Wednesday, March 20, 2013

হংস ভিনিহিৰ চ'ৰাঘৰ

অনুভৱ ডট্ অর্গৰ তৃতীয় তথা মাৰ্চ মাহৰ সংখ্যাৰপৰা ইয়াৰ পূর্বৱর্তী হাস্য ৰসাত্মক শিতান 'ফেচবুকৰ শপত অ দত্ত দা'ৰ পৰিৱর্তে ''হংস ভিনিহিৰ চ'ৰাঘৰ'' নামৰ অন্য এক হাস্য ৰসাত্মক শিতান আৰম্ভ কৰা হৈছে । এই শিতানটিত আপোনালোকৰ প্ৰশ্নসমুহৰ উত্তৰ দিব যোৰহাট পটীয়া গাঁৱৰ নিবাসী ফেচবুকবাসীৰ অতি চিনাকী হাঁহ বিশেষজ্ঞ হংসধৰ বৰা দেউৱে। প্ৰতিমাহে এই শিতানটিৰ
শ্ৰেষ্ঠ প্ৰশ্নকৰ্তাজনক পুৰস্কাৰ হিচাপে ১০০ টকাৰ ম'বাইল ৰিছাৰ্জ প্ৰদান কৰা হব।

এই শিতানটিত আপুনিও যদি প্ৰশ্ন পঠিয়াব খোজে তেন্তে প্ৰশ্নটোৰ ওপৰত 'হংস ভিনিহিৰ চ'ৰাঘৰ' বুলি লিখি আমাৰ গোটৰ ঠিকনাত প্ৰেৰণ কৰিব পাৰে । 


প্ৰশ্ন ১:
কিচ্ কৰিলে চকু দুটা কেলেই জাপ খাই যায়হে ? (কল্যাণ কুমাৰ কলিতা)

হংস ভিনিহি » কোনে ক'লে কিচ কৰিলে চকু জাপ খায় বুলি? আচলতে জাপ নাখায়, জপাইহে দিয়ে। লাজ বুলি কথা এটা আছে নহয়! ইমান দেখচা দেখচি নো এই কামটো কেনেকৈ কৰে বাৰু? সেয়ে জপায় দিয়ে।

প্ৰশ্ন ২:
ভিনিহি দেউ চ'ৰা ঘৰৰ লাইখুটা কেইটা ?
দ্বিতীয়তে­ সাহিত্য সমাজৰ দাপোন নে সমাজ সাহিত্যৰ আপোন জনাব নে ? (সেউজী চাইনি)

হংস ভিনিহি » কি কথা কয়হে? চৰা ঘৰত লাই গছৰ (লাই শাকৰ) খূটা লগাই হাতৰ কুঠাৰ ভৰিত মাৰিব কিয় খুজিছে? কিছুলোকে কৰে বুলিয়েইনো আপুনি কৰিব লাগেনে? তথাপিও যদি কৰিব খুজিছে কৰক। খূটা কেইটা দিয়ে আপোনাৰ কথাহে।

প্ৰশ্ন ৩:
চিৰ সুন্দৰ কবি জ্যোতি প্ৰসাদ আগৰৱলা দেৱে কৈছৈ যে - বন্দুকৰ গুলীয়ে আদৰ্শক কোনো দিনে হত্যা কৰিব নোৱাৰে। এনে অৰ্থত চালে সাধাৰণতে কথাটো সঁচা। উদাহৰণস্বৰুপে আমি বাপুজীৰ কথাকে কব পাৰো। কিয়নো তেওঁক বন্দুকৰ গুলীৰে হত্যা কৰিলেও তেওঁৰ আদৰ্শক হত্যা কৰিব পৰা নাছিল। কিন্তু এতিয়া পৰিতাপৰ কথা এইয়ে যে যি বস্তুক বন্দুকৰ গুলীয়েই হত্যা কৰিব পৰা নাছিল সেই বস্তুকে আমাৰ কিন্তু বহু ডেকা চাম সকলে হত্যা কৰিব পাৰে। উদাহৰণ স্বৰুপে আমাৰ ডেকা মখাই মহাত্মা গান্ধী আদিৰ দৰে মহান ব্যক্তিৰ আদৰ্শসমুহক অৱহেলা আৰু তাচ্ছিল্য কৰি এই আদৰ্শ সমুহক বহু সময়ত বহু বাবে হত্যা কৰাৰ সমৱৰ্তী কৰি ৰাখে। ভিনদেউ মই এতিয়া প্ৰশ্ন কৰিব খুজো এই মহান বন্দুকতকৈ শক্তিশালী বিষাক্ত ভতুৱা ডেকা চামক আচলতে কি শাস্তি দিয়া উচিত? (বিজয় পাংগিং)

হংস ভিনিহি » আদর্শক আগতেও হত্যা কৰিব পৰা নাছিল, এতিয়াও পৰা নাই। তেওঁলোকে আদর্শৰ নবীকৰণহে কৰিছে। আৰু সেইটো কৰিবলৈ আপুনিয়েই দেখোন সিহঁতৰ দুহাতত হাথিয়াৰ খিনি (যেনেঃ কম বয়সত বাইক, মবাইল, উখহি থকা মনিবেগ ইত্যাদি) তুলি দিছে !

প্ৰশ্ন ৪:
ভিনদেউ অসমীয়াত এষাৰ কথা আছে
"যি মূলা বাঢ়ে দুপাততে চিন"।
কিন্তু বৰ্তমান এইফাঁকিৰ
এটা ৰিমেক শুনিবলৈ পোৱা যায়
যে "যি মূলা বাঢ়ে মদ খালে ওলাই আহে"।
এতিয়া প্ৰশ্ন হ'ল বৰ্তমান যুগত প্ৰচলিত ফাঁকি বৰ্তমান সময়ৰ বাবে উপযুক্ত হোৱা নাই নে বাৰু? (অনুভৱ আকাশ)

হংস ভিনিহি » মূলাডৰা বাঢ়িল বুলিয়েই মদৰ লগতনো কিয় খাব লাগে? ওলাই নাহি কি কৰিব?

প্ৰশ্ন ৫:
আজিকালি মানুহে পঢ়াৰ কাৰণে বাহিৰলে যায়। কিন্তু এটা কথা কোৱা শুনো ডাঙৰ মাছ ধৰিবলে সাগৰত যাবলৈ নালাগে। পিছে যায় কিয়? (চৈয়দ আব্দুল)

হংস ভিনিহি » মাছ বিচাৰি পুখুৰী সিচোতে যদি শামুকহে ওলায়, তেতিয়াহলে মাছ ধৰিবলৈ সাগৰলৈ নগৈ কলৈ যাব হে?

প্ৰশ্ন ৬:
যদিও ৰাৱণে সীতাক হৰণ কৰি নিছিল তেওঁ কিন্তু সীতাক স্পর্শ কৰা নাছিল আনকি মুখলৈও চোৱা নাছিল বুলি আমি জানো। এতিয়া কথাটো হ'ল কিহৰ বাবে তেওঁ এনেকুৱা কৰিছিল? তেওঁ সৎ আছিল নে ভয়াতুৰ আছিল ? (হিমাংশু চহৰীয়া)

হংস ভিনিহি » হেৰি ডাঙৰীয়া, কি কথা কয়হে? মূখলৈ নোচোৱাকৈ নাইবা স্পর্শ নকৰাকৈ ৰাৱণে সীতাক কেনেকৈ হৰণ কৰি নিছিল হে?


প্ৰশ্ন ৭:
হংস ভিনদেউ, আমি জানো যে দুখ থাকিলেহে সুখ থাকে ।
কিন্তু আমি সদায় ভগৱানক প্ৰাৰ্থনা কৰো যে, "প্ৰভূ মোক দুখ কষ্ট নিদিবা আৰু ...!!" - এনেকৈ।
কিন্তু আমি যদি এনেকৈ প্ৰাৰ্থনা কৰিলোহেতেঁন যে প্ৰভু তুমি মোক যিমান মন যায় সিমান দুখ দিয়া মাত্ৰ লগত দুখবোৰ সহ্য কৰিব পৰা শক্তিও দিবা ।
কিন্তু এনেকুৱা কেতিয়াও নহয় কিয় বাৰু ? (প্ৰাণজিত বৰুৱা)

হংস ভিনিহি » ঠিক কথা কৈছে। ভগৱানক যিটো বিচাৰে তাৰ ওলোটাটোহে দিয়ে যেতিয়া আজিৰ পৰা আপুনি এনেদৰে প্ৰার্থনা কৰিবঃ হে ভগৱান; ধুমুহা, বজ্ৰপাত, বানপানী, ভূমিকম্প এটা আনি আন কাৰোৰে একো অপকাৰ নকৰাকৈ কেৱল মোৰ ঘৰখন ধ্বংস কৰি মোক ভিকহু কৰি পেলোৱা। পৃথিৱীত যিমান অচিন বেমাৰ আছে সকলো মোৰ শৰীৰত ভৰাই দিয়া। ইত্যাদি ইত্যাদি।
পাছদিনাৰ পৰা নিউটনৰ সুত্ৰমতে বিপৰীতমূখী প্ৰতিক্ৰিয়া আৰম্ভ হবই। সকলোৱে যদি একেটাকে বিচাৰি থাকে কৰ পৰা দিবহে? তেখেতৰ ষ্টকত মাল থাকিলেহে দিব? গতিকে এনেকৈ বিচৰা জনকহে তেওঁ ফাষ্ট প্ৰিফাৰেন্স দিব।


 প্ৰশ্ন ৮:
হংস ভিনিহি মোৰ প্ৰশ্নটো হল হাঁহে হাঁহে নে নাহাঁহে? (দেৱজিত মেচ)

হংস ভিনিহি » হাঁহে হাঁহিলেহে হাঁহে। নাহাঁহিলে নাহাঁহে।

প্ৰশ্ন ৯:
নষ্টাল'জিয়া মানে নষ্ট' ভূজিয়াৰ দৰে কিবা খোৱা বস্তু নেকি? (অশোক কুমাৰ নাথ)

হংস ভিনিহি » হয়। অতীতৰ কোনো এক আবেলিত তেওঁৰ সতে ভগাই খোৱা কাজু বাদামখিনিৰ নামেই নষ্টালজিয়া।

প্ৰশ্ন ১০:
ছাগলীৰ দুটা বাট, পোৱালি চাৰিটা বা পাঁচটা। আটাইকেইটাই দুটা বাটৰ গাখীৰ খাবলগা হয় । কিন্তু গৰুৰ চাৰিটা বাটৰ গাখীৰ পোৱালিটোৱে অকলে খায়। এইটো সৃষ্টিকৰ্তাৰ ভুল নে ছাগলী পোৱালিকেইটাৰ দুৰ্ভাগ্য? (দীপজ্যোতি নাথ)

হংস ভিনিহি » যেতিয়াই তেতিয়াই সৃষ্টিকর্তাৰ ভুলখিনিতে নজৰ দি নাথাকিবচোন। তেনে বিসংগতি আমাৰ সমাজতো আছে দেখোন! তিনিটা প্ৰাণী থকা ঘৰখনতো তিনিটা চৰু দেখিছো। আনহাতে যৌথ পৰিয়ালবোৰত বিশ বাইছটা প্ৰাণীয়েও একেটা চৰুত খোৱা এই চকুচৰহাই দেখিছো।
এতিয়া কওকচোন, একেটা চৰুত বিশ বাইচটা প্ৰাণীৰবাবে অন্ন সিজালে কোনোবা প্ৰাণী আধাপেটীয়া হয় নেকি
?

»»» এই মাহৰ শ্ৰেষ্ঠ প্ৰশ্নকর্তা শ্ৰী দীপজ্যোতি নাথ। অভিনন্দন দীপজ্যোতি নাথ।

No comments:

Post a Comment