মৰমৰ নীহাৰিকা,
এয়া নিশাৰ নীৰৱতাৰ লগত মিতিৰালি কৰি বহিছোঁ হাতত শুভ্ৰ পৃষ্ঠাৰ কোমল দলিচাত তোমালৈ নীলাবুলীয়া এখন চিঠি লিখো বুলি ।
সুখৰ দিনৰ অতীতৰ স্মৃতি আৰু মনৰ বেদনাৰ ধূসৰ কুঁৱলীসনা মেপখনৰ এটা বহিপ্ৰকাশ বুলিয়েই ভাবিব পাৰা মোৰ এই চিঠিখন ।
এতিয়া সাত বছৰ আগৰ স্মৃতিবোৰে মনত আউল লগাইছেহি ।
সোঁৱৰণিৰ গৰ্ভত লাহে লাহে জিলিকি উঠিছে পুৰণি কথাবোৰ ।
কৰপৰা আৰম্ভ কৰোঁ বাৰু....সিদিনা আছিল আঘোনৰ কোনো এটা জোনাক মিশ্ৰিত শীতৰ সন্ধিয়া । সিদিনা মই গৈছিলো দূৰ সম্পৰ্কীয় ককাইৰ ল'ৰা ৰতনদাৰ হবলগীয়া বিয়া ঘৰখনলৈ বুলি । গৈ পাওঁতে সাজ লাগিছিল । তুমি যে সেই ক্ষণত চোতালত বহি প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য্য উপভোগ কৰি আছিলা....হয়তো জোনৰ জোৎস্নাৰ দেশত যোৱাৰ স্বপ্নত বিভোৰ হৈ আছিলা । তোমাৰ প্ৰথম সাক্ষাততে সাইলাখ পৰী যেন অনুভব হৈছিল মোৰ । মৰতলৈ নামি অহা যেন তুমি এক অজানা পৰী ! এক অপূৰ্ব মিঠা মাদকতাই মন আছন্ন কৰি ৰাখিছিল । আলফুলীয়া সপোন এটিয়ে মন আকাশত ভুমুকি মাৰিছিল। তোমাৰ ৰূপ মাধুৰীত বিমোহিত হৈ পৰিছিলো মই । তুমি মোক দেখি নীৰৱে চাইছিলা....
কি যে এক মায়াময় যাদু সনা আছিল তোমাৰ দুচকুত ।
এক শিহৰণ জাগিছিল মোৰ হৃদয়ত নিভৃত কোণত । বাকৰুদ্ধ হৈ আমি পৰস্পৰে পৰস্পৰক চাই ৰৈছিলো, ওঁঠৰ ভাষা হেৰাই গৈছিল দুয়োৰে । মৌনতাই আৰু অধিক মায়াময় কৰি তুলিছিল আমাৰ চৌপাশৰ পৃথিৱীখন ।
হঠাৎ কাৰোবাৰ মাতত সম্বিত ঘূৰাই পাইছিলো ।
তাৰ পিছৰ দুটা দিন । আসঃ তুমি আৰু মই কিমান যে ধেমালি কৰিছিলো! দুদিনৰ পাছতেই আহি পৰিছিল বিদায়ৰ বেলা । হঠাতে তেনে বেদনা সহিব পৰা নাছিলো । তোমাৰ সিক্ত দুচকু আৰু স্তব্ধ ওঁঠৰ ভাষা বুজিছিলো, এক অবুজ বেদনাই অহৰহ খুন্দিয়াইছিল মোৰ হিয়াৰ নিভৃত কোণত । কিজানি তুমিও বুজিছিলা মোৰ ভগ্ন হৃদয়ৰ ভাষা । স্মৃতিৰ জোলোঙাত তোমাৰ সেই দৰদী মৰমবোৰ ভৰাই বিৰিং বাৰাং ভাৱনাৰে মই বিদায় লৈছিলো তোমাৰ পৰা ।যোগাযোগৰ দুৰাৱস্থাত হেৰাই গৈছিল তোমাৰ ঠিকনা । তুমি বিলীন হৈ গৈছিলা ক্ৰমে অচিন চহৰত ।
এতিয়াও কাঁচি জোনে একলা দুকলাকৈ বাঢ়ি গৈ জোনাক সিঁচে ।
তোমাৰ চকা মকা মায়াবী ছবি
আজিও মোৰ দুচকুত ভাহে ।
এবুকু আশা বুকুত লৈ অতীত স্মৃতিৰে হিয়া উপচাই
তুমি যোৱাৰ বাটত হেঁপাহেৰে ৰৈ থাকোঁ মই
প্ৰত্যাশাত আপ্লুত হৈ ।
হৃদয়ৰ তাগিদাত উথলি উঠা প্ৰেমৰ বাৰিষাত চেনেহী ফাগুনীৰ ঠিকনাত তোমালৈ বুলি চিঠিখন দিলো, তুমি আদৰি লবা বুলি ।
প্ৰান্তত -
তোমাৰ
অবুজ মৰম
পহিলা ফাগুন ।

No comments:
Post a Comment