নাৰী,
বেদ উপনিষদৰ দিনৰে পৰা আজিলৈকে এটা বৰ জঁট লগা শব্দ । নাৰী অর্ধ আকাশ।
হিন্দু শাস্ত্ৰত প্রচলিত এক কাহিনী অনুসৰি স্বয়ং মহাদেৱো বিফল হৈছিল নাৰীৰ
মহিমা বুজাত। আৰু আমিনো কোন কুটা। অৱশ্যে এই চুটি পৰিসৰৰ লিখনিটোত আমাৰ
উদ্দেশ্য নাৰী সমাজৰ কেতবোৰ প্রাসংগিক বিষয় উথাপন কৰাহে।
আজি কিছুদিন আগতে আর্ন্তজাতিক নাৰী দিৱস পাৰ হৈ গ'ল। সভা সমিতি বহুত হৈ গ'ল সজাগতাও হ'ল বহুত। কিন্তু আপোনাৰ মোৰ সমাজ খনত এয়া কিমান প্রযোজ্য ভাৱিছে জানো এবাৰ?
এখন সমাজ তথা সভ্যতাৰ প্রগতিৰ মাপকাঠি প্রকৃতার্থত সেইখন সমাজৰ নাৰী সমাজৰ বিকাশৰ সৈতে জড়িত হৈ থাকে । ভৱিষ্যত প্রজন্মৰ উত্তৰণৰ বিষয়টোও নাৰী সমাজৰ সৈতেই জড়িত । কিন্তু দুখৰ বিষয় এয়ে যে মাজে মাজে কিছুমান নাৰীয়ে নিজৰ কর্তব্য পাহৰি কেৱল সংবিধান প্রদত্ত অধিকাৰ খিনি আদায় কৰাতহে ব্যস্ত হৈ পৰা দেখা যায়।
নাৰীবাদী আইন কিম্বা নাৰীৰ অধিকাৰৰ ওপৰত কোনো তথ্যগধুৰ প্রৱন্ধ লিখাটো মোৰ উদ্দেশ্য নহয় । আপোনাৰ মোৰ সমাজ খনত নিতৌ যিবোৰ দেখিছো সেয়া দৃষ্টি গোচৰ কৰাতোহে মোৰ লক্ষ্য ।আপুনি ভাৱকচোন নাৰী সজাগতা সর্ম্পকীয় এখন সভালৈ যাওঁতে আপুনি আপোনাৰ সন্তানটো যি জনী ছোৱালীৰ হাতত তুলি দি থৈ যায় ।তেওঁ জানো নাৰী নহয়? নাৰী সবলীকৰন আৰু নাৰীৰ সম অধিকাৰ বুলিলে আপুনি কি বুলি ভাবে? ভুল নুবুজিব সমাজ খনত এই নাৰী অধিকাৰৰ গইনা লৈ বহু ভব্য গব্য মানুহক ৰঙা ঘৰৰ ভাত খুওৱা মই দেখিছো । একেদৰে নাৰীৰ এই আছুতীয়া অধিকাৰ কণৰ কৃপাতে বহুত অল্প জ্ঞানী মহিলাই হকে বিহকে ৰিস্কাৱালাৰ পৰা বৰমূৰীয়ালৈকে ফিতাহি মাৰি ফুৰাও দেথিছো । সংবিধানে আমাৰ মাতৃ পত্নী বাই ভনী প্রেমিকা সকলক এই অধিকাৰ দিছে সঁচা কিন্তু এই অধিকাৰৰ সৎ প্রয়োগ কৰাতো জানো আমাৰ কর্তব্য নহয় । কোনোবা এটা সংগঠনৰ আগত সুৰক্ষা কৱচ হৈ থিয় দিয়াতকৈ আহকচোন আমাৰ গাওঁবোৰত সোমাই চাওক য'ত অজিও চলি আছে এষাৰ কথা 'লাও সদায় পাতৰ তলত'। যিবোৰ জীয়ৰী বোৱাৰী নির্যাতনৰ বলী হৈ মৃত্যুক সাবতি লৈছে তাত আপোনালোকে সজাগতা আৰম্ভ কৰিছে ঠিকেই কিন্তু আমাৰ গাওঁবোৰত এনে বহু নাৰী আছে যিয়ে প্রতি দিনেই মৰি মৰি জীয়াই আছে ।সংবিধানে দিয়া নাৰীৰ অধিকাৰ সমূহৰ গইনা লৈ সুবিধাবাদী মনোবৃত্তি লোৱাতকৈ মই ভাবো এওঁলোকৰ বাবে ভাবিলেহে নাৰী দিৱস সফল হব ।
এইবাৰ আহো নাৰী আৰু যৌন অতিশর্য্যাৰ বিষয়ত ।সমাজখন যিহেতু পুৰুষ প্রধান গতিকে এইক্ষেত্রত আমি পুৰুষ সকলো নিশ্চয় দায়ী ।কিন্তু নাৰী সমাজো নিশ্চয় এই দোষৰ পৰা মুক্ত নহয় । আপুনি বাটে পথে লক্ষ্য কৰক দেখিব কিছুমান স্বল্পবসনা আধুনিকা নাৰী আপোনাৰ সন্মূখেদি খোজত লহৰ তুলি পাৰ হৈ গৈছে । মই মহাপুৰষ সকলৰ কথা কোৱা নাই কিন্তু আমাৰ দৰে মোহাসক্ত সাধাৰণ চামৰ বাবে এই আবেদন অগ্রাহ্য কৰাটো কঠিন। সংবিধানে আমাক নিৰাপত্তা দিছে, সম অধীকাৰ দিছে সঁচা কিন্তু সংবিধানে ঢুকি নোপোৱা এনে বহু বিষয় থাকে যিবোৰ প্রকৃত অর্থত আৱেগ সর্বস্ব ।
এজন লিখকৰ নিৱন্ধ এটিত পঢ়িছিলো একবিংশ শতিকাৰ প্রথম দশকতো ভাৰতীয় নাৰীৰ বাবে আর্শীবাদ স্বৰুপ । হয় কথাষাৰ সঁচা কিন্তু নাৰী সমাজ যিমানেই বিশ্ব মুখী হৈছে অপৰাধ ডায়েৰীত সিমানেই বাঢ়ি গৈছে ধর্ষন,বোৱাৰী নির্য্যাতন কিম্বা নাৰীৰ অবৈধ বেহা। মই কব বিচৰা নাই আপোনালোক ৰন্ধ্রনশালাতে সোমাই থাকক । ওলাই আহিব লাগিব নাৰীসমাজ। আপোনালোক যিমানেই আগবাঢ়িব, যিমানেই শিক্ষিত হব সিমানেই প্রগতিৰ দিশে আগুৱাব আমাৰ নৱপ্রজন্ম ।
চুটি পৰিসৰৰ লিখনিটোত বহুত বিষয়ে বাদ পৰি ৰ'ল ।সমাজখনত যি দেখিছো এয়া মাথো তাৰ চিত্ৰনহে । শেষতহে মাতৃ ভগ্নী পত্নী জীয়ৰী বোৱাৰী কিম্বা প্রেমিকা ৰুপী নাৰী সমাজ আপোনালোকে কথাবোৰ ধনাত্মক দিশত ভাবক । কোনোবা সংগঠনে উলিওৱা সমদলৰ আগত ৰক্ষা কৱচ হিচাপে থিয় দি নাথাকি আপোনাৰ আশে পাশে থকা বোৱাৰী জনীৰ নির্য্যাতনৰ বিৰুদ্ধে থিয় দিয়ক । স্বল্প বস্ত্র পিন্ধা অহৈতুত প্রতিযোগিতা সামৰি এখন সমাজ তথা সংস্কৃতিক প্রতিনিধিত্ব কৰক । এখন সমাজৰ প্রকৃত খনিকৰ কিন্তু আপোনালোক, পাহৰি নাযাব ।
যুজিবলৈ আপোনালোক অকলশৰীয়া নহয়। আপোনালোকৰ সৈতে সংবিধান আছে, আইন আছে, প্রশাসন আছে। কিন্তু ইয়াক যোগ্য ব্যৱহাৰ কৰাতো আপোনালোকৰ কর্তব্য ।
(বি: দ্র: - লিখাটোৱে বিতর্ক মাতি অনাতো আমাৰ উদ্দেশ্য নহয় সমাজৰ প্রগতিৰ ভাওঁনা ঘৰত চোঁ-ঘৰৰ কোনোবা চুকত অগোচৰে যিখিনি নির্মম সত্য লুকাই থাকে তাক পোহৰলৈ অনাটোহে আমাৰ উদ্দেশ্য।)

No comments:
Post a Comment