Tuesday, March 19, 2013

অসমীয়া চলচ্চিত্র উদ্যোগটিৰ ভৱিষ্যত কিমান সুৰক্ষিত? (কল্যাণ কুমাৰ কলিতা)

১৯৩৫ চনৰ ১০ মাৰ্চত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিৰালাস কষ্ট আৰু সাধনাৰ অন্তত মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া পূৰ্ণাংগ চলচ্চিত্র “জয়মতী”। তাৰ পিছত আজি সম্পূৰ্ণ ৭৮ বছৰ ধৰি অসমীয়া চলচ্চিত্র উদ্যোগটিয়ে ককালত টঙালি বান্ধি কোনোমতে নিজৰ অস্তিত্ব ৰক্ষা কৰি আহিছে। কব পাৰি যে এসময়ত বন্ধ হব ধৰা এই উদ্যোগটিক “যৌৱনে আমনি কৰে” চিনেমাখনে আকৌ নতুন গতি দিছিল। চলচ্চিত্র খনৰ তুমুল বাণিজ্যিক সফলতাই আকৌ প্ৰযোজক-পৰিচালকৰ মুখলৈ নতুন আশা কঢ়িয়াই আনিছিলে। তাৰ পিছত কেবাগৰাকীও সফল প্ৰযোজক পৰিচালকে জনপ্ৰিয়তাৰ এই গতি অব্যাহত ৰাখিছিল। তাৰ ভিতৰত নাম লব পাৰি অশোক কুমাৰ বিষয়া, মুনিন বৰুৱা, চন্দ্ৰ মুদৈ, বাণী দাস, মুন্না আহমেদ, প্ৰাঞ্জল ভৰালী ইত্যাদি সফল প্ৰযোজক পৰিচালকৰ।কিন্তু চৰকাৰৰ হেমাহিৰ লগতে সাধাৰণ ৰাইজৰ অসমীয়া চলচ্চিত্রৰ প্ৰতি অনীহাই আকৌ এই উদ্যোগটিলৈ সংকট নমাই আনে।একাধিক চলচ্চিত্রৰ বাণিজ্যিক বিফলতাই হতাশ কৰি তোলে প্ৰযোজকক।আকৌ বন্ধ হৈ যোৱাৰ উপক্ৰম হয় এই উদ্যোগটি। তেনেকুৱা দিনতে ৰং চেনেলৰ নিবেদনত আৰু প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ প্ৰযোজনাত “ৰামধেনু” চলচ্চিত্রখনে আকৌ পুনৰবাৰ অসমীয়া চলচ্চিত্র জগতত নতুন আশাৰ সঞ্চাৰ ঘটায়।“ৰামধেনু” চিনেমাখনৰ তুমুল জনপ্ৰিয়তা আৰু বাণিজ্যিক সফলতাই আকৌ চলচ্চিত্র প্ৰযোজক-পৰিচালকৰ উন্মুক্ত মনত নতুন প্ৰেৰণাৰ বীজ সিঁচে।পুনৰ বাঢ়ি আহিব ধৰে অসমীয়া চলচ্চিত্র নিৰ্মাণৰ সংখ্যা। এয়া সঁচাকৈয়ে আমাৰ বাবে অতি সুখৰ বিষয়। কিন্তু কোৱা বাহুল্য যে অসমীয়া চলচ্চিত্র নিৰ্মাণৰ সংখ্যা বাঢ়িছে যদিও সেই অনুপাতে জনপ্ৰিয় নাইবা বাণিজ্যিকভাবে সফল চলচ্চিত্র তেনেই আঙুলিৰ মূৰত গণিব পৰা বিধৰ। এনেদৰে নিশ্চয় অসমীয়া চলচ্চিত্র উদ্যোগটিৰ এটা সুন্দৰ ভৱিষ্যত কল্পনা কৰিব নোৱাৰি।

অসমীয়া চলচ্চিত্ৰৰ ২০১২ বৰ্ষটি: -

২০১২ বৰ্ষত প্ৰথম অসমীয়া চলচ্চিত্রখন মুক্তি লাভ কৰে ১০ জানুৱাৰীত। সঞ্জীৱ সভাপণ্ডিত পৰিচালিত “জাংফাই জোনাক”. ইণ্ডিয়ান পেনোৰামাত স্থান লাভ কৰা এই ছবি(চিনেমা)খনে বহু ইতিবাচক চৰ্চাও লাভ কৰিছিল ।কিন্তু চলচ্চিত্রখনে সাধাৰণ
দৰ্শক ৰাইজৰ অকণো সমাদৰ লাভ কৰিব নোৱাৰিলে আৰু বাণিজ্যিকভাৱেও অসফল হিচাপে পৰিগণিত হল। তাৰ পিছত ২ মাৰ্চত মুক্তি লাভ কৰে জনপ্ৰিয় পৰিচালক চন্দ্ৰ মুদৈৰ “বাকৰ পুতেক”। এইখন চলচ্চিত্রই কিছু পৰিমাণে হলেও দৰ্শকক চলচ্চিত্রগৃহলৈ কঢ়িয়াই অনাত সফল বিবেচিত হৈছিল। সুন্দৰ কাহিনী, প্ৰাণৱন্ত সংগীতৰ লগতে আঙুৰলতাৰ দূৰ্দান্ত অভিনয়ে চলচ্চিত্র খনৰ জনপ্ৰিয়তাত মূল ইন্ধন যোগাইছিল। উক্ত মাহৰে ৩০ তাৰিখে ছবিগৃহলৈ আহে সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ বহু জনপ্ৰিয় গল্পৰ আধাৰত প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনাৰে নিৰ্মিত “সমীৰণ বৰুৱা আহি আছে” নামৰ ছবি(চিনেমা)খন।কিন্তু অতি পৰিতাপৰ বিষয় এয়ে যে তপন দাসৰ বলিষ্ঠ অভিনয়েও জয় কৰিব নোৱাৰিলে এধানিমানো দৰ্শকৰ মন।১৩ এপ্ৰিলত মুক্তি লাভ কৰে লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টিৰ একে নামেৰে জোনমণি দেৱী খাউণ্ডৰ প্ৰযোজনা আৰু পৰিচালনাত “তুলা আৰু তেজা”।পিছে এই ছবিখনো দৰ্শকে আদৰি নললে । তাৰ পিছত ১১ মেত ছবিগৃহলৈ আহে মানস বৰুৱাৰ পৰিচালনাত লগতে নিশিতা গোস্বামী-দিগন্ত হাজৰিকাৰ অভিনয়ৰে সমৃদ্ধ এক্সনধৰ্মী চিনেমা “ৰিচাং”।পিছে এই চিনেমাখনে অকণো দৰ্শকৰ মন জয় কৰিব নোৱাৰিলে। ১৪ ছেপ্তেম্বৰত ছবিগৃহলৈ আহে বিদ্যুত বৰকটকীৰ “এখন নেদেখা নদীৰ সিপাৰে”। এই ছবিখনে প্ৰচাৰ মাধ্যমৰ লগতে সাংস্কৃতিক শিতানত যথেষ্ট চৰ্চিত হয় যদিও আশানুৰুপ ফলাফল দেখুৱাব নোৱাৰিলে। ৫ অক্টোবৰত মুক্তি লাভ কৰে গৌতম বৰুৱাৰ কাহিনী আৰু পৰিচালনাত “ৰ'দ” নামৰ ছবিখন। শ্ৰুতিমধুৰ সংগীত-মনপৰশা লোকেচনৰ লগতে ব্যয়বহুল প্ৰযোজনাৰে নিৰ্মিত চলচ্চিত্রখনৰ প্ৰতি দৰ্শকে হলে অকণো আগ্ৰহ নেদেখুৱালে। ২৬ অক্টোবৰত মুক্তি লাভ কৰে ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ “বান্ধোন” ছবিখন।এই চিনেমাখনে দেশে-বিদেশে তূমুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে ২ নৱেম্বৰত দুখনকৈ চলচ্চিত্রই মুক্তি লাভ কৰে । এখন ৰাজেশ ভূঞা পৰিচালিত “মি এন্ড মাই চিচটাৰ ” আৰু আনখন মনি চি কপেনৰ “বৰলাৰ ঘৰ”।  

 ইয়াৰে মালায়ালম পৰিচালক কপেনৰ ছবিখন প্ৰায় এক কোটি টকাৰ এখন বিগ বাজেট ছবি। কিন্তু দৰ্শকৰ মন জয় কৰাত লগতে বাণিজ্যিক সফলতা অৰ্জনত দুয়োখন চিনেমাই ব্যৰ্থ হয়।

ওপৰৰ আলোচনাৰ পৰা এইটো কথা স্পষ্টৰুপত ওলাই পৰে যে যি হাৰত অসমীয়া ছবি নিৰ্মাণৰ সংখ্যা বাঢ়িছে সেই অনুপাতে বঢ়া নাই সফল ছবিৰ সংখ্যা। ২০১২ চনত মুক্তি লাভ কৰা প্ৰায় ১০খন ছবিৰ বিপৰীতে কেৱল মাত্ৰ ২খন চিনেমাইহে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হোৱা দেখা যায়। এনেকুৱা হলে এসময়ত ভয়তে কোনো প্ৰযোজক-পৰিচালকে ছবি নিৰ্মাণৰ কথা হয়তো নাভাবিব। এই ক্ষেত্ৰত অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগমেও ভবা দৰকাৰ আছে। এই নিগমে আৰ্থিক দিশত বাণিজ্যিক ভাবে সফল চলচ্চিত্ৰ নিৰ্মাণ কৰিব পৰা পৰিচালকক আৰ্থিক দিশত সহায় কৰক, যাতে তেওঁলোকেৱহেৰাই যাব ধৰা চলচ্চিত্ৰ উদ্যোগটিক পুনৰ্জীৱিত কৰি তুলিব পাৰে। আনহাতে নতুন প্ৰযোজক-পৰিচালক সকলেও অভিনয়ৰ বিষয়ে সম্পূৰ্ণ অশিক্ষিত নিজৰ লৰা-ছোৱালী, অঙহী-বঙহীক মূল অভিনেতা-অভিনেত্ৰী হিচাপে নিযুক্তি দিয়াৰ মানসেৰে চলচ্চিত্ৰ নিৰ্মাণ নকৰি সুদক্ষ অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰে সমৃদ্ধ এখন ভাল চলচ্চিত্র নিৰ্মাণত গুৰুত্ব দিয়া উচিত। তেতিয়াহে অসমীয়া চলচ্চিত্র উদ্যোগটি জীয়াই থাকিব,অন্যথা ভৱিষ্যত সংকটৰ গৰাহত।

-কল্যাণ কুমাৰ কলিতা
দিছপুৰ,গুৱাহাটী
ফোন নং-৯০৮৫০৮৪৮৭৫
 

No comments:

Post a Comment