Wednesday, March 20, 2013

হোলী পৰ্ব আৰু ফাকুৱা (সেউজী চেইনি)

হোলী বা ফাকুৱা এটি ভাৰতীয় কৃষ্টি সংকৃষ্টিৰ অপৰিহাৰ্য্য অঙ্গ।ইয়াৰ তার্ত্‍পয্য অতি গুৰুত্বপূর্ণ।কাৰ্য্যত: ই ৰঙৰ উত্‍সৱ কিন্তকিংবদন্তীত ইয়াৰ এক কৰুণ কাহিনী জড়িত হৈ আছে।য'ত সত্য, ন্যায় প্ৰতিষ্ঠা আৰু ধর্ম্মৰ জয়ৰ দৃষ্টান্ত নিহিত হৈ আছে।
সত্য যুগত হিৰণ্যশিপু নামৰ এজন প্ৰতাপী দৈত্য ৰজা আছিল।তেওঁৰ পুতেক প্ৰহ্লাদ আছিল ভগৱান বিষ্ণুৰ ভক্ত।আনহাতে প্ৰৱল প্ৰতাপী হিৰণ্যশিপুয়ে তেওঁৰ প্ৰজা সকলক নির্দেশ দিছিল তেওঁকে ঈশ্বৰ ৰূপে পূজা কৰিবলৈ।
কিন্তু তেওঁৰ নিজৰে পুত্ৰ প্ৰহ্লাদে ভগৱান বিষ্ণুৰ নাম,জপ আৰু ধ্যানত মগ্ন।দেউতাকে নানা ধৰণে কষ্ট দিয়ো প্ৰহ্লাদক ভগৱান শ্ৰীহৰি বিষ্ণুৰ ভক্তিৰ পৰা বিচলিত কৰিব নোৱাৰিলে।অৱশেষত ­ হিৰণ্যশিপুয়ে পর্ব্বতৰ ওপৰৰ পৰা প্ৰকাণ্ড জুইত পেলাই দিয়াৰ সিদ্ধান্ত ল'লে।হিৰণ্যশিপুৰ ভনীয়েকে ভগৱান ব্ৰহ্মাক তপোবল প্ৰসন্ন কৰি বৰ লৈ থৈছিল যে তেওঁ জুইত দাহ্য নহয়।সেয়ে ককায়েকে আদেশ দিলে যে তাই প্ৰহ্লাদক কোলাত লৈ র্পব্বতৰ ওপৰৰ পৰা জুইত পৰি দিব ,তেতিয়া প্ৰহ্লাদ জ্বলি যাব আৰু হলিকা নিবিঘ্নে জুইৰ পৰা ওলায় আহিব।যেন আদেশ তেনে কাম ,সকলো আয়োজন হৈ যোৱাৰ পিচত পেহীয়েক হলিকাই বালক প্ৰহ্লাদক কোলাত লৈ পাহাৰৰ পৰা জুইত পৰি দিলে।কিন্তু কথা বিপৰীত প্ৰহ্লাদৰ নোম এডাল নজ্বলাকে জুইৰ পৰা নামি আহিলে আৰু প্ৰহ্লাদৰ পৰির্বতে পেহীয়েক হলিকা জ্বলি ভষ্ম হ'ল।
অৱশেষত এদিন অহঙ্কাৰী হিৰণ্যশিপুক নৰসিংহ ৰূপ ধৰি হত্যা কৰি প্ৰহ্লাদক আশ্বাস দি পিতৃৰ ৰাজ সিংহাসনত বহুৱালে।কালক্ৰমত সকলো প্ৰজা বিষ্ণুভক্ত হ'ল।আৰু ফাগুনৰ পূর্ণিমাৰ দিনা ধান,যৱ,গেহু, বাজৰা আদিৰ নৰাৰে পর্ব্বতৰ দৰে এটা মেজি সাজে আৰু তাতে গোবৰেৰে দৈত্যৰ মালা সাজি শুকুৱাই প্ৰত্যেকঘৰে সেই মালা তাত থাপি দিয়ে।আৰু সদৌ ৰাইজে সেই পর্ব্বত সদৃশ মেজিটো জ্বলাই অন্যায়ক জ্বলাই প্ৰতিস্থা কৰে আৰু পিচদিনা সেই ফুটচাইৰে খেল খেলিছিল।সেই পৰম্পৰা আজিও অব্যাহত আছে।কাল ক্ৰমত দ্বাপৰ যুগত ভগৱান বিষ্ণুয়ে শ্ৰীকৃষ্ণৰ অৱতাৰ লৈ সেই পৱিত্ৰ ফুটচাই খেলৰ পাচত প্ৰকৃতিত ফাগুনত ফুলা নানান ৰঙী ফুলৰ ৰঙৰ পৰা তৈয়াৰী ৰং বা ফাকু খেলিছিল।সেয়ে হলি উত্‍সবক ফাকুৱা বা ফাগুৱা অৰ্থাত্‍ ফাগুনৰ উত্‍সব বুলি কয়।হলি বা ফাগুৱাই অন্যায়ক জ্বলাই ন্যায় আৰু শান্তিৰ প্ৰতিষ্ঠা কৰিছিল বা তাৰে উদাহৰণ ডাঙি ধৰে।অন্য হাতে ইয়াত প্ৰেমৰস আৰু ভক্তিৰসৰ দৃষ্টান্ত শাস্ত্ৰজ্ঞ সকলে বর্ণনা কৰি থৈ গৈছে।আমাৰ অসম তথা উত্তৰ পূর্ব্বাঞ্চলৰ থলুৱা ৰাইজে ভগৱান শ্ৰীকৃষ্ণই খেলাৰ আর্হিত ফাকুৰ ৰঙেৰে ইজনে সিজনৰ গাত ছটিয়াই আনন্দৰে ফাগুৱা খেলি হিংসা দ্বেষ ত্যাগ কৰি একতাৰ ডোলেৰে বান্ধ খাই।উত্তৰত ভাৰতত পৰম্পৰাগত সত্যযুগৰ নিয়ম খিনিৰ লগতে দ্বাপৰ যুগৰ নিয়ম খিনি মিলাই শান্তি আৰু ঐক্যৰ মেলা পাতে।সেইদিন কেইটাত নবৌ আৰু দেৱৰবিলাকে মোকলিমুৰিয়াকে ৰং খেলে।খেলাৰ অন্তত আমাৰ বিহুৰ দৰেজেষ্ঠজনৰ ভৰিত ধৰি আর্শীব্বাদ লয়।
আহক আমি সকলোৱে নানা ৰঙী ফুলৰ গুৰাৰে ফাকু খেলি হলিকাৰূপী অসত্‍ আৰু হিৰণ্যশিপুৰূপী অলঙ্কাৰক দলিয়াই প্ৰহ্লাদ ৰূপী শান্তিক প্ৰতিষ্ঠা কৰি বিশ্বত ৰামৰাজ্যৰ দৰে শান্তি প্ৰতিস্থা কৰোঁহঁক।আৰু সকলোলৈ হোলী উত্‍সৱৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো।

No comments:

Post a Comment