ইচ
ৰাম এইজনী আকৌ ইয়াত কৰ পৰা ওলালহি বাৰু? অলপ আৰ হৈ দিও নেদেখিলেই হয় আৰু।
তেতিয়াৰ পৰা একেই আছে সেই সৌন্দৰ্য; গালত এতিয়াও সেই একেই হাঁহি , সঁচাই
ধনে কিমান সুখী কৰে মানুহক আজি বুজিলো ।
মোতকৈ চাগে তেওঁ বহুত ধনী হ'ব দেখাতে কয় তাইৰ চেহেৰা ; ছেহ ; এবাৰ সেই ভাগ্যৱানৰো দৰ্শন হোৱা হলে !!!
- অনন্ত তুমি ইয়াত? ভাবৰ ইমানতে যতি পৰিল । যতে বাঘলৈ ভয় তাতে ৰাতি হয় ।
- অ' অলপ বজাৰ কৰো বুলি আহিছিলো , পিছে কাউন্টাৰত ভিৰটো কমক বুলি ৰৈ আছো । তুমি অকলে যে, খবৰ কেনে দেখাই নাছিলো মই তোমাক ।।
এটা অপ্ৰয়োজনীয় মিচা........
- মই অকলে অহা নাই এখেতো আহিছে ট্ৰাইল ৰুমত আছে । তোমাৰ খবৰ কোৱাছোন কি কৰি আছা এতিয়া? বেচ হেণ্ডচাম হ'লা আজি কালি । বিয়া বাৰু কৰালা নহয় ছাগে ।
- অ হয়নেকি ! হেণ্ডচাম হোৱা নাই থোৱা । কৰি আছো আৰু কিবা এটা । বিয়া পতা নাই এতিয়ালৈকে ।
বিয়াৰ কথা ওলালত অপ্ৰস্তুত হল অলপ কেনেকৈ কব তাই কৰা প্ৰতাৰনাৰ পাছত যে সি চিৰকুমাৰ হোৱাৰ দৃঢ় সংকল্প লৈছিল । আৰু কৈয়োটো লাভ নাই এতিয়া ।
-তোমাৰ স্বামীয়ে কি কৰে? তোমাক সুখী দেখি ভাল লাগিছে মোৰ !
- তেওঁ এটা কোম্পানীত জেনেৰেল মেনেজাৰ। মোক বহুত মৰম কৰে । মই বহুত সুখী । জানা অনন্ত প্ৰথমতে মই ভুল আছিলো এতিয়া বুজিলো , টকা নহলে মানুহৰ কাম নাই ।
-অ' অনন্ত সেয়া চোৱা সমীৰণ আহিছে । ৰ'বা অলপ চিনাকি হবা ।
সৰ্বনাশ ! এনেকুৱা এটা ঘৃণাৰ সন্মুখীন হ'ব লাগিব বুলি কল্পনাও কৰা নাছিলো মই । এই জনেই নেকি প্ৰিয়াৰ পতি । হাঁ হাঁ হাঁ ভাগ্যৰ কি দুৰ্বিপাক । পলায়নেই উচিত হ'ব ।
- নাই প্ৰিয়া মই যাও বেলেগ এদিন লগ কৰিম । আজি এটা বৰ জৰুৰী কামৰ কথা মনত পৰিল । বেয়া নাপাবা হা মই গৈ থাকো ।
- অনন্ত ; অনন্ত ;
.
ভাগ্য ভাল আছিল বাছিলো । অলপ লুকাই চাও তাঁহাতৰ কাণ্ড ; অনন্তই ভাবিলে ।
- প্ৰিয়া , প্ৰিয়া তোমাক মই ইমান চিঞৰিলো নুশুনিলা , মই তেওঁক ৰখাবলৈ কৈছিলো । চিনাকি কৰাই দিলোহেঁতেন তেখেতৰ লগত ।
- সমীৰণ, তুমি তেওঁক চিনি পোৱা?
- অ টো পাওঁ । কিয় নাপাম । তেওঁ আমাৰ.......
- অ ৰবাচোন তুমি চিঞৰা মই শুনা নাছিলো আৰু তেওঁকো মই ৰবলে কৈছিলো তোমাৰ লগত চিনাকি হ'বলে পিছে নৰল ।
- তেওঁলে বেয়াই লাগে বহুত দুখ আছিল তেওঁৰ জীৱনত কিন্তু এতিয়া.....
- ৰবাচোন তেওঁৰ দুখ তেওঁৰ সুখ এইবোৰ তুমি কেনেকৈ জানিলা । আৰু তেওঁক মোৰ লগত চিনাকি কৰাই দিবা মানে মই টো তেওঁক সৰুৰে পৰা চিনি পাও । তোমাৰ চাগে কিবা ভুল হৈছে তেওঁক তুমি চিনি নাপাবা তেওঁ অনন্ত ।
- কি কোৱা হে তেওঁক মই চিনি নাপাম । তেওঁ ভগৱান । যৌৱন কালত কোনোবা এজনী ছোৱালীয়ে প্ৰতাৰণা কৰিছিল কেৱল ধনৰ বাবে । এৰি থৈ আহিছিল দুখীয়া বাবে । কিন্তু চোৱা চোন এতিয়া তেওঁ বিখ্যাত কোম্পানী কলিতা এম্পৰীয়ামৰ মালিক । যত মই এটা সাধাৰণ মেনেজাৰ । তোমাক মই সেইদিনা উপহাৰ দিয়া বিলাসী গাড়ী খনৰ আধা দাম তেৱে মোক দিছিলে । আৰু কি জানা তেওক প্ৰতাৰণা কৰা ছোৱালী জনীৰ নামো প্ৰিয়া আছিল ।
তেওঁ এতিয়া চিৰকুমাৰ । অনন্ত কলিতাৰ নিচিনা এজন মানুহৰ তলতীয়া কৰ্মচাৰী হোৱাৰ বাবেহে তোমাক ইমান সুখ দিব পাৰিছো ।
- ইক্কি কি শুনিছো মই অনন্ত , অনন্ত কলিতা , কলিতা এম্পৰীয়ামৰ মালিক অনন্ত । সমীৰণ সেই ছোৱালীজনীৰ এতিয়া কি হ'ল জানানে কিবা?
- বিয়া হৈ গল ।
- কালৈ?
- নাজানে তেওঁ কোনোবা ধনী ব্যক্তি এজনলৈ যাওঁ বলা , বেলেগ এদিন চিনাকি কৰাই দিম ।
.
.
এয়া কি কৰিলে সমীৰণে , কিয় চিনাকি দিলে মোৰ , ভাগ্যৰ দুৰ্বিপাক চোৱাচোন , যিজনী ছোৱালীয়ে মোক দুখীয়া নিচলা বুলি ঘৃণা কৰি এৰি থৈ গৈছিল । যি জন ধনী লৰাৰ বাবে তেওঁ মোৰ অকৃত্ৰিম মৰম দলিয়াই পেলাইছিল সি মোৰ এতিয়া এজন কৰ্মচাৰী ।
নাই মই প্ৰিয়াক হীনমান্যতাত ভুগিবলৈ এৰি দিব নোৱাৰো ।মই কালিলৈ মোৰ কোম্পানীৰ সমস্ত দায়িত্ব সমীৰণক অৰ্পন কৰিম । চিন্তা নকৰিবা প্ৰিয়া । কলিতা এম্পৰীয়ামৰ সোনকালেই মালিক হব সমীৰণ কলিতা ।

No comments:
Post a Comment