Tuesday, March 19, 2013

কলিজাত তেজ থকালৈকে ভাল পাম তোমাক (শীর্ষ জ্যোতি বৰা )

কলিজাত তেজ থকালৈকে
ভাল পাম তোমাক
কলিজাত তেজ থকালৈকে লিখিম
প্ৰেমৰ ডায়েৰীত কেৱল তোমাৰ নাম
কলিজাৰ পাতে পাতে তোমাৰ নামেৰে আঁকিম
ভালপোৱাৰ অলেখ চিত্ৰাংকন
হাই!
তোমাক বাৰু পামনে কাষত কেতিয়াবা
পামনে তোমাৰ এবুকু মৰমত সাঁতুৰি সাঁতুৰি
ভাগৰুৱা কৰিবলৈমোৰ দেহ মন আতমা
তোমাৰ মৰম নাপালেওঁ
জু লবলৈ নাপামনে
তোমাৰ নামৰ আশাৰ জোনাক
নাই! তোমাৰ বাদে মোৰ একো নাই
তুমিয়েই মই কেৱল তুমিয়েই মই
তোমাক মই ভাল পাঁও
কেৱল তোমাক
কলিজাত তেজ থকালৈকে
কলিজাত তেজ থকালৈকে
ভাল পাম তোমাক

No comments:

Post a Comment