পুৱাৰ ৰেলত উঠি তুমি যাবাগৈ (লোচন কৌশিক)
পুৱাৰ ৰেলত উঠি তুমি যাবাগৈ
তুমি যাবাগৈ বুলি, মোৰ মন ভৰি পৰিল বিষাদেৰে
কেনেকৈ বুজাও এই অবুজন মনটোক?
মই হৈ পৰিছো এক কঙাল প্রেমিক ।
মই ভাবিছিলো আমাৰ প্রেম যুগ যুগান্ত লৈ….!!
কিন্তু আকৌ মন বিষাদেৰে ভৰি পৰিল
কালি পুৱা ৰেলৰ আগত মৃত্যুবৰণ কৰিব আমাৰ প্রেমে।
মই গাওঁখন জ্বলাই দিম , জ্বলাই দিম তোমাৰ মা-দেউতাৰাৰ
তোমৰ ওপৰত দিয়া আদেশ …
তোমাৰ বিয়াৰ মন্দপত উৰুৱাই থৈ আহিম প্রেম আৰু বিস্বাষৰ পতাকা ।
পুৱাৰ ৰেলত উঠি তুমি যাবাগৈ…
মচি পেলাবা সকলো স্মৃতি ।
এডাল শিলিখা , তুমি আৰু মই
সেই গধুলি প্রথম বাৰ শিহৰিত হোৱা পল পাহৰি পেলালা তুমি ?
কিতাপৰ তলত লুকুৱাই দিয়া , তোমাৰ নীলা খামৰ চিঠিবোৰ ।
এতিয়াও সজতনে সাঁচি থৈছো মই…
সেই প্রথম প্রেমৰ প্রস্তাৱ …
তোমাৰ বাবে হয়তো এই সকলোবোৰ কথা
আজি হৈ পৰিছে বাজে-নিৰৰ্থক ..!!
পুৱাৰ ৰেলত উঠি তুমি যাবাগৈ
মোৰ হৃদয়ত খাচি থৈ প্রেমৰ ঘাবোৰ ।
তোমাক বিছৰা এজন কঙাল যুৱক
বিধ্বস্ত হৈ পৰি থাকিব গাওঁৰ
তৰা দেখা জুপুৰি এটাত ......!!!!

No comments:
Post a Comment