নিস্তব্ধ এই জীৱনত কোলাহলৰ ফাকুগুৰিৰ ৰং সানিবলে ধৰিছাচোন তুমি
তেওঁবিহীন যাতনাৰ দিনবোৰচোন উমাল হব ধৰিছে তোমাৰ পৰশত
তোমাৰ এশাৰী মাতেই মোৰ ধৰালে বোৱাই আনিছে সৰগৰ অমিয়া সুখৰ ধাৰা
এয়াতো মই নাছিলো..
তেওঁবিহীন মাদকতাৰ অনুধাৱনচোন সপোনতো নহৈছিল
তেনেহলে দিঠকত মই নিজৰ মাজতে যুজাৰ অৱকাশে ভুমুকিয়াবলৈ সুযোগ পালে কেতিয়া?
ই হয়তো তেওঁৰ লাস্যময়ী জীৱনত নতুনতাক আকোৱালি লোৱাৰ প্ৰতি থকা মোৰ ক্ষোভৰ বহিঃপ্ৰকাশ !
হয়তোবা তেওৰ চিৰাচৰিত নিষ্ঠুৰতাৰ কোবালতাৰ বিৰোধত হৃদয়ৰ আন্দোলন।
কিন্তু এতিয়া মাথো এটা প্ৰশ্নই মোৰ মস্তিস্কত থিতাপি লৈছেহি
মই পুনৰ প্ৰেমত পৰা নাইতো?

No comments:
Post a Comment