Tuesday, March 19, 2013

"দ্য বাৰ্থ অৱ এ মংক.......... এজন ভিক্ষুৰ জন্ম" (বুলন কুমাৰ শইকীয়া)

মোৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সময়ক লৈ ৰচিত ধাৰাবাহিক আত্মকথা- 


( ১ )
সদায় দেখি আহিছোঁ এই চিনাকী নৈখন|
বুঢ়ীদিহিঙ | এইখিনি সময়ত বুঢ়ীদিহিঙ নিস্তেজপ্ৰায় | তথাপিও গভীৰতা আছে | এই গভীৰতাত এনে লাগে যেন বিষাধবোধ সোমাই আছে যুগান্তৰৰ | নৈ খনৰ য’তেই পানীৰ অকম্পিত ভাণ্ডাৰ আছে তালৈ চাই পঠিয়ালে সহজেই লক্ষ্য কৰিব পাৰি হীম শীতল সেউজীয়া ৰঙ | প্ৰগাঢ় এই সেউজীয়া ৰঙক কাৰ সৈতে ৰিজাব পাৰি ? ধূলিৰে পোত যাব খোজা কলপাতৰ বৰণ ! হ’ব পাৰে .. এই মুহূৰ্তত মোৰ , তাৰ বাদে অন্য সাদৃশ্যৰ কথা মনলৈ অহা নাই |
নৈৰ পাৰত আটোম টোকাৰিকৈ সাজি থোৱা বাঁহৰ চাঙখনত মই অলস সময় পাৰ কৰিছোঁ | চাঙখনে মোৰ সমস্ত ভৰ কঢিয়াই মাজে মাজে কেৰমেৰাই ঊঠিছে | আৰু প্ৰায় বিষণ্ণ যেন লগা সেই ৰাতিপুৱাটোত মই চাঙখনত হেলান দি চাই পঠিয়াছোঁ বিশাল আকাশৰ ৰূপটো | মাঘৰ আকাশ , তথাপিও নিৰ্মেঘ | মোৰ সোঁকাষে নদীৰ পাৰে পাৰে সেই তাহিনিৰ পৰা পৰি থকা লুঙলুঙীয়া পথটোত ব্যাপ্ত হৈ থকা নিশাৰ নিঁয়ৰ এতিয়াও সজীৱ হৈ আছে | বাওঁফালে নদীৰ বুকুৰ পৰা ঈষত কোৰ্হাল মাজে মাজে ভাঁহি আহিছে |
গা ধুই থকা ইয়াই ধমক লগাইছে নদীৰ পানীত বিপদজনকভাৱে খেলিবলৈ আৰম্ভ কৰা কুমলীয়া নাতি - নাতিনীক | আইতাকৰ ধমক শুনি সিহঁত উছল হৈ পৰিছে | সেয়াই কোৰ্হাল | মই নদীখনৰ আগৰ ৰূপটো কল্পনা কৰি চালোঁ | এসময়ত এই গাঁওখনৰ প্ৰতি ভাবুকি হৈ পৰিছিল বুঢ়ীদিহিঙৰ ব্যাপক খহনীয়া | শিলৰ স্পাৰেৰে তাক বাধা দিয়াৰ পাছত এইটো স্থানৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ মান নামনিত পুনৰ খহনীয়াই সংহাৰী ৰূপ লৈছে | নৈ খনৰ এনে সংহাৰী চৰিত্ৰৰ বাবে অৱশ্যে প্ৰকৃতি সিমান দায়ী নহয় , যিমান দায়ী আমি নিজে | সেয়াও অন্য প্ৰসংগ |
মই হিচাপ কৰি চালোঁ ... এই নৈখনৰ সৈতে মোৰ সম্পৰ্কৰ গভীৰতা কিমান দিনৰ !
ভাল পাওঁ , এই নৈখনক মই খুবেই ভাল পাঁও | অৰুণাচলৰ লোহিত উপত্যকাৰ স্ৰোতস্বীনি নদিহিঙৰ দৰে চঞ্চল ৰূপ মোৰ প্ৰিয় বুঢ়ীদিহিঙৰ নাই | এইখন দিহিঙ বুঢ়ী হৈ গৈছে , ইয়া হৈ গৈছে | ইয়া অৰ্থাত টাইফাকে ভাষাত বয়সীয়াল মহিলা বা আইতা |

বুঢ়ীদিহিঙৰ পাৰত টাইমূলীয় ফাকেয়াল লোকসকলে বসবাস কৰা ১৬২টা বছৰ পাৰ হৈ গৈছে | ইতিহাসৰ জ্ঞান নথকাৰ বাবেই বহুতেই ফাকেয়াল লোকসকল মানৰ অসম আক্ৰমণৰ সময়ত অসমীয়াক আক্ৰমণ কৰিবলৈ আহি থাকি যোৱা মান সেনাৰ বংশধৰ বুলি ভাৱে | আচলতে ফাকেয়াল সকলো মানৰ অত্যাচাৰৰ বাবেহে মানদেশ অৰ্থাত ব্ৰহ্মদেশৰ পৰা পলাই আহিবলগীয়া হৈছিল | টাইফাকেয়াল ভাষাত ফা মানে প্ৰাচীন আৰু কে মানে শিল , অৰ্থাত প্ৰাচীন শিলৰ পাহাৰৰ দাঁতিত বসতি কৰা লোক | এওঁলোক আহিছিল ব্ৰহ্মদেশৰ হোকং উপত্যকাৰ পৰা | অসমত প্ৰৱেশ কৰা পথো আছিল একেই | সেই চ্যুকাফাই যি বাটেৰে এদিন অসমৰ চিৰশ্যামলা মাটিত প্ৰৱেশ কৰিছিল | অসমৰ মাথো দুখন জিলাত টাই ফাকেয়াল লোকসকলৰ বসতি আছে | ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা | আনহাতে ডিব্ৰুগড় জিলাৰ নাহৰকটিয়াত থকা টিপাম ফাকেয়াল আৰু নাম ফাকেয়ালেই হৈছে ফাকেয়াল লোকৰ বসতিপূৰ্ণ ডিব্ৰুগড় জিলাত থকা গাঁও দুখন |
আৰু মোৰ অনুভৱত বিষণ্ণ হৈ থকা এই ৰাতিপুৱাটোত নিৰ্মেঘ আকাশ চাই নিজকে পাহৰি যোৱাৰ চেষ্টা কৰিছো নাম ফাকেয়ালত | নদীৰ পাৰৰ বাঁহৰ চাঙখনে তেতিয়াও বহন কৰি আছে মোৰ দেহৰ ভৰ |
অদূৰত বৌদ্ধবিহাৰটো | পুৱাৰ ঘন্টা ধ্বনি ভাঁহি আহিছে মঠৰ প্ৰাংগণৰ পৰা | মঠটোত আছে এগাল মান কুকুৰ | ঘন্টা ধ্বনিৰ লগে লগে ৰাউচি জুৰে সিহঁত মখাই | ধাতৱীয় ঘন্টা ধ্বনিৰ ডেছিবেলত হয়তো আতংকিত হৈ ঊঠে সিহঁত | মনতে ভাবিলোঁ | না : না : ... মোৰ ভুল হৈছে ... ইয়াত অন্তত : ইয়াত কোনো আতংকিত হ ’ ব নোৱাৰে ... শান্তি আৰু অহিংসাৰ বাণী অহৰহ ঊদযাপিত হৈ থকা বৌদ্ধ মঠটোতেই নহয় , সমগ্ৰ নামফাকেয়াল গাঁওখনতেই কোনো আতংকিত হ’বলগীয়াত নপৰে |

মই নিজেইতো আজৰি সময় পালেই লৱৰি আহোঁ এইখন গাঁওলৈ ... এইটো বৌদ্ধমঠলৈ , মঠৰ পুৰোহিতজনৰ ওচৰলৈ যাক ৰাইজে ভান্টে বুলি সম্বোধন কৰে | কিহৰ বাবে আহোঁ ? অলপমান শান্তিৰ বাবে নহয় জানো ? হয় হয় শান্তি | প্ৰাত্যহিক জীৱনৰ দোমোজাত যেতিয়া অলপমান নীৰৱতাৰ প্ৰয়োজন বোধকৰোঁ তেতিয়া মোৰ একমাত্ৰ গন্তব্যস্থান হৈ পৰে এই নাম ফাকেয়াল | ইয়াত বিৰাজ কৰা মায়াময় শান্তিৰ পৰিৱেশ , মই দৃঢ়তাৰে ক’ব পাৰো এতিয়ালৈকে যিবিলাক ঠাই মই দেখিছোঁ তাৰ কতোৱেই অনুভৱ কৰিব পৰা নাই |
জীৱনক কি লাগে তাৰ বাখ্যা দাঙি ধৰিবলৈ মই হয়তো এতিয়াও পৰিপক্ক হৈ উঠা নাই | কাৰণ আৱেগ অনুভূতিক বিসৰ্জন দিব পৰাকৈ মই অন্তত : এতিয়াও প্ৰস্তুত নহয় | কিন্তু মোৰ এইছোৱা জীৱনৰ পৰিক্ৰমাই মোক শিকাইছে মোক জীয়াই থাকিবলৈ সকলো প্ৰাপ্তিৰ পাছতো কিন্তু অনাবিল শান্তি লাগিবই | কি সেই শান্তিৰ স্বৰূপ ? নাই তাৰো বাখ্যা মোৰ হাতত নাই | মাথো অনুভৱ কৰো নামফাকেলৈ আহিলে মই প্ৰাণোচ্ছ্ল হৈ উঠো , পাহৰি যাঁও দুখ - ভাগৰ | হৃদয় পৰশি যায় সৰলতাৰ প্ৰতিভূ স্বৰূপ গাঁওৰ মানুহ বিলাকৰ সদালাপী আচৰণত , বৌদ্ধবিহাৰৰ পৱিত্ৰ মন্ত্ৰোচ্ছাৰণত | নীৰৱতাত , প্ৰশান্তিৰ ছাঁয়াত | নাম ফাকেয়াললৈ অহা মানে প্ৰতিবাৰেই মই জীৱনৰ সঞ্জীৱনী সুধা লাভ কৰা |
মন্দিৰৰ ঘন্টা ধ্বনি শুনি মই আজি নতুনকৈ আৱিস্কাৰ কৰিলোঁ কিয় বুঢ়ীদিহিঙ মোৰ ইমান আপোন ? হয় ... এদিন এই নৈখনেই মোক নতুন জীৱন এটা দিছিল | কি আছিল সেইদিনটো ..? স্কুলৰ বিদায় সভা ? স্বৰস্বতী পূজা ? .. বহুদিন পাৰহৈ গৈছে , নাই মই ঠিক মনত পেলাব পৰা নাই | দশম মানত পঢ়ি আছিলোঁ মই | মনত আছে মাথো সেই দিনা মৃত্যু চেতনা এটাই সৰ্বগ্ৰাস কৰি তুলিছিল মোক | নদীত জাহ দিম বুলি মই সেইদিনা শেষ ক্ষণকেইটা গণিছোঁ এইখন নদীৰ পাৰতেই | বুঢ়ীদিহিঙৰো হয়তো ইচ্ছা নাছিল মোক গ্ৰহণ কৰাৰ | মাথো কেইটামান ক্ষণ ... মাথো কেইটামান ক্ষণ ... মোক সৰ্বগ্ৰাস কৰি তুলিছে মৃত্যু চেতনাই | কিন্তু ঠিক সেইখিনি সময়তে মোক পাছফালৰ পৰা জপটিয়াই ধৰিলে পোনতে বিমলে | বিমল সিং , মোৰ সহপাঠি আছিল , মণিপুৰী ল’ৰা | তাক দহবছৰ মান আগেয়ে শেষবাৰৰ বাবে লগ পাইছিলো | ট্ৰাক
চলাইছিল | মদৰ আসক্তিয়ে তাক গ্ৰাস কৰিলে আৰু এদিন খবৰ আহিছিল বৰাকৰ কৰবাত সি এক্সিডেন্ট কৰি মৰিছে | বিমলৰ লগত আহিছিল ৰাজেশ , পিন্টু , গৌতম , জিন্টু আৰু কেবাটাও | গৌতমে গৰগৰাই উঠিছিল স্কুলৰ প্ৰগামটো মোৰ কাণ্ড কাৰখানাই বৰবাদ কৰি দিলে বুলি | সি কৈছিল , কেনেকৈ মই এৰি অহা মৃত্যুক বিচাৰি যোৱা চিঠিখন ঘৰত দৃষ্টি গোছৰ হৈছিল , কেনেকৈ মায়ে কন্দাকটা কৰি স্কুল পাইছিল , কেনেকৈ তলৰ ক্লাছত পঢ়া এজনী ছোৱালীয়ে নাম ফাকেয়ালত নদীৰ ফালে মোকগৈ থকা দেখাৰ কথা সদৰী কৰিছিল সেই সকলোবোৰ এটা এটাকৈ |
মোক মৃত্যু চেতনাই গ্ৰাস কৰা সেই অধ্যায়ৰ নেপথ্য মই ইয়াত বখানিবলৈ নাযাঁও | মোক সেই কঠিন পৰিস্থিতিৰ পৰা আজুৰি অনা লগৰীয়া বিলাকৰ কথাও ইয়াত কোৱাৰ থল নাই | কিন্তু আজি ভাৱ হয় , বুঢ়ীদিহিঙে গ্ৰহণ কৰাত অপাৰগ হোৱাৰ বাবেই যেন মই জীয়াই থাকিলোঁ | অৱশ্যে এইটো কথাও ঠিক যে তাৰপাছতো কেবাবাৰো মৃত্যুৰ মুখৰ পৰা মই বাছি আহিছোঁ | সেইবোৰৰ প্ৰতিটোৱেই একোটা সুকীয়া কাহিনী | কিন্তু দশম শ্ৰেণীত পঢ়ি থাকোতে ভাৰাক্ৰান্ত কৰা সেই মৃত্যু চেতনাটোৰ কথা মই আজিও ভাবি উলিয়াব পৰা নাই | কিন্তু সেই ঘটনাটোৰ কিজানি বা এটা বছৰমান ভিতৰতেই মই ফণীন্দ্ৰ দেৱ চৌধুৰীৰৰ এখন উপন্যাসতো ঠিক তেনে এটা অনুৰূপ ঘটনা পঢিবলৈ পাইছিলো | সেইটো চৌধুৰীদেৱৰ নিজৰ জীৱনৰ নে কি নাজানোঁ , কিন্তু প্ৰথম কলমত উপন্যাসখন লিখাৰ বাবে মই তেতিয়া ধৰি লৈছিলোঁ সেইটো যেন জনপ্ৰিয় উপন্যাসিক গৰাকীৰ জীৱনত ঘটি যোৱা এটা ঘটনা | " বুধবাৰ " নামৰ সাপ্তাহিকখনে বিহুসংখ্যা হিচাপে প্ৰকাশ কৰা আলোচনীত প্ৰকাশ পাইছিল সেই উপন্যাস | উপন্যাসত বৰ্ণিত আছে কি দৰে কৈশোৰ যৌৱনৰ সন্ধিক্ষণত থকা এজন লৰাই নদীত সেই একেই মৃত্যু চেতনাত পিষ্ট হৈ জাহ দিবলৈ ৰৈ আছিল | উপন্যাসৰ পটভূমিত ল'ৰাজন বাছি যায় জীৱনক বিছাৰি পোৱাৰ তাড়নাত | কিন্তু মোৰ ক্ষেত্ৰত বাছি যোৱাৰ কথাখিনি হৈ পৰিল তেনেই সুকীয়া | সেইদিনা মোক মৰিবলৈ নিদিলে লগৰ লৰাবোৰে ... বুঢ়ীদিহিঙখনে ...| এটা জীৱনবোধো মোৰ কিন্তু সেইদিনাই গঢ়লৈ নুঠিল | মই কিয় মৰিবলৈ গৈছিলোঁ ? বহুদিনৰ মূৰত সুধিছিল হাছিনাই | হাছিনা বেগম , তায়ো আমাৰ লগৰ ছোৱালী আছিল | হাছিনাক উত্তৰ দিওঁ নিদিওঁ ভাবি থাকোতেই তাইৰ মুখৰ কথা এটা শুনি সেইদিনা মই গিৰ্জনি মাৰি হাঁহি লৈছিলোঁ | তাই কৈছিল , মোৰ মৰণ যাত্ৰাৰ পৰ্ব শুনি ছোৱালীবিলাকৰ মাজত কন্দা কটা হৈ স্কুলৰ পৰিস্থিতি সেইদিনা বিষম হৈছিল | আস , মই তাৰমানে ছোৱালীবিলাকৰ মাজত জনপ্ৰিয় আছিলোঁ ? হাছিনাক ৰগৰ কৰি সুধিছিলোঁ ? তায়ো সেই একেই , মুখখন পেন্দোৱাকৈ চাই মোক গালি পাৰিছিল ... নহয় তুমিযে পাগলামি কৰি স্কুলৰ অনুষ্ঠানটো বৰবাদ কৰিছিলা সেইবাবে |

স্মৃতিয়ে মেল খাই পৰিছে এই ৰাতিপুৱাটোত | বহুকথা , বহুপ্ৰশ্ন | বহু সোঁৱৰণ | কিন্তু মই এতিয়ালৈকে ঠাৱৰ কৰি লৈছোঁ মোৰ জীৱনটোত এতিয়া সবাতোকৈ প্ৰয়োজন প্ৰগাঢ় শান্তিৰ !

বাঁহৰ চাঙখনৰ দাঁতিয়েদি ব্যাপ্ত হৈ থকা লুঙলুঙীয়া পথেদি সেইসময়ত পাৰ হৈ গ'ল বৌদ্ধবিহাৰত শ্ৰৱণ লবলৈ আহি ভিক্ষুৰ জীৱন ধাৰণ কৰা সৰু ল'ৰা দুজন | দুয়োজনৰ বয়স হয়তো পোন্ধৰ বছৰেই অতিক্ৰম কৰা নাই | এজনে মোক স্মিত হাঁহিৰে সুধিলে , মন্দিৰলৈ নাযায় নে কি ? মই চমু উত্তৰ দিলোঁ : যাম | লুঙলুঙীয়া পথটোৱেদি তেতিয়াও আগবাঢ়ি গৈ আছে শ্ৰৱণ লোৱা গেৰুৱা কাপোৰ পৰিহিত সৰু ভিক্ষু দুজন | আস , কি নিৰ্মল জীৱন সিহঁতৰ ? কেতিয়াও যেন পংকিলতা কি নেদেখিবই ইহতে ! দুখ - ভাগৰ নাই , চকুমুখত প্ৰশান্তিৰ আৱেষ্টনী | আস ! কি জীৱন এই ভিক্ষুসকলৰ ....?
কেতিয়াবা যুক্তি নিবিচৰাকৈয়ো সিদ্ধান্ত কিছুমান ল’ব পাৰি |


মোৰো সেইদিনা তেনেকুৱাই হৈছিল | মোৰ মন গৈছিল সেইদিনা ভিক্ষুৰ দৰে জীৱন এটাত অভ্যস্ত হ’বলৈ | মন গৈছিল গেৰুৱা কাপোৰ পিন্ধি সেই সৰু ভিক্ষু দুজনে কঢ়িয়াই ফুৰা পংকিলতা বিহীন জীৱনচৰ্যা লাভ কৰিবলৈ , অনাবিল প্ৰশান্তিৰ ভাৱধাৰাক দৈনন্দিন জীৱনৰ সাহচৰ্য কৰিবলৈ |
মই
যেন নতুনকৈ অৰ্থ উলিয়াইছিলোঁ বুঢ়ীদিহিঙআৰু নামফাকেয়ালৰ সৈতে থকা মোৰ সম্পৰ্কৰ আধাৰৰ | হঠাত মোৰ মনলৈ আহিছিল মোৰ সীমিত শক্তিৰে মই ভালেমান কাম ক ৰিব পাৰোঁ | ১৬২ টা বছৰে এই গাঁওখনৰ মানুহে তিল তিলকৈ সাঁচি ৰাখিছে তেওঁলোকৰ কৃষ্টি সংস্কৃতি | বুদ্ধৰ বাণীৰে সুশোভিত এই গাঁওখনত প্ৰচলিত আইনত সাব্যস্ত হ’ব পৰাকৈ আজিপৰ্যন্ত সংঘটিত হোৱা নাই কোনো অপৰাধ | মই নিজেই দেখি আহিছোঁ অতদিন ভোগবাদৰ কৰাল গ্ৰাসে এতিয়াও চুব পৰা নাই এই গাঁওৰ মানুহখিনিক | হঠাতেই যেন মই ইয়াৰ সহজ বাখ্যা লাভ কৰিছিলো | উদ্দীপিত হৈ উঠিছিল মোৰ মন গহণ |
নৈৰ পাৰৰ বাঁহৰ চাঙখনৰ পৰা উঠি আহি মই ক্ষীপ্ৰভাৱে বৌদ্ধ বিহাৰ অভিমুখ হৈছিলোঁ | মই নিশ্চিত হৈছিলোঁ , অলপতে মই জীৱন সম্পৰ্কীয় এক গুৰুত্ব্পূৰ্ণ পৰিবৰ্তনৰ অভিকেন্দ্ৰ হৈ পৰিম |
বৌদ্ধবিহাৰৰ প্ৰকাণ্ড লোহাৰ গেইটখন খুলিবলৈ হাত দিয়াৰ আগেয়ে চিনাকী ভান্টেজনক ক’বলগীয়া কথাকেইটা জুকিয়াই লৈছিলোঁ |

: মোক আপুনি দীক্ষা দিব লাগিব | জীৱনটো মই নতুনকৈ সজাবলৈ বিচাৰিছোঁ , বুদ্ধৰ বাণীৰে | সাধাৰণভাৱে নহয় , মই দীক্ষা ল’ম এজন ভিক্ষুৰ দৰে |

ক্ৰমশঃ
 
 
 
 
 

No comments:

Post a Comment