Tuesday, March 19, 2013

::শিৱৰাত্রি আৰু এটি মধুৰ স্মৃতি:: (প্ৰতীম কুমাৰ বাঢ়ৈ)

শৈশৱ মানুহৰ জীৱনৰ এক মধুৰ স্মৃতি।যি খিনি সময়ক হয়তো এজন ব্যক্তিয়ে তেওঁৰ পিছৰ জীৱনত কেৱল ৰোমন্থনহে কৰিব পাৰে,পুনৰ কেতিয়াও ঘূৰাই পাব নোৱাৰে।মোৰ বন্ধু জয়ন্ত,বাবলু,জানহঁতৰ­ লগত কটোৱা শৈশৱৰ সেই দিন সমূহে বৰ্তমান সময়ত কেতিয়াবা বৰকৈ আমনি দিয়ে।কিমান যে হাঁহি স্ফূৰ্তিৰ দিন আছিল সেই সময়খিনি।সমবায় সমিতিৰ পুৰণি গুদামটোৰ কাষতে থকা বগৰী জোপাত উঠি বগৰী খোৱা,নদীত মনে মনে গা ধুবলৈ গৈ নৈ কাষৰে ঔটেঙা গছজোপাৰ পৰা টেঙা আনি ঘৰত দিয়া,কলৰ পটুৱা হাতত লৈ পথাৰেৰে দৌৰি দৌৰি ৰাতুলদাৰ কুহিঁয়াৰ শালত লেটেৰী খাবলৈ যোৱা ইত্যাদি হাজাৰ স্মৃতি যেন এতিয়া মাথো শৈশৱ নামৰ শব্দটিতে সীমিত।
শৈশৱতে উৎসৱ-পাৰ্বণৰ সময়ত ঘটা কিছুমান আমোদজনক ঘটনাই কেতিয়াবা পুনৰ সোঁৱৰাই যায় আমাৰ সোণালী অতীত।তেতিয়া আমি হয়টো এল.পি. স্কুলৰ ষষ্ঠ/­সপ্তম মান শ্রেণীত আছিলো।মই আৰু মোৰ বন্ধু কেইজন লগ হৈ ঠিক কৰিলো যে এইবাৰ আমিয়ে আয়োজন কৰিম মহা শিৱৰাত্রি। তেতিয়ালৈকে লোকৰ মুখতহে শুনি আছিলো জঁটাধাৰী বাবাৰ নামত বোলে সেইদিনা ভক্তসকলৰ পেটলৈ গিলাচে গিলাচে ঘোঁটা আৰু চিলিম ভৰ্তি ভাং যায় বুলি।কিন্ত এইবাৰ বাপ্পেকে বাবাৰ মহাভক্ত আমি কেইটা মিলিয়েই ঘৰত গম নোপোৱাকৈ প্লেনটো বনায়ে পেলালো নহয়।শংকৰ মাষ্টৰৰ ঘৰৰ পিছফালৰ বাঁহবাৰী ডৰাকে উৎসৱ উদযাপনৰ উপযুক্ত ঠাই বুলি বিবেচনা কৰা হ’ল।সেই বাঁহবাৰী ডৰা পথাৰৰ কাষতে আৰু সম্পূৰ্ণ জংঘলেৰে আৱৰা,গতিকে তাত পূজাৰ যজ্ঞৰ ধোঁৱা ওলালেও কোনেও দেখা নাপাব।ফলত আমাৰ আয়োজনত কোনো বাধা বিঘিনি নাহে।এসপ্তাহৰ আগতেই হনুমান মন্দিৰৰ কাষতে নিজে নিজে গজা কুমলীয়া ভাং গছ কেইজোপাকে উভালি নি গাৰ কাপোৰৰ তলত লুকুৱাই পথাৰ পোৱালোগৈ। পথাৰত সেইবোৰ শুকাবলৈ দি চিলিম বিচৰাৰ চিন্তাত নামি পৰিলো।অৱশেষত যেনিবা শিৱৰাত্রীৰ দিনালৈ চিলিমৰো সমস্যা সমাধান হ’ল।বাবলুহঁতৰ ঘৰত কাম কৰা হালুৱা ককাই জনে সদাই সন্ধিয়া সোৱাদ লোৱা চিলিম ভাগকে মনে মনে তেওঁৰ কোঠাৰ পৰা উঠাই অনা হ’ল শিৱৰাত্রিৰ দিনালৈ।সেইদিনা ৰাতিপুৱাই আটাইকেইজনে গা-পা ধুই ভোলানাথক পূজা অৰ্চনাৰ বাবে বাঁহবাৰী পালোগৈ।শুকুৱাই ৰখা ভাং পাত হাতৰ তলুৱাত মোহাৰি প্রসাদৰ যো-জা কৰা হ’ল।চিলিমৰ লগতে ঘৰৰপৰা
নিয়া বাতৰি কাগজৰ বিড়িবনাই জ্বলো নজ্বলোকে থাকোতেই দুই হোঁপা মান মাৰিছিলোহে মাথোন তেনেতেই পৰিলো নহয় বাবাৰ ৰোষত।আমাৰ পূজা পাতলত কিবা ক্রুতি দেখি মহাদেৱ অসন্তুষ্ট হৈ পঠাই দিলে নহয় বায়ু দেৱতাক যজ্ঞ ধ্বংশ কৰিবলৈ।ফাগুনৰ বতাহে আমাক হোঁপা কেইটাও শান্তিৰে মাৰিবলৈ নিদিলে।চলাই কাঠি মাৰোতে মাৰোতে পূজাৰ বাবে কিনি অনা নতুন চলাইটোৰ কাঠি শেষ হওঁ হওঁ অৱস্থা।অৱশেষত উপাই নাপায় বাঁহতলৰ শুকান পাত গোটাই জুই ধৰি তাৰ পৰাই হেপাহৰ হোঁপা কেইটাৰ সোৱাদ ল’লো।কিন্তু লাহে লাহে যেন বায়ু দেৱতাই উগ্রমূৰ্তি ধাৰণ কৰিলে।কোন পলকতনো আমি ধৰা জুইৰ পৰা বাহঁতলি উপচি থকা শকান পাতবোৰলৈ জুই বিয়পি গ’ল ধৰিবকে নোৱাৰিলো।আমি জুই নুমুৱাবলে পথাৰৰ মাটিচপৰা লদিয়াওঁ মানে জুই গৈ বাঁহৰ শুকান মুঢ়াটো বেয়াকৈ খামুচি ধৰিলে।তাৰপিছত আৰু উপায় নাপায় পূজা পাতল এৰি সেই স্থানৰ পৰা আমাৰ পলায়ন।গোটেই দিনটো পূজাৰ নামত ভোকে পিয়াঁহে কটাই সন্ধিয়া ঘৰ ওলালত আটাইকেইজনৰ পিঠিত দবা কাঁহ বাজিল।দবা কাঁহৰ শব্দৰ কোবত ঘৰত কেনেকৈনো শিৱৰাত্রি আয়োজনৰ কথা গম পালে বা বাঁহবাৰীত জুই কোনেনো নুমুৱালে এইবোৰ কথা সুধিবলৈকে সাহস কৰিলো।পিছত এই সকলোবোৰ মহাদেৱৰে আশা বুলি ধৰি লৈ মনতে ঠিৰাং কৰিলো।তেতিয়াৰ পৰা আৰু আজিলৈ শিৱৰাত্রি আয়োজন কৰা বা বাবাৰ প্রসাদ গ্রহণ কৰাৰ কথা মনত নপৰে।

No comments:

Post a Comment