফেচবুক
সম্ভাষণ, অভিনন্দন, কুশল-মংগল
উমমম...
তুমি আহিলেই, তুমি হাঁহিলেই
মন কিয় জানো বিচলিত হৈ পৰে
মোৰ চকু-মুখত তোমাৰ খোলা চুলিৰ সুবাস
জাগি আছোঁ বহুদিন
আমৃত্যু জাগি আছোঁ অগ্নিপিণ্ডৰ ভিতৰত
জীৱনৰ সপোনবোৰৰ বাবেই....
ভাঙো আহাঁ দেৱালবোৰ.... তোমাৰ-মোৰ....
তোমাৰ হাতত তুলি দিম
এই অস্থিৰ সময়কণ
অনাথ শব্দবোৰেও দৰ্জা খুলি ফুটপাথতেই শুই পৰিছে
মনৰ বেডৰুমত অপৰিপাটি মেঘৰ দৰেই
আদিমতা, এটি নিঃশ্বাস আৰু কিছু কম্পন
লোডশ্বেডিঙৰ কোনো বিশ্বাস নাই
বিৰক্ত দি গুচি যায়
ৰোমাণ্টিক হ'লেও বাধা হৈ থিয় দিয়ে জানা
বাৰু, তুমি মোৰ বিশ্বাসী ৰঙা গোলাপ পাহি নে বিহফুল?
সেই যে তুমি গধূলি গোপন ডায়েৰীত
লিখিছিলা 'মৃত্যু'ৰ কবিতা
পৰিৱৰ্তন হৈছেনে 'জীৱন'ৰ অন্তঃস্ৰোতা নদীলৈ
শুনা পাইছোঁ জানা দেৱাল ভঙাৰ শব্দ
দেৱাল ভঙাৰ ক্ৰন্দন শুনোঁ, আনন্দৰ...
চেলফোন, টেলিভিচন, ফেচবুক
সম্ভাষণ, অভিনন্দন, কুশল-মংগল
উমমম...
তুমি আহিলেই, তুমি হাঁহিলেই
মন কিয় জানো বিচলিত হৈ পৰে
মোৰ চকু-মুখত তোমাৰ খোলা চুলিৰ সুবাস
জাগি আছোঁ বহুদিন
আমৃত্যু জাগি আছোঁ অগ্নিপিণ্ডৰ ভিতৰত
জীৱনৰ সপোনবোৰৰ বাবেই....
ভাঙো আহাঁ দেৱালবোৰ.... তোমাৰ-মোৰ....
No comments:
Post a Comment