Tuesday, March 19, 2013

সাম্প্ৰতিক সময়ৰ ৰাজনীতি আৰু ৰাজনৈতিক নেতা- এক পর্য্যালোচনা (জ্যোতি জিয়াম কলিতা)

ৰাজনীতিৰ প্ৰতি ঘৃণা প্ৰকাশ কৰিবলৈ এটা উক্তি প্ৰায়ে লোৱা দেখা যায়। উক্তিটো হৈছে - দগাবাজসকলৰ শেষ আশ্ৰয় হ'ল ৰাজনীতি। আচলতে উক্তিটোক ঠিক এনেকুৱা ধৰণৰ নাছিলে, এইটো এটা মাথো অফুৰন্ত বাক্য। ডঃ ছেমুৱেল জনছনৰ মুখৰ পৰা ওলোৱা উক্তিটো আছিল- দগাবাজসকলৰ শেষ আশ্ৰয় দেশপ্ৰেম। কোনো কোনো লোকে প্ৰয়োজন মতে দেশপ্ৰেমৰ ঠাইত বহুৱালে ৰাজনীতি।
মানৱ মুক্তিৰ অন্তহীন সংগ্ৰামত ৰাজনীতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা মানুহৰ সংখ্যাও একেবাৰে কম নহয়। ৰাজনীতিত দগাবাজ নিশ্চয় আছে, হয়তো সংখ্যাত তেওঁলোক বেছি, কিন্তু ৰাজনীতিত ভাল মানুহ একেবাৰে নাই বুলি কলেওঁ মানি লব পৰা নহয়। দুৰ্ভাগ্যৰ কথা এয়াই যে বৰ্তমান ৰাজনীতিত ভাল মানুহৰ সংখ্যা অতি দ্ৰুত গতিৰে হ্ৰাস পাই আহিছে । এই অশুভ প্ৰৱনতা আৰু কিছুদিন অব্যাহত থাকিলে অচিৰেই এনে এটা দিন আহিব, যত আমি সকলোৱে একমুখে স্বীকাৰ কৰিবলৈ বাধ্য হম, যে ৰাজনীতি হ'ল দগাবাজৰ শেষ আশ্ৰয়স্থল।

দগাবাজসকলৰ বাহিৰে কোনেওঁ ৰাজনীতি কৰিব নোৱাৰে, দুষ্ট আৰু লোভী প্ৰকৃতিৰ মানুহবোৰ ক্ৰমান্বয়ে ৰাজনীতিলৈ আকৃষ্ট হোৱাৰ প্ৰধানতঃ কাৰণ এয়াই যে, ৰাজনীতি বৰ্তমান জনসেৱাৰ মাধ্যম হৈ থকা নাই, ই হৈ পৰিছে ধন ঘটাৰ আটাইতকৈ সহজ উপায় । আন যিকোনো বৃত্তিৰে ধন সম্পতি ঘটিবলৈ হ'লে, হয় আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, নহ'লে যথেষ্ট পৰিমাণৰ মূলধন বিনিয়োগ কৰিব পাৰিব লাগিব ।

চোৰ ডকাইতজাতীয় লোকে অপৰাধৰ পথেৰে ধন ঘটিবলৈ চেষ্টা চলায়, কিন্তু ই বিপদ সংকুল পথ, ধৰা পৰিলেই শাস্তি হোৱাৰ আশংকা । গতিকে বৰ্তমান যুগত ৰাজনীতিয়ে এটা একমাত্ৰ বৃত্তি, যাৰ দ্বাৰাই কোনো ধৰণৰ পৰিশ্ৰম নকৰাকৈ আৰু এটা মাত্ৰ টকা বিনিয়োগ নকৰাকৈ ৰইনা লৈ ধন চপাব পৰা যায় । ৰাজনীতি কৰি ধন ঘটিলে ধৰা পৰাৰো ভয় নাই, ধৰা পৰিলে শাস্তিৰো ভয় নাই । ৰাজনৈতিকতাৰ অপব্যৱহাৰ কৰি ধনকুবেৰ হোৱা ৰাজনীতিকেৰে দেশখন ভৰি পৰিছে । সেইসকলৰ কোনোবা এজনে ভালকৈ শাস্তি পোৱা আজিলৈকে দেখা আৰু শুনিবলৈও নাই ।

দুষ্ট মানুহৰ কাৰণে ৰাজনীতি লোভনীয় বৃত্তি হৈ উঠাৰ আৰু এটা ডাঙৰ কাৰণ আছে । সেইটো হৈছে - অন্যান্য অপৰাধ কৰি ধন সম্পতি ঘটা মানুহে ধনী হোৱাৰ সন্তুষ্টি লাভ কৰিলেও সামাজিক মান মৰ্যদা, প্ৰতিপত্তি নাপায় । কিন্তু ৰাজনৈতিকতাৰ গইনা লৈ চুৰি, ডকাইত লুণ্ঠনৰ নিচিনা জঘন্য অপৰাধ কৰি ধন কুবেৰ হৈ পৰা মানুহ বিলাক ধন সম্পতিৰ উপৰি ভোগ কৰিব পায় ঈৰ্শনীয় সামাজিক মান- মৰ্যাদা আৰু প্ৰতিপত্তি ।
আজিৰ আমাৰ ভাৰতবৰ্ষত ৰাজনীতিয়েই হৈ পৰিছে একমাত্ৰ বৃত্তি, যত গুণ্ডা, হত্যাকাৰী, চোৰ, ডকাইত, লুণ্ঠনকাৰীক শাস্তিৰ পৰিৱৰ্তে দিয়ে পুৰস্কাৰ, বটা, ঘৃণাৰ পৰিৱৰ্তে পায় সন্মান । গতিকে একো আচৰিত হবলগীয়া কথা নহয়, সেই কাৰণেই ৰাজনীতিৰ প্ৰতি বেছিকৈ আকৃষ্ট হৈছে বিভিন্ন শ্ৰেণীৰ অপৰাধী আৰু অপৰাধ প্ৰৱণ লোক । এই লোক সকল আকৌ দুই ধৰণৰ আছে, একধৰণ হৈছে- প্ৰায় নঙঠ ফকীৰ হৈ ৰাজনীতিত প্ৰৱেশ কৰা । এই সকলৰ উদ্দেশ্য হল - ৰাজনৈতিকতাৰ অপব্যৱহাৰ কৰি ৰাজহুৱা ধন আত্মসাৎ কৰা । দ্বিতীয় শ্ৰেণীৰ লোকসকল হৈছে - সামাজিক মৰ্যাদা লাভ কৰা আৰু আইনৰ কবলৰ পৰা নিজক বছোৱা, কাৰণ এই লোকসকল আগতেই বহু অপৰাধ কৰি ধনকুবেৰ হৈয়ে থাকে । এই মানুহ বোৰ যদি আমাৰ অসমৰ ৰাজনীতিটো চকু ফুৰাই চাওঁ এটা এটাকৈ জিলিকিয়ে আছে ।
মুঠতে কবলৈ গলে ৰাজনীতিক এতিয়া আংশিকভাবে হলেওঁ নিয়ন্ত্ৰণ কৰে বহু অপৰাধীয়ে । এইখিনিতে এজন পণ্ডিতে কোৱা কথা এষাৰ কওঁ - নৰখাদকে কটা চামুচেৰে নৰমাংস খালেও সি নৰখাদক হৈয়ে থাকিব । একেদৰে চোৰ, ডকাইত, অপৰাধী প্ৰৱণ লোক সকলেও মন্ত্ৰী, বিধায়ক, সাংসদ আৰু বিষয়াৰ সাজপাৰ পিন্ধিলেও তেওঁলোক অপৰাধী হৈয়ে থাকিব । কিন্তু বৰ্তমান সময়ত এই অপৰাধীসকলৰ কবলৰ পৰা ৰাজনীতিক মুক্ত কৰাটোৱেই হ'ল দেশখনৰ তথা জনসমাজৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।

No comments:

Post a Comment