Tuesday, March 19, 2013

ছাৰপ্রাইজ (সুনীল অমিয়)

-এই মিস্টাৰ ! ! কেনে আছা? এইয়া লোৱা , তোমাৰ বাবে তজবজীয়া ৰঙা গোলাপ আনিছো।
- প্লীজ তুমি এতিয়া যোৱা । মাই ডাক্তৰৰ সতে কথা পাতিব গৈছে। তোমাক দেখা পালে,মোৰ ফালে মুধাই মৰিব, এশ এবুৰি প্রশ্নত ত্রিভুৱন দেখুৱাব। এনেই ফায়াৰ হৈ আছে মোৰ ওপৰত।
- দেখক না! তাতে নো কি ডাল হব ? তোমাৰ ঘৈণীয়েক হৈ গ'লে কি দেখা নাপাব নেকি?নে তেওঁ চকু মুদি থাকিব ! !
- আৰে ছে সেইটো তো বহু পিচৰ কথা । মই এতিয়াও তোমাৰ কথা মাক কোৱাই নাই। প্লীজ মোক আৰু বিপদত নেপেলাবা।
- মই তোমাৰ বাবে ইমান ধুনীয়া ফুল লৈ আহিলো আৰু তুমি মোক খেদি দিছা ! অ.কে! আৰু কোনোবা দিনা মোক ফুচকা খাবলে লগ ধৰি চাবা । এনে শিক্ষা দিম,গম পাই যাবা ।
- তুমি মিছাতেই খং কৰিছা।
- কিয় নকৰিম কোৱা? কতবাৰ কলো ইমান স্পীডত বাইক নচলাবা।কানত সোমাই জানো আমুকীৰ কথা। এবাৰ যদি শুনিলা হয় ! তেন্তে আজি আৰু এই হাস্পতালৰ বেডত শুই শুই কেঁকাই নাথাকিলা হয়। প্রিয়জনৰ কথা নুশুনিলে এনেকুৱাই হব ।
- বাদ দিয়া চোন তোমাৰ লেকচাৰ ।কালিলৈ মোৰ ৰিলিজ হৈ যাব । অপেক্ষা কৰা । তোমাৰ বাবে এটা ছাৰপ্রাইজ আছে ।


কিছুদিন পিছত ,
কলেজ কেম্পাচত শীর্ষক লগ পাই আদ্রিতাই ক'লে ।
-এই শীর্ষ , তুমি কৈছিলা নহয় মোৰ বাবে এটা ছাৰপ্রাইজ আছে আজি কিন্তু মোৰ বার্থডে । আজি মোক সেইটো দিবই লাগিব ।
শীর্ষই কব ধৰিলে "ছাৰপ্রাইজ-টো­ হ'ল .......থাকক আৰু নকওঁ ।চাও তুমি কিমানদিন সহ্য কৰিব পাৰা ।"
-মই আৰু নোৱাৰিছো । প্লীজ কোৱা না ...
-ঠিক আছে । প্রথমে কৈ লওঁ । মাক মই তোমাৰ কথা কৈছো । মায়ে তোমাৰ ছবি চাই তোমাক এটা উপাধিও দি দিছে ।
- মই জানো তোমাৰ মাই কি কৈছে । তেওঁ কৈছে "২ নম্বৰ ছাগলীৰ ৩ নম্বৰ পোৱালি" । মোৰ যি চেহেৰা ! একেবাৰে কলা যখিনী !
-কি যে কোৱা তুমি !
মেখেলা চাদৰত কিন্তু তোমাক ফাটাফাটি লাগে ।
যি কি নহওক মই এটা স্কলাৰশ্বিপ পাইছো । অহা মাহত এম.বি.এ.কৰিবলৈ মই আমেৰিকা গৈ আছো।
- ভাল । খুব ভাল । সকলোৱে মোক এৰি গুছি গৈ আছে ।দেউতাটো চিৰদিনৰ বাবেই গুছি গ'ল। বা জনীৰো বিয়া হৈ গ'ল । তুমিও বা কিয় থাকিবা ? যোৱা তুমিও যোৱা ।
- এইয়া চোৱা, তুমি আকৌ খং কৰিছা। চোৱা, মই যি কৰি আছো সকলোখিনিতো তোমাৰ আৰু মোৰ "future"(ভৱিষ্যত)ৰ বাবেই। নে কি?
- মইতো "সৰাপাত" । মোক কোনেও ৰাখিব নিবিচাৰে । আচ্ছা বিদেশত গৈ মোৰ কথা মনত থাকিব জানো? সেই দেশৰ ছোৱালীবোৰ বৰ ধুনীয়া !
-এতিয়া ঈর্ষা হৈছে ! ন'? মই সদাই তোমাক ফ'ন কৰিম ।
- প্ৰমিজ কৰা ।
-- এইয়া । তোমাৰ হাতৰ এই "তিল" টোকে চুঁই প্ৰমিজ কৰিলো । ৩/৪ টা বছৰহে । চাঁওতে চাঁওতে পাৰ হৈ যাব ।


শীর্ষ আমেৰিকালৈ যোৱা প্রায় ৩ বছৰ হবৰ হ'ল। এদিনাখন শীর্ষৰ বন্ধু নিউটনে আদ্রিতাক লগ পালে ।
নিউটনে ক'লে " আৰে ! আদ্রিতা দেখোন ! কেনে আছা ?"
- ভালে আছো দিয়ক দাদা ।
-আৰু এই শীর্ষৰ কি খবৰ ? সিতো আজিকালি ফোনো নকৰে । মাজে মাজে ফেচবুকত চ্যাট হৈ আছিল । এতিয়া সেয়াও বন্ধ, তাকতো অনলাইন পোৱায়ে মস্কিল! তোমাৰ লগত যোগাযোগ আছেতো ?
- মোকতো যোৱা ৬ মাহ ধৰি কোনো ফোন কৰা নাই !

সিদিনাই ৰাতি নিউটনক শীর্ষই ফোন কৰিলে ।শীর্ষই নিউটনক এটা প্ল্যানৰ কথা জনালে।
নিউটনে ক'লে "চা দোষ্ট । তই যি প্ল্যান কৰিছ ,ছোৱালীজনীয়ে হজম কৰিব পাৰিবতো? ছোৱালীজনী মানসিকভাবে ভাগি যাব, মই কিন্তু একদম সন্মত হব পৰা নাই তোৰ লগত।"
শীর্ষই ক'লে "আহা ! চা না কি হয় ।মই পৰহি অসমলৈ ঘুৰি আহিম । আহিয়েই তাইক ফোন কৰিম । তাৰপিছত, ছিধা গৈ ওলাম তাঁহাতৰ ঘৰত। আদ্রিতাক এটা স্পেচিয়েল ছাৰপ্রাইজ দিম।তই মাথো মোক অলপ চাপৰ্ট দিবি ।"


শীর্ষ ঘৰলৈ উভতি আহিল। আহিয়েই আদ্রিতাক ফোন কৰিলে ।
আদ্রিতাই ফোন ৰিচিভ কৰি ক'লে"হ্যালো জান ।আগতে কোৱা তুমি কেনে আছা কিমান দিন হ'ল তোমাক দেখা নোপোৱা !তুমি কেতিয়া ঘুৰি আহিবা ?"
শীর্ষই ক'লে "আশা কৰোঁ মোক আৰু তুমি চাব নালাগে । আচ্ছা তুমি কি ভাবা নিজকে ? তোমাৰ দৰে দু:শ্চৰিত্রা ছোৱালী মই জীৱনত দেখা নাই !"
-মই একোকেই বুজি পোৱা নাই তুমি এইবোৰ কি বলকি আচা ? প্লিজ তুমি মোক ভুল নুবুজিবা।
- মই তোমাৰ প্রতি খুউব দুর্বল হৈ পৰিছিলো।সুযোগটো তুমি ভাল ইস্তামাল কৰিছা। ছিঃ ছিঃ । তোমাৰ দৰে ছোৱালী লগত মই সর্ম্পক ৰাখিব নোৱাৰো।"
ইমান খিনি কৈয়ে ফোনটো কাটি দিলে শীর্ষই ।
কাষত ঠিয় হৈ থকা নিউটনে কলে "দোস্ত । মোৰ বোধেৰে তই অলপ বেছিকে কৈ পেলালি।"
" ধুৰ তাই বৰ টান মনৰ ছোৱালী !justজাষ্ট অলপ মজাক কৰিলো । এতিয়া দেৰি নকৰি ব'ল পটাপট ।"


আদ্রিতাহঁতৰ ঘৰত গৈ শীর্ষ একেবাৰে "থৰ" হৈ গ'ল। কিবা এক অজানিত কাৰণত আদ্রিতাক হাস্পতালত ভর্তি কৰা হৈছে। শীর্ষই হাস্পতাললৈ বাট পোনালে। কিন্তু বহু দেৰি হৈ গৈছিল তেতিয়া বহু দেৰি!

আদ্রিতাই সজল চকুৰে তাৰ হাতত গুজি দিলে শেষ চিঠি, আদ্রিতাৰ হাতৰ শেষ লিখা !!

"ম
ইতো কোনো দোষ কৰা নাই ! তেনেহলে কিয় মোক এই অপবাদৰ শাস্তি বিহিলা ? কিয় মোক ইমান ডাঙৰ শাস্তি দিলা ?সকলোৰে দৰে তুমিও মোক "সৰাপাত" ৰ দৰে দলিয়াই দিলা! কিয় ?"
আদ্রিতাৰ নিথৰ দেহ তেতিয়া হাস্পতালৰ বেডত পৰি আছে ।
বিষক্রিয়াত আদ্রিতাৰ সুন্দৰ ফুলৰ দৰে মুখখন নীলা হৈ গৈছে। মুখৰ এচুকত এফালি প্রশ্নবোধক হাঁহিৰ অস্পষ্ট জিলিঙনি।
শীর্ষই মনে মনে ভাবিলে "এইয়া কি সেই ছোৱালীজনী যাৰ বাবে সি আজীৱন অপেক্ষা কৰিছিল "
নিউটনৰ ফালে চাই শীর্ষই "জান নিউটন।তাই কৈছিল একমাত্র আমাৰ সন্তান জন্ম দিয়াৰ বাদে আন কোনো কাৰণতে হচপিতালৰ বেডত নুশুৱে। কিন্তু তাই তো কথা নাৰাখিলে। মোক ফাঁকি দি গুচি গ'ল ।"
ইমানপৰে নিজকে সংযত কৰি ৰখা নিউটনে আৰু নিজক ধৰি ৰাখিব নোৱাৰিলে, শীর্ষৰ নাকে মুখে ঘুচাৰ বৰষুন পৰিব ধৰিলে আৰু লগতে কিছু অবাইচ গালি, "চাল্লা কুকুৰ হাৰামী চয়তান কি পালি কি পালি তই এই ফুল কোমলীয়া ছোৱালীজনীক হত্যা কৰি।তাই কিবা নিজে মৰিছে নেকি ? তই চাল্লা কুকুৰ তই মাৰিচ। তই নিজ হাতেৰে তোৰ ভালপোৱাক খুন কৰিছ। তই খুনি তই খুনি,তোক চাল্লা কিমান বাৰ ক'লো এই লৰাধেমালি খন ন'কৰ।চাল্লা তই চাৰপ্রাইজ দিয়,দেখি পালি নে তোক অদ্রিতাই শেষ চাৰপ্রাইজ দি গুচি গ'ল যা যা তাইক চাৰপ্রাইজ দিবি যা |"



শীর্ষই আদ্রিতাৰ নিষ্প্রাণ মুখখন চাই থাকিল অপলক। হঠাত্‍ তাৰ ভাব হ'ল যেন আদ্রিতাই কৈ উঠিল "এই মিস্টাৰ ! !এয়া লোৱা ৰঙা গোলাপ "

সি আৰু নিজক ধৰি ৰাখিব নোৱাৰিলে এপাকত সি দৌৰিব ধৰিলে ব্যস্ত ৰাজপথৰ ফালে,পিছে পিছে নিউটন, এটা বিকট শব্দ আৰু ঘাইবাটত পৰি থাকিল শীর্ষৰ চুর্ণবিচুর্ণ দেহা .......

(শীর্ষ বেয়া নাপাবা প্লীজ আৰু বন্ধু বান্ধৱী সকল যদি এজনৰ আনজনৰ প্রতি প্রগাঢ় বিশ্বাস নাথাকে অনুগ্রহ কৰি ভালপোৱাৰ খেতি নকৰে যেন। ভালপোৱাৰ নামত লৰা-ধেমালি নকৰি প্ৰগাঢ় বিশ্বাস আৰু ভালপোৱাৰে জীৱন ফুলৰ দৰে সুন্দৰ কৰি তোলা ।)
 
 
 

No comments:

Post a Comment