এয়া মই বহি আছো
স্নিগ্ধ জোনাকৰ দলিচাত
দুচকুত এসাগৰ বেদনা লৈ
ৰোমন্থন কৰিছো তোমাৰ স্মৃতি
দুওঠ কপিছে তীব্ৰ বেদনাত
সংগী নাই মোৰ আলাপ কৰাৰ ।
জোন গলিছে মোৰ দুখত দুখী হৈ
আৰু মই তিতিছো এজাক জোনাকৰ বৰষুণত
নিশব্দে আগবাঢ়িছে মোৰ খোজ
ফুলবোৰ ফুলা নাই, তৰাবোৰে হহা নাই
কিন্তু এটা সময় আছিল,
যেতিয়া মোৰ খোজত
ফুলবোৰ ফুলিছিল, তৰাবোৰে মিচিকিয়াইছিল,
আৰু মই আছিলো
প্ৰিয়তমাৰ উষ্ণ সান্যিধ্যত মাতাল হৈ ।
প্ৰতিটো পলেই আছিল মূল্যবান
তেওৰ সান্যিধ্যত থকা সময়ত
ঘড়ীটোৱে সোনকালে ঘূৰিব লৈছিল
তীব্ৰ খং মোৰ সময়ৰ ওপৰত
সেই খং তেতিয়াও আছিল আৰু আজিও আছে সেই খং
তেতিয়া সময়বোৰক শাও দিছিলো স্থবিৰ হবলে
আৰু আজি কাকূতি কৰিছো সোনকালে পাৰ হবলে
সেই সময় আৰু এই সময় একে নহয়
কাৰণ সেই সময় আছিল মধুময়
আৰু এই সময় হল দুখময়।
আজিও একেই আছে সকলোবোৰ
এই পৃথিৱী, জোন, বেলি, তৰা সকলোবাৰ
একে নাই কেৱল মই
আজি মোৰ সুখত সুখী হৈ ফুলবোৰ নুফুলে, তৰাবোৰে নাহাহে ।
কাৰণ মোৰ প্ৰিয়তম আজি কাষত নাই ।
কাহানিও আৰু সুখী হব নোৱাৰিম মই
মোৰ সুখত কোনেও আৰু সুখী নহয়
এতিয়া সময়বোৰে মোৰ নিসংগতাক
উপলুঙা কৰি ধীৰেৰে গতি কৰে
বৰ ভয় মোৰ সময়লে
সেয়ে মই এতিয়া কাকূতি কৰো
হে সময় গতি খৰ কৰা ।
(প্ৰতিজন অকলশৰীয়া ব্যক্তিৰ হাতত)
স্নিগ্ধ জোনাকৰ দলিচাত
দুচকুত এসাগৰ বেদনা লৈ
ৰোমন্থন কৰিছো তোমাৰ স্মৃতি
দুওঠ কপিছে তীব্ৰ বেদনাত
সংগী নাই মোৰ আলাপ কৰাৰ ।
জোন গলিছে মোৰ দুখত দুখী হৈ
আৰু মই তিতিছো এজাক জোনাকৰ বৰষুণত
নিশব্দে আগবাঢ়িছে মোৰ খোজ
ফুলবোৰ ফুলা নাই, তৰাবোৰে হহা নাই
কিন্তু এটা সময় আছিল,
যেতিয়া মোৰ খোজত
ফুলবোৰ ফুলিছিল, তৰাবোৰে মিচিকিয়াইছিল,
আৰু মই আছিলো
প্ৰিয়তমাৰ উষ্ণ সান্যিধ্যত মাতাল হৈ ।
প্ৰতিটো পলেই আছিল মূল্যবান
তেওৰ সান্যিধ্যত থকা সময়ত
ঘড়ীটোৱে সোনকালে ঘূৰিব লৈছিল
তীব্ৰ খং মোৰ সময়ৰ ওপৰত
সেই খং তেতিয়াও আছিল আৰু আজিও আছে সেই খং
তেতিয়া সময়বোৰক শাও দিছিলো স্থবিৰ হবলে
আৰু আজি কাকূতি কৰিছো সোনকালে পাৰ হবলে
সেই সময় আৰু এই সময় একে নহয়
কাৰণ সেই সময় আছিল মধুময়
আৰু এই সময় হল দুখময়।
আজিও একেই আছে সকলোবোৰ
এই পৃথিৱী, জোন, বেলি, তৰা সকলোবাৰ
একে নাই কেৱল মই
আজি মোৰ সুখত সুখী হৈ ফুলবোৰ নুফুলে, তৰাবোৰে নাহাহে ।
কাৰণ মোৰ প্ৰিয়তম আজি কাষত নাই ।
কাহানিও আৰু সুখী হব নোৱাৰিম মই
মোৰ সুখত কোনেও আৰু সুখী নহয়
এতিয়া সময়বোৰে মোৰ নিসংগতাক
উপলুঙা কৰি ধীৰেৰে গতি কৰে
বৰ ভয় মোৰ সময়লে
সেয়ে মই এতিয়া কাকূতি কৰো
হে সময় গতি খৰ কৰা ।
(প্ৰতিজন অকলশৰীয়া ব্যক্তিৰ হাতত)
No comments:
Post a Comment