Tuesday, March 19, 2013

জাহ্নবী, এই বাটে নাহিবা (সেউজী চেইনী)

(১)
লাহীৰ বুকুখন বিষাই গ'ল তাই হৰিহঁতৰ ঘৰলৈ গৈ যদুৰ ফোন নধৰিলে। ধৰিবই বা কিয়? গোপন হত্যাৰ ফিৰিঙতিয়ে দেশখন আৱৰি আছে। লাহীৰ অভিমান কৰিবৰ মন গৈছিল কিন্তু কেনেকৈ কৰিব পাৰে? বজৰং বিচৰণৰে পৰা তাই যদুক লগ পোৱাই নাই। যদুয়ে সুবিধা পালেই দেশসেৱাৰ কথা কয়, শোষণ মূল্যবৃদ্ধি আদিৰ ওপৰত লেকচাৰ দিছিল কিন্তু তাই নেজানিছিলে সিযে উগ্ৰ দেশপ্ৰেমিক।
গাৰুত মুৰটো গুজি তাই শুই পৰিল। ৰাতিৰ নির্জ্জনতা আৰু শীতৰ স্তব্ধতাই তাইক উত্‍কণ্ঠিত কৰিছিল। কিন্তু তাই স্বীকাৰ কৰা নাছিল সময়ৰ তাকাজাক। চকুত অনেক দুঃসহ অতীতক নেওঁচি টোপনি বিচাৰিছিল|
বাৰীৰ কলজোপাত বোধহয় বাদুলী পৰিছে। পিচফালৰ বাঁহনিত শিয়ালবোৰে গান বাজানাৰ মেলা পাতিছে।
"ছেঃ এই শিয়াল সোপাৰ নহ'বলৈ হ'ল"

তেতিয়া মাজ নিশা ইকৰাৰ বেৰখন বতাহ নিগনি কেইটাই কুটি থকাৰ শব্দত তাই সাৰ পালে। এড়ি চেলেং আৰু বৰকাপোৰৰ জাপে তাইক তপত কৰি থৈছিল। মুৰটো ডাঙি নাওৰা তলৰ বেৰখনলৈ চাই দেখে যে নিগনিৰ অধিবেশন।
"আজি চম্পা আলহী খাবলৈ গ'ল, নহলে এই গালৰ পিকনিক নে?" তাই খঙতে ভোৰভোৰাই পুনৰ জাপৰ তলত মুৰ সোমোৱাই শুই থাকিল।
লাহী এক সাথঁৰ সচিত উপমা, সময়ৰ জলন্ত সাক্ষী আৰু র্ধৈয্যৰ এক নজহা নপমা উদাহৰণ।
চম্পা লাহীহঁতৰ পোহনীয়া মেকুৰী, লাহীৰ আইতাকৰ ঘৰলৈ লাহিৰ মাকৰ লগত গৈছিল, মাছৰ লোভত তাই তাতে থাকিল। লুইত পাৰৰ ৰূপহীচোক চম্পাৰ গাওঁ। মাক দেউতাক দুয়োৰে চৰকাৰী নিম্নস্তৰৰ চাকৰি। বোধহয় মাকে হাইস্কুলত বাই কৰে আৰু দেউতাকে হস্পিতালত ভাতৰ ঠেলা চলায়। আৰু খেতিয়ে বাতিয়ে ৰমৰমীয়া। সময়ৰ অভাৱত ঘৰটো পকীকৰা নাই। নাহৰ খুটা আৰু শলখৰ বৰঙা দিয়া দুটা মজবুত ঘৰ। বাৰীৰ উলু খেৰেৰে চোৱা বৰ ধূনীয়া চালৰ ঘৰবোৰে অসমৰ বনজ সম্পদৰ কথা কয়।
লাহি নষ্টালজিক হৈ আনমনা হৈ পৰিল। তাই নিজৰ অতীতত বিচাৰিলে। প্ৰত্যুত্তৰত তাই পালে দাঁত নিকটাই কথা কোৱা এজনী পিশাচী। তাইৰ খং উঠিছিল।

খিৰিং কৰা যেন শুনি তাই খিড়িকীখনৰ ফালে দৃষ্টি নিঃক্ষেপ কৰিলে! এডাল সৰু বাঁহৰ চেকনি বামুণী সাপৰ নেগুৰৰ দৰে লিকলিকাব ধৰিলে। তাই সন্তর্পণে বিচনাৰ পৰা নামি দুৱাৰখন খুলি দিলে। আপদীয়া বাহঁৰ দুৱাৰখনে কেৰেক শব্দ কৰাত লাহিৰ ককাক সাৰ পালে। আশীৰ দেওনা গছকা ফুলবৰৰ টোপনি পাতল।
"কোন হঁক"
"মই, সৰুপানী লাগিছে"
"অ ভয় নকৰিবি, মই সাৰে আছোঁ"
"তুমি শোৱা, ভয় নকৰোঁ"
ঘনঘন উশাৰে ফুঁচফুঁচাই যদুয়ে ক'লে "ভাত সোপা দিয়া"
কলপাত মেৰিয়াই গামোচাৰে বান্ধি থোৱা ভাতৰ টোপোলাটো লাহিয়ে যদুৰ হাঁতত দিলে। যদুৰ বৰ ভোক লাগিছিল কিন্তু সময় নাই। দুহাঁতে আলফুলে লাহিক সাবতি বহুত চুমাৰে উপচাই সি ওলায় গ'ল। লাহিৰ সাথঁৰ সাথঁৰ লাগিল।

যদুলৈ পুতৌ উপজিছিল কিন্তু নিৰুপায় সি দেশপ্ৰেমিক,সি কাৰো নুশুনে। হয় যদি হওক দেশখন মুক্ত হওক।
"ছেঃ মহা বিপদ এই অহমকটোৱে ক'লেও নুবুজে" সাপৰ দৰে বগুৱা বাই তাই ঢাৰিপাটি ধৰিলে। হুকুৰ হুকুৰ কৈ কাঁহি কাঁহি ফুলবৰে আটাইৰে টোপনি ভাঙিলে। বুঢ়ী ডালিমীয়ে খোলা মুখেৰে বলকিব ধৰিলে "আৰু ভাং এসোপা আনি দিওঁ নে?"
এৰা আশী বছৰৰ ইতিহাস গঢ়কা ফুলবৰ। সৰুতে জুহালত বহি বহি পিতায়েক- ককাদেউতাকহঁতে খোৱা পাণকানিৰ সোৱাদ লৈছিল। মাজে মাজে মলা ধপাতৰ হুকাৰো আমেজ লৈছিল। হেকেৰ নেকেৰ কৈ উঠি বুঢ়ী ডালিমীয়ে জুইৰ কাষত থোৱা কেটলিৰ পৰা গৰম পানী এবাটি বাকী বুঢ়াক দিলে। খুকখুকাই এথেপা খেকাৰ উলিয়াই বুঢ়াই ফুটছাঁইৰ চৰিয়াত পেলাই মুখ খন কুলকুলালে।
তেতিয়া পুৱতি তৰাই পূৱ আকাশত তিৰবিৰাই ৰাতিৰ নিস্তব্ধতাক জেউতি বিলাইছিল। বোধহয় মাঘৰ কৃষ্ণপক্ষৰ ৰাতি আছিল। ভৰপক ঠাণ্ডাৰ ৰাতি নিয়ৰবোৰ কমিল মাত্ৰ শুষ্কশীত। টকলা মেডেলুৱা জোপাতপৰি ফেঁচাজনীয়ে ৰাগ টানিলে। গাঁৱৰ ডেকাহঁতে কান্ধত নাঙল লৈ গৰু খেদি খেদি পথাৰলৈ গ'লেই। আহুতলি চহাই আহুধান সিঁচি আজৰি হ'ব যে লাগে। টাউনৰ মছ্জিদৰ আজানো শুনা গ'ল। জুইৰ তাপৰ আমেজত ফুলবৰ টোপনি গ'ল। লাহিয়ে এটি ভয়ানক ভৱিষ্যতৰ পম খেদি খেদি টোপনি গ'ল। লাহি চকখাই উঠি দেখি বাহিৰত দিনৰ পোহৰ ! খিড়িকী জলঙাৰে বেলিৰ কোমল পোহৰে লাহিক পুৱাৰ সম্ভাষন জনালে।
লাহিৰ হাতখন জিনজিনাই গৈছিল। তাইৰ মুখত শঙ্কাৰ চিন সুস্পষ্ট। তাই সপোন দেখিছিল নে দিঠক ধৰিব পৰা নাছিল। মূগাৰ মেখেলা ৰিহাপিন্ধা অগৰাকী প্ৰৌঢ়া কাণত জাংফাই ডিঙিত চিপাত মঢ়ি আৰু ৰঙা সেউজীয়া মিহি মণিৰ গোথা বহু তৰপীয়া মালাৰ জোনবিড়ি। ওঁঠ দুটাত বৰহম ঠুৰিৰ বোল। কেচক'লা দীঘল চুলিটাৰিৰ কলডিলিয়া সোপা। চকুযোৰ সেউজ বুলীয়া। কপালত পুৱাৰ সূৰুয। তেওঁৰ চাৰিওঁফালে অসংখ্য সন্তান। মাকে বুজাইছে কোনোবাই বুজিছে আৰু কোনোবাই যুজিঁছে। উপায় নেপাই মাকে পাহাৰৰ গুহাত সোমাই গ'ল।
"আই আই" কৰি সন্তানবোৰে ৰাউচি পাৰিলে। তাত যদুকো দেখা যেন লাগিল।
"বোধহয় তেওঁ অসমী আই !" তাইৰ অণ্ঠকণ্ঠ শুকাই গৈছিল। লাহেকে তাই বাঁহৰ বিচনাখনৰ পৰা নামিল। আনি থোৱা তেজমুই দাতোঁন এডাল কামোৰি কামোৰি তাই পিছফালে নাদৰ পাৰ পালেগৈ। খুড়ীয়েক মূলাদৈয়ে তিনিদিনৰ মাহেকীয়া গা ধুই গাত ধানখেৰৰ সাৰ পানীখিনি মুৰে কাণে ঢালি র্সূয্যলৈ চালে। বৰমাক ক্ষীৰমায়ে ঢেলাচাবোনেৰে তিয়নিবোৰ ধুই আছিল।
"চাওঁ পানী এলোটা দে" লাহীয়ে বৰমাকক ক'লে।

বোবা অবিবাহিত জেঠায়েক কলিয়ে বৰাচাউল চেৰা দি আটাইকে দিলে। ফুলবৰ বুঢ়াক জহাচাউলৰ ভাত এমুঠি মাগুৰ মাছ খৰিকা দি দিয়াৰ যোগাৰ কৰি কলিয়ে বৰ পুদুৱা পুদিকে লাহিক আংবাংকে বকিলে। লাহিৰ বুজিবলৈ বাকী নেথাকিল পৃথিৱীত কি হৈছে। তাই জেঠায়েক পাগলী হ'ল বুলি কৈ বাহিৰলৈ ওলায় গ'ল।
"কলিৰ কি হ'ল ইমান বেংবেঙাইছে?"
"কর্কৰা ভাতৰ দন্দ, লাহিয়ে হেনো মেকুৰীক খোৱালে। তাতে কালি জানো পাটীহাঁহ মৰা নাই জানো"
"লাগিৰ লেঠা" ফুলবৰে ক'লে।
এজগ পানী, এজগ চাহ আৰু কলপাততে জলপান মেৰিয়াই গামোচাৰে বান্ধি কলিয়ে ভোৰভোৰাই হালোৱাক চাহ দিবলৈ গ'ল। পিতলৰ খুন্দনাত তামোল খুন্দি বুঢ়ী ডালিমীয়ে মুখত ভৰাই লৈ বৰপুতেকৰ ঘৰলৈ গ'ল। গোহালিৰ গোৱৰ জাৱৰ পেলাই লাহিয়ে ফুলনিত পানী দিলে। তাঁতৰ পাতত বহি দুটামান ফুলৰ কাঠি বাছি তাঁত এৰি বিচনাত পৰিলেগৈ।
"কিনো তাঁত বম"- এৰা কথাষাৰ ঠিকেই তাঁতবৈ কাপোৰ জাপি কৰিবই বা কি। যৌৱনৰ পুৱতিবেলা যাক হৃদয় দিলে সি থাকে বনত। এই বনবাস ৰাম আৰু যুধিষ্ঠিৰৰ বনবাসতকৈও ভয়ানক!
ৰাতি টোপনি পূৰ হোৱা নাছিল। তাই টোপনি যোৱাৰ যত্ন কৰিলে।

(২)
মাঘৰ দিন শেষ হবৰ হ'ল, প্ৰকৃতিত ফাগুনৰ বতৰা। বাৰীৰ নুনিজোপাই কুঁহিপাতৰ লগতে ফুলৰ বাগৰো সলাইছে। আহোম বগৰী জোপাই গোলপীয়া পাহিৰে টকলা শীতক বসন্তৰ আগমনৰ বতৰা দিলে। লাহিয়ে কচুঁ কাটি কাটি যদুৰ কথা ভাবিলে "তাৰটোৱেই যুক্তি, আমাৰ বোৰ কথাই নহয়, এনেহেন হনুমানটো।" একেবাৰে ৰাৱণৰ অশোক বাটিকাৰ পৰা সীতাক উদ্ধাৰ কৰিহে উশাহ ল'ব। হেৰ' সময়ৰ শৰ সময়তে ৰজে, সেই ৰাৱণৰ দিনত ৰাম আছিল অৱতাৰী পুৰুষ, এতিয়াতো ৰাম নাই, আছে বাৰুদ বোমা"
লাহিয়ে আৰু ভাবিব নোৱাৰা হ'ল কিবা এটাৰ আশংকাত কাণ দুখন গমগমাই গ'ল, যেন কাষতে বমহে ফুটিলে। তাই খপকৰে মাটিত বহি আকাশলৈ চালে। চাৰিওফালে খৰাং! গছ বিৰিখবোৰ টকলা, বাহনিখনো পকাপাতেৰে ভৰপূৰ, বৰ এলাগী পৰিৱেশ। গছবোৰত ডালে ডালে কুহিঁপাত সলাবৰ বাবে টেমুনা টেমুন মুকুলবোৰে আশাৰ সঞ্চাৰ বিলালে। ফাগুন আহিলেই কুহিঁ ওলাব। বাঁৰীচুকৰ বগৰীজোপা জোকাৰি জোকাৰি গাঁৱৰ সৰু ল'ৰা ছোৱালী এসোপাই বগৰী বেগত ভৰাই আছিল, লাহি গৈ তাৰ কাষ পালেগৈ।" ব্ৰহ্মাণ্ডখনত আমাৰ বগৰী জোপাহে পালি "নুশুনা ভাওঁজুৰি ল'ৰামখাই নিজৰ নিজৰ টোপোলা লৈ বগৰী তল ত্যাগ কৰিলে। কচুঁৰ খৰাহিতে তলসৰা বগৰীখিনি বিচাৰি বুটলি ঘৰ মুৱা হ'ল।
ঘৰত মিহলিধানৰ মৰণাটো জোকাৰি জোকাৰি দেউতাকে লাহিক চাহৰ কথা কোৱাত তাই হাত ভৰি ধুই জুহাল পালেগৈ। জেঠায়েকে চাহ কৰিয়েই থৈছিল তাই কাঁহৰ বাতি এটাত বাকি লৈ গৈ দেউতাকক দিলেগৈ। আইতাকে কাৱৈ মাছ কেইটামান জুইত পুৰি থকা দেখি আহিছিল। ৰাতিপুৱা মাগুৰমাছৰ খৰিকা অলপ তাই ভালকৈ থৈ দিছিল, সেয়ে আবেলিৰ র্ককৰাৰ আমেজ লোৱাত তাই পলম নকৰিলে। বা মাৰলি এটাই মৰণাৰ খেৰ উৰাই আকাশ পোৱালেগৈ।
"ছেঃ গৰুকেইটাৰ মুৰ ঘুৰাব পাৰে" বুলি লাহিৰ দেউতাকে সিহঁতক পানীৰে মূৰটো মোহাৰি দিলে।

''সন্ধিয়াৰ বাতৰি লিলিসেন গুপ্তাই পঢ়িছোঁ" বুলি সন্ধিয়াৰ সাত বজাৰ বাতৰিত অশান্ত অসমৰ বাতৰি কৈ গ'ল। ভ্ৰাতৃদ্ৰোহৰ বিভীষিকাত অসম উত্তপ্ত। শ্ৰোতাসকলৰ পেটতে হাত ভৰি লুকাল। লাহিৰ বুকুখন ডেক ডেক কৰি গৈছিল। বাতৰিৰ শেষত বেলেগ শুনাৰ সাধ্য কাৰো নাছিল। লাহিয়ে আখল ঘৰলৈ গৈ ঘট ঘটকৈ এঘটি পানী খাইহে তত পাইছে। তাই মনতে ভাবিলে যদুক তাই পুনৰ আচল সুঁতিলৈ আনিব। মাজনিশা মাঘ মাহত নিস্তব্ধতাই প্ৰকৃতিক আৱৰি ধৰে তাৰেই আঁহফালি হেজাৰ যদু আহে এমুঠি ভাত আৰু অকণি অহৈতুকী মৰম বিচাৰি বহুবাৰ লাহিৰ পাকঘৰলৈ। লাহিৰ ঘনঘন উশাহবোৰে যদুক উন্মাদ কৰিছিল। কিন্তু র্কত্তব্য আহ্বানক নেওঁচি যদুৱে এখোজো আগুৱাব নোৱাৰে। ক্লীৱৰূপী মনেৰে লাহিক সজোৰ সাবটি ক'লে"অপেক্ষা কৰা, দেশ জয়ৰ মুকুট তোমাকে পিন্ধাম।"
ভাতৰ টোপোলালৈ যদু ওলাই গ'ল। ফুলবৰ বুঢ়াই মাত দিলে "গোহালিত গৰুৱে বান্ধ খুলি ওলালে নেকি? কুকুৰে ইমান ভুকিছে।" ডালিমীয়ে কলে "এই কেইটাই ভুকেই।"

 স্বাধীনতাৰ আগত অসম সোণৰ আছিল।অবিভক্ত ভাৰত আনহে নেলাগে ব্ৰহ্মদেশো নিজৰে নিচিনা আছিল।কেঁচা সামগ্ৰী উভৈনদী।সুস্থ পৰিবেশ,ভ্ৰাতৃত্ববোধ। কিন্তুবিনা মেঘে বজ্ৰপাত হৈ দেশ স্বাধীন হোৱাৰ আগতে ভাঙি গৈ দুটুকুৰা হ'ল।বৰ ঘৰৰ মাৰ'লি আৰু ভড়ালৰ ভীম ভগাৰ যি দুর্ভীক্ষ,সেই বেংচেৰেপিয়া দুর্ভীক্ষই স্বাধীন ভাৰতক জুৰুলা কৰিছিল।

স্বাধীন ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাবোৰ বৰ লেহেমীয়া আৰু অবৈধ গতিত চলিল যেন কণাহাহঁক পতান ধান।কিন্তু সংবিধানৰ ৬নং অনুসূচীৰ আলমত বৰ অসমখনৰ চিৰিলা চিৰিল কৰি উত্তৰ পূর্ব্বাঞ্চল হ'ল।বিদেশী আৰু প্ৰবজনকাৰীৰে চৰকাৰী ঘৰ ভৰি গ'ল।কাৰো সময় নাছিল খিলঞ্জীয়া ৰাইজখিনিৰ কথা চিন্তা কৰিবলৈ।সকলোতে কেৰোণ আভ্যন্তৰীণ সীমাৰ কামকণো অপৈণত।বন্ধুৰ হাতত বন্ধুৰ প্ৰাণ যায় সীমামূৰীয়া গাওঁবোৰত। বুৰঞ্জী প্ৰসিদ্ধ চিহ্ন ,থলুৱা ভাষা দোৱান,প্ৰথা সংস্কৃতিৰ ভয়ঙ্কৰ ৰূপ,নাৰীৰ যৌন শোষণ আদিয়ে উত্তৰ প্ৰজন্ম আৰু চিন্তাশীল ব্যক্তিক ভাৰাক্ৰান্ত কৰিছিল।এনেদৰেই আই অসমীৰ প্ৰতিটো সন্তানৰ মঙ্গলৰ চিন্তাত ঘৰ বাৰী এৰি এচাম যুৱক গোড়া দেশ প্ৰেমিক হৈ গৃহ ত্যাগ কৰিছিল।যদুও এদিন অনুপ্ৰাণিত হৈছিল।

এদিনৰ কথা যদু চহৰলৈ গৈছিল।বাছত এজন অনাঅসমীয়া বৃদ্ধই লগতে বহি অহা ছোৱালী এজনীক কেতিয়াবা ইফালে কেতিয়াবা সিফালে কৰি যৌন নিয্যাতন চলাই আহিছিল।বাছ চহৰ পোৱাৰ পিচত যদুৱে তাক চৰ গোটাচেৰেক দিলত তাক পুলিচে ধৰি লৈ গ'ল।যদু দোষী প্ৰমাণিত হ'ল আৰু দিন ভৰ থানাৰ হাজোতত থাকিল। বাছৰ চালকে টকা পাঁচশ পুলিচক দিহে ৰিহা কৰি আনিলে।এনেদৰে অলেখ অবৈধ পৰিস্থিতিয়ে অসমত গা কৰি উঠিছিল।আৰু এইহেন দুৰ্নীতিৰ মকৰধ্বজ ভাঙি সুশৃংখল অসম গঢ়িবলৈ গৈ যদুহতঁ আইনৰ দৃষ্টিত জগৰীয়া হ'ল। দেশসেৱা কৰা যদুহঁতৰ মুখেদি ওলাইছিল তাতে মাঘ মাস দিনৰ ভাগত বৰ মস্কিল হয় ৰ'দলৈ ওলালে গৰম ছাঁলৈ গ'লেও ঠাণ্ডা।মণ্ডলৰ বাঁহনিখন জাতি, ওৱাথৈ ভলুকা বাহেঁৰে ঠাঁচ খাই আছিল।ঔটেঙা, কুৱাভাটুৰী, কঁঠাল লেটেকু, নাহৰ পাৰলি আদি গছেৰে ভৰপুৰ; জার্ম্মাণীবন কপৌঢেকীয়া বেতগাজেৰে ঠাঁহ খাই আছিল।এদিন মণ্ডলৰ ল'ৰাই বাঁহ কাটিবলৈ গৈ কি দেখিলে সি কিন্তু তালৈ দুনাই যোৱাৰ নাম নলয়;মাত্ৰ কয় "আমাৰ বাঁহনিত বাঘ আছে আৰু বুকুত চকু থকা কণভূত আছে।"

ৰাতিপুৱাই এজন অচিনাকী যুৱক আহি ধনবৰৰ দোকানৰ পৰা পপ বিস্কুট লৈ যায়হি।কিন্তু কাৰনো গৰজ পৰে কৰ মানুহ কি কথা সুধি ফুৰা।উচ্চাভিলাক্ষী অসমীয়া মানুহ মখাৰ এনে কিছুমান বৈশিষ্ট্যই মহীয়ান কৰি থৈছে।জাতি গোট সমুহ সমিতি সকলো আছে কিন্তু উদাৰ সমাজ ব্যৱস্থা আৰু নিৰপেক্ষ।অন্য ৰাজ্য বিলাকত নতুন চেহেৰাৰ মানুহ দেখিলে তেওঁৰ উত্‍কৃষ্ট অনুসন্ধান আৰু থকা সৰকা প্ৰশ্নই উভতি যোৱাৰ বাট দেখাই দিয়ে।যিবিলাকত নিষেধাজ্ঞা জাৰি আছে তাতটো শ্বহীদৰ পিতৃৰো ৰেহাই নাই।মাত্ৰাহীন তিনিটা আখৰৰ অসম দেশৰ অলেখ গাথাঁ কৈ শেষ নোহোৱা। এখন ক্ষুদ্ৰ ভাৰত যত প্ৰতিখন ৰাজ্যৰ মানুহে বসবাস কৰে।
..যিহেতু স্বাধীনোত্তৰ ভাৰতৰ মৌলিক অধিকাৰেই সেই অধিকাৰ কণ দিছে। সেইখিনিৰলৈকে ঠিকে।কিন্তু বিভাগীয় কতৃপক্ষৰ অনীহা,ৰাইজৰ সৰলতা,শোষণকাৰী আৰু মুষ্টিমেয় নেতাৰ হাতৰ বাঘজৰীয়ে ৰাজকোঁষৰ ধনৰ অপব্যৱহাৰ হৈছিল।খহনীয়া বানপানী,নিৰক্ষৰতা, নিবনুৱা আদি বৃহত্‍ সমস্যাবোৰ সমাধান প্ৰকৃর্তাথত কৰা নহৈছিল।সকলো সুবিধা থকাৰ স্বত্তেও তিলতিলকৈ অসমখন শোষিত হোৱাৰ পৰা উদ্ধাৰ কৰা মানসৰে সকলো ওলাই আহিছিল।প্ৰাণকো নেওঁচি প্ৰতিজ্ঞাবদ্ধ সকল আইনত জগৰীয়া হ'ল।কিন্তু প্ৰেম অন্ধ ।

চৰাইটিহে সৰু লয় হোলোং গছত বাহঁ। সেইদৰে অসমীয়া মানুহবোৰৰ এটা স্বকীয় বৈশিষ্ট্য হ'ল উচ্চাভিলাক্ষী, নিৰপেক্ষ মনোবৃত্তিৰ আৰু ন্যায়পৰায়ণ আৰু অতিথিৰ সেৱক। সেইহেন গুণাৱলীৰ বাবে ৰাইজৰ হৰিণাই মাংসৰ বৈৰী হ'ল।

লুইতৰ বগা বালি চাপৰি বোৰত ফাগুনৰ পছোৱাৰ প্ৰকোপ বাঢ়িছে। বতাহত ধূলিহৈ পলসীয়া বালিবোৰ উৰি উৰি ধুৱঁলি কুঁৱলি। সিফালে হাবিত লঠঙা শিমলুৱে ডাল ভৰি ফুল ফুলাই প্ৰকৃতিত ফাগুনৰ বতৰা দিছে। পলাশ জোপাও তেজস্বিনী হৈ ফুলি প্ৰকৃতিত ফিৰিঙতি উৰাইছে। যদুয়ে নীৰৱে নৈৰ পাৰত বহি সেই দৃশ্যবোৰ উপভোগ কৰি আছিল। পছোৱা বতাহবোৰে যদুক উপলুঙা কৰি কাণ দুখন চেঁচা কৰি থৈ যায়। বহুদিন হ'ল সি মাকক নেদেখা। হাবিয়ে হাবিয়ে আহি সি এই ঠাইত বহি হিমালয় পর্ব্বতলৈ চাই চাই দিনবোৰ কাটে। তাৰ বাহৰতথকা বাকী বিলাক সঙ্গী স্থানীয় নহয় তেওঁলোকে বাহৰৰ ভিতৰত থাকিয়েই, অধ্যয়ন, আলোচনা আৰু গৱেষণা কৰি থাকে।



(৩)
ফাগুনৰ চঞ্চল পৰিবেশ উৰুঙা উৰুঙা হাবি বন, চিৰসেউজ বৃক্ষবোৰ বাদ দি বাকী গছবোৰৰ পকা পাত সৰাৰ বতৰ। পছোৱা জাকৰ লগতে ঝৰঝৰকৈ পাতবোৰ সৰি হাবিবোৰৰ তলি খন ঢাকি পেলাইছিল। সৰিয়হৰ­ তলিবোৰত হালধীয়া ৰঙৰ সমাবেশ তেতিয়াও কিছু আছিল। ফাগুনৰ পূর্ণিমাত ফাগুৱা পর্ব হ'ব। সেয়েহে ডেকা ডেকেৰীৰ মন মতলীয়া। বোৱাৰী বুঢ়ী সকলে নামঘৰত পূজা পাতি ফাকু ৰং ভগৱান শ্ৰীকৃষ্ণৰ চৰণত দিছে বুলি ধাৰণা কৰি নামঘৰৰ থাপনাত ৰং ঢালি জেষ্ঠ্যজনক প্ৰণাম কৰি ঢোল ঢাক বজাই ৰং চতিয়াই চতিয়াই "খেলে হলি বৃন্দাবনে কৃষ্ণ কানয়ে এ জয়" আদি পদ গাই গোটেই গাৱঁত ভকত সকল মতলীয়া হয়। ঠিক তেনে দৰে ঘৰে ঘৰে আলিয়ে পদুলি ডেকা গাভৰু সকলে ৰং খেলি মতলীয়া হয়। এজনে আনজনক চিনি বনোৱাৰা হয়। লাহিহতঁৰ হালোৱা মাংৰা কাইৰো মন মতলীয়া হ'ল, সি ৰং এবাল্টি ঘুলি লৈ গিৰিহতঁৰ সকলো সদস্যকে ৰঙেৰে গা ধোৱাই দিলে। আকৰীয়ে বেংবেংকৈ মাংৰাক বকিলে। ইফালে মাংৰাই আকৰীৰ আশাতে ভজিছে। কিন্তু কুল নিমিলাৰ বাবে তাক ঘৰ জোৱাঁই নবনাই। লাহিয়ে গা ধুই খেৰৰ জুই একুৰা পিচফালে ধৰি গাটো সেকিলে। তেতিয়া পশ্চিমত বেলি লহিয়াইছিল। হোলী গোৱা ভকত জাক আহি আহি লাহি হতঁৰ ঘৰৰ ওচৰৰ ৰহদৈহতঁৰ পদূলি পালেহি। ৰহদৈৰ দেউতাক বৰমেধিয়ে তেওঁলোকক ঘৰৰ চোতালতে গাবলৈ নিমন্ত্ৰন দি লৈ আহিলে। ৰহদৈৰ মাক পাটিমলায়ে ভকত সকলক ফুলৰ আবিৰ সকলোৰে মুখত সেৱা জনালে। ভকতসকলে মঙ্গলময় ভৱিষ্যতৰ আর্শীব্বাদ দিলে। ৰহদৈ ককায়েক বৌয়েক আৰু ৰহদৈয়ে তেওঁলোকক শুশ্ৰুষা কৰিলে। পকা মিঠৈ, তৰা পিঠা, গুৰখানি বনোৱা তেলিয়া পানী, নাৰিকলৰ লস্কৰা আৰু চেৰা দি বৰা চাউলৰ জলপান ম'হৰ গাখীৰ দৈৰে জলপান খোৱাই ভকত সন্তুষ্ট হৈ লাহিহতঁৰ ঘৰলৈ আহিল। একাপ চাহ আৰু তামোল খাই মঙ্গল গীত গাই গাই ভকত সকলে সিঘৰলৈ গলগৈ। কেৰাচিনৰ চাকি গছি জ্বলাই আকৰিয়ে লেম্পবোৰ জ্বলাই জ্বলাই জেগাই জেগাই থলে। লাহিহঁতৰ ঘৰৰ সন্মুখৰ পথাৰ খনৰ ওপৰত ঈষত্‍ হালধীয়া বৃহত্‍ ঘূৰণীয়া জোনবায়ে পৃথিৱীবাসীক হোলী শুভেচ্ছা যাচিলে। ধূলি মাকতিৰে ভৰা ধৰণীৰ বায়ুমণ্ডলত ধোৱা বৰণীয়া পৰিবেশত জোনৰ নির্ম্মল পোহৰে ফাকু খেলি প্ৰকৃতিক চুমা যাচিলে। নামঘৰত নামঘৰীয়াই ডবা শঙ্খ তাল বজাই সন্ধ্যা দেৱীক আদৰি ঈশ্বৰৰ ওচৰত ৰাইজৰ মঙ্গলৰ প্ৰার্থনা জনালে। 
দূৰৈৰ বিহাৰী গাওঁখনত হোলীৰ ডবা তাল তেতিয়াও বাজি আছিল।লাহীৰ মাকে আথে বেথে গৈ চৌকা ঘৰত সোমাল।জহাচাউলৰ লগতে দুমুঠি মান মালভোগ চাউল কেইটামান মিলাই পিতলৰ চৰুত ভাত কেইটা বনাই লৈ এইবাৰ আঞ্জা ৰান্ধিবলৈ যোজা কৰিলে। আকৰিয়ে নহৰু পনৰু আদা পিহি দিলে আৰু বেলেগকৈ ধনীয়া জিৰাৰ গুটি আৰু শুকান জলকীয়া পিচি দিলে।তেজ পাত কেইখিলা মান কেৰাহীৰ গৰম তেলত পিয়াজৰ কটা আৰু তেজপাত দি দিলে,সুন্দৰ গোন্ধ এটাই চাৰিও ফালে সুবাসিত কৰিলে।চেৰেক কৈখাচী মাংসখিনি কেৰাহিত দি লাহিৰ মাকে ভাজিলে।যাৱতীয় মা মছলা দি পানী ঢালি দি জুইকুৰা বৰকৈ দি দি বহি থাকিল।

ফাগুনৰ পূর্ণিমাৰ জোনাক নিশাত পৃথিৱী ডুব গৈছিল।সেই পোহৰে আত্মগোপনকাৰী দেশপ্ৰেমিক সকলৰ বাহৰতো জোনাকে ফাকুৰ ৰহন খানিছিল।আনদিনৰ দৰে যদুৱে লাহিৰ ঘৰৰ ফালে খোজ দিলে।কুকুৰৰ ভুকভুকনিয়ে গাওঁখন চলাথ কৰিছিল।লাহিৰ টোপনি ভাগিল।খিড়িকীখনত খৰখৰ শব্দ!লাহিৰ বুজিবলৈ বাকী নেথাকিল।তাই দুৱাৰখন খুলি দিলে।ভিতৰলৈ সোমায়েই যদুয়ে কাঞ্চন, পলাশ, শিমলুকাঞ্চন আৰু কথনাফুল একুকি লাহিৰ মুৰত ঢালি লাহিক সাৱটি ধৰিলে।লাহিয়ে সজোৰে ওলাই আহি আগতে টোপোলা বান্ধি থোৱা টোপোলাটো যদুৰ হাতত দি দিলে।আৰু আবিৰ লেপ দুটি যদুৰ দুগালত ঘহিঁ দিলে।পুৱা আকৰিয়ে ঘৰ সাৰি সাৰি লাহিৰ কোঠাৰ ওচৰৰ দুৱাৰ মুখত ফুলৰ মেলা দেখি আচৰিত হ'ল।
ৰেডিঅ ত অসমলৈ বহুসংখ্যক সেনাপ্ৰেৰণ আৰু উগ্ৰবাদীক হস্তক্ষেপ কৰাৰ বাতৰিয়ে লাহিক হত ভম্ব কৰিলে।সিফালে বাহৰত হৈ চৈ লাগিল।আৰু তেওঁলোকে সেই ঠাই ৰাতিৰ ভিতৰতে ত্যাগ কৰাৰ সিদ্ধান্ত ল'লে।
তোৰা মাছৰ কচুশাকৰ আঞ্জা আৰু তিতা ফুলৰ ডৰিকণা মাছৰ ভজাৰ ভাতৰ টোপোলা নিবলৈ যদু নাহিল। উজাগৰী নিশাটি লাহিৰ বৰ দীঘল দীঘল লাগিছিল, দুঃস্বপ্নই লাহিৰ বুকুখন ঢকঢক কৈ কপিছিল।নেলুটি শুকাইছিল।শিতানৰ ওচৰতে থকা বাহৰ চচালিৰে বনোৱা টেবুল খনত থোৱা ঘটিটো দাঙি আনি পানী খালে।অলপ সকাহ পালে।লাহিয়ে ভাবিলে অমঙ্গল কথাবোৰ ভবাতকৈ শুই থকাই ভাল।মূগা আৰু এড়িসুতাৰে বোৱাসুন্দৰী চেলেং আৰু টিকট সুতাৰে বোৱা বৰ কাপোৰৰ জাপটো গাত লৈ টোপনি যোৱাৰ চেষ্টা কৰিলে।কুৱাভাটুৰ গুটি খাই খাই বাদুলিবোৰে চিচি চা চা কৰিছিল। ফেচাঁজনীয়েও সময়ৰ সঙ্কেত দিলেহি।লাহি টোপনিত লালকাল।.

দিনবোৰ বাগৰিল।ৰাজ্য পৰিস্থিতিয়ে ৰূপ সলালে।এফালে চৰকাৰ আনফালে উগ্ৰবাদ।
লাহিৰ চকু দুটা ভাগৰি পৰিছিল,বাহিৰৰ ফিৰফিৰিয়া বতাহজাকে ৰাতিৰ শূণ্যতাত বিৰহৰ গীত গোৱা যেন লাগিল।লাহিৰ বুকুৰ মাজত নিৰাশাই জোৱাৰ তুলিছিল।বতাহজাকত মৰিশালিৰ বিননি শুনা যেন লাগিছিল। ভাগৰুৱা মগজু আৰু অৱশ দেহাটি হঠাত্‍ নিদ্ৰাদেৱীৰ কোলাত বন্দীত্ব স্বীকাৰ কৰিলে ।

 (৪)
চ'তৰ খৰাং বতৰত ধূলিবোৰ বতাহত উৰি উৰি পৰিবেশটোত ঈষৎ হালধীয়া ৰঙৰ চাদৰ এখন তৰিছিল। বহুৰঙী ফুলৰ দলিচাখনিয়ে ধৰণী জাতিস্কাৰ কৰি থৈছেই তাতে পশ্চিমলৈ লহিওৱা বেলিটি মেঘৰ লগত লুকা ভাকু খেলি খেলি আকাশ মার্গত চকলা ডাৱৰৰ চন্দ্ৰতাপ তৰিছিল। বনৰ পখীবোৰৰ জাত জাত গীতৰ শৰাই, কুলিৰ সুৱদী সুৰে চেনেহীক চেনাইলৈ বিহুৱান দিয়াৰ সপোন দেখায়। ককাঁলৰ টঙালিখনো দিব লাগে। বিনিময়ত মৌন ভাষাৰ এসাগৰ মৰম এচেৰেঙা তপত সাহ লগতে সেউজীয়া বৰহম থুৰিৰ কুমলীয়া আগ এটি যি কহিয়াই আনে সংস্কৃতিৰ বতৰা। যোৱাবাৰ লাহিয়ে যদুয়ে দিয়া বৰহম থুৰিৰ আঠা ওঁঠত লগাই মানুহ বিহুৰ দিনা বিহু নাচিছিল। সময়ৰ যেকি নিষ্ঠুৰ আবাহন এইবাৰ যদুৰ দেখা দেখিয়ে নাই। লাহিয়ে ফুলবচা কাঠিৰে বগলিসুতাৰ গামোচাৰ আগত কাষৰি এটা বাচি চানেকি চাই চাই লতাফুল এটা বাচিবলৈ ধৰিলে। হাবিৰ মাজৰ পৰা বিহুৱতী চৰাই জনীয়ে বিন্দীয়া সুৰেৰে গালে "বিহুটি"। সন্ধিয়া হওঁ হওঁ হোৱাৰ বাবে লাহিয়ে তাঁত সামৰিবলৈ ধৰিলে। আকৰি পেহীয়েক জনীয়ে চোতালখন ঝৰপ ঝৰপ কৈ সাৰি নিলে; উদগফুৰা জাক খোৱা গৰুৰ মাজৰ পৰা মাংৰাই গৰু কেইটা বিচাৰি আনি চোতালৰ আওঁ হাতে থকা গোহালিত ঠায়ে বান্দি গৰালে গৰালে ধান খেৰ দি দিলে। সি মাজে মাজে আকৰিলৈ চাই চাই মন মিছিক মাছাক কৈ হাঁহি আছিল।
সন্ধ্যাৰ লগে লগে উঁই পোকে মহ খোৱাৰ ভাওঁনা পাতিলে। মাংৰাই যিমান পাৰে উঁই পোক বোৰ ধৰি মোনা এটাত ভৰালে। পুৱাৰ কাম আজৰি কৰি সি নৈ লৈ গৈ বচা বৰশী টোপাব কাৰণ উঁই পোক উৰাৰ সময়ত নৈত বচা মাছে বৰশী খাই, দিন ভাল থাকি ডাঙৰ মাছো লাগে। হাৰিকেন লেম্পটো বাৰান্দাৰ হাকোটা ডালত ওলমাই আকৰি নাদৰ পাৰ পালেগৈ। খাৰ চাবোনে হাতখন ধুই পুনৰ ভৰি ধুই নাম ঘৰৰ দুৱাৰ খন খুলি দিলে কাৰণ মাকে গোসাই সেৱা কৰিবলৈ আহিব। চাহ খাই আকৰি নবৌয়েকৰ সতে পাক ঘৰত সোমাল। ৰেডিঅ'ত বর্ণালী অনুষ্ঠান শুনিবলৈ ওচৰৰ দুই এজনো আহিল। লাহি ভিতৰৰ পৰা নোলাল। মুৰৰ বিষৰ ভাও জুৰি পৰি থাকিল। তাই ভাবিলে যদুহঁত সীমা পাৰহৈ কোনোবা অজান্তি মূলোক পালেগৈ বোধহয়। জীৱনত যে তাই যদুক কাষতে নেপায় সেই কথা উপলব্ধি কৰিছে। কিন্তু নোপোৱাৰ বেদনাতকৈ ভালপোৱাৰ যান্ত্ৰনা অতি কষ্ট কৰ; তাইৰ কিবা এটা অচিন ভয়ত অণ্ঠ কণ্ঠ শুকাই গৈছিল। তাইৰ এধানমানি কলিজাত ইমান সাহস নাই যে ভয়ানক বাতৰি এটা এদিন শুনিব পাৰিব সেয়ে তাই মনে মনে ভগবানক প্ৰাথনা কৰিলে যে যদু য'তেই নেথাকক কুশলে থাকক।

পুৱা লাহিয়ে বাও ধান এখৰাহি লৈ দলনিলৈ গ'ল।পথাৰত জানোচা কোনোবাই উপযাচি যদুৰ কথা ক'ব।ধানৰ খৰাহিটো থৈ তাইঘৰলৈ আহিল। তাঁতৰ পাতত বহিছেই মাত্ৰ কাউৰি এজনীয়ে ৰাউচি পাৰিছে কুন্দুলি হেন্দালিত পৰি। বুঢ়ী মাকে কপাহ লৈ টাকুৰিত কাটিবলৈ আৰম্ভ কৰিলে।

ভৰ দূপৰীয়া পিয়নে এখন বেৰিং চিঠি আনি লাহিক দি পঞ্চাচ পইচা লৈ গ'ল। লাহিয়ে চিঠিখন খুলিলে।

লাহি;
এয়া এমুঠি জোনাক বাকীবোৰ লুইতৰ বালি, দেশপ্ৰেমৰ এনাজৰী মই হ'লোঁ বন্দী, তোমাক নোকোৱাকৈ আহিলোঁ আতৰি। চিন্তা নকৰিবা।
ইতিত,
তোমাৰ যদু

স্বস্তিৰ নিঃশ্বাস এটা লৈ লাহিয়ে চিঠিখন পোন চাতেই গৈ ভিতৰত বাহঁৰ চুঙাৰ ভিতৰত ভৰাই কাপোৰ থিলে এটা দি আহিলে। আইতাকে সুধিলে "কাৰ চিঠি?"
মোযে বান্ধবী ৰূপালী তাইৰ চিঠি। বিহুত আহিম কৈছে।

ঢেকীঁখালিত চিৰা খুন্দি খুন্দি গাওঁবোৰ গমগমীয়া। দুদিনৰ পিচত উৰুকা। পিচদিনা গৰুৰ বিহু। তৰা পাতৰ পঘা বনাব লাগে। কাৰো আহৰি নাই। মাংৰাই ডেৰকুৰি পঘা বনালে। কাঠনিৰ থেকেৰাও অনা হ'ল। মাজুলীৰ পৰা টেকলীৰ বেপাৰীয়ে কলহ বেচি গৈছিল। গৰু ম'হৰ পগুৱা গাখীৰৰ দৈ গোলাঘাটৰ গুৰৰ টেকেলিৰে ঘৰ ভৰিল।
গাৱে গাৱে বাৰিকে ঢোল বজাই ক'লে যে অমুক সময়ত অমুক ঠাইত গৰু গা ধোৱাব।

পুৱাতে সকলোৱে নিজৰ নিজ ঘৰত গৰুক সেৱা জনাই মাহ হালধী ঘহিঁ নোৱাই লৈ নৈত ধোৱাবলৈ বুলি লৈ গ'ল। বন্ধুকৰ গুলি দুইজাই ফুটাই বৰ মেধিয়ে জাননি দিওঁতেই সিফালেবৰ বায়ন আৰু গায়নে তাল মৃদঙ্গৰ ঘাট মাৰি গো মাতাক সেৱাজনাই কৃষকৰ সাৰথি গৰুক গা ধোৱাবলৈ নৈলৈ লৈ গ'ল। চাক মাৰি, মাখিয়তী আৰু দীঘলতিৰে কোবাই গৰু নিৰোগী হোৱাৰ আর্শীব্বাদ দি গৰুজাকক তাতে মেলি দি তেওঁলোকেও গা তিয়াই চাক মৰামৰি খেলি ঘৰ পালেগৈ।

মাংৰাই কণী দুঅৰাঁ লৈ ঘৰ সোমালেহি।
"বহুত জিকিলি দেই মাংৰা কাই" বুলিকৈ লাহিয়ে কণীখিনি লৈ গ'ল।

সন্ধিয়া ঙাং গছৰ খেৰজুইৰ জাক দি মহঁ দাহঁৰ লগতে পুৰণা হিংসা জ্বলাই অসম আকাশ দ্বেষ মুক্ত হ'ল। পুৱা মাহ হালধি আৰু থেকেৰা টেঙাৰে গা ধুই নাওঁ খেলি নতুন বছৰক আদৰিলে। লাহিয়ো গৈছিল। সখি যোগদাই লাহিক শান্তনা দি নতুন বছৰৰ শুভেচ্ছা জনালে।

আবেলি নাম ঘৰত নাম, নতুন বছৰৰ শৰাই দি, কৌটি কলিয়া ৰীতিৰে হুচৰি জুৰিলে।
বহাগৰ দুপৰীয়া যোগদা আৰু লাহি চহৰলৈ বুলি বাগানৰ মাজে মাজে যাবলৈ ধৰিলে। বাগান ইমান যে ধুনিয়া বহাগৰ দুপৰীয়া অনুভৱ হয়। প্ৰতিখিলা পাত কুহিঁপাত কেচাঁপতীয়া, এখন কোমল সেউজীয়া পাটী তাৰে ওপৰত মেদেলুৱা আৰু শিৰিখ গছৰ সেউজীয়া চন্দ্ৰতাপ।
বাগানৰ মাজভাগতে এজন অচিন যুৱকে সিঁহত দুজনীক সুধিলে"মোক লাহি বাইদেউক লগ পাব লাগিছিল।"
দুয়োজনীয়ে উচপ খাই কলে "কিয়?"
"এনেয়ে"
দুই সখিয়ে ক'লে "এই অঞ্চলত লাহি নামৰ মানুহ নাই।"
"সেইটো গোকাট মিছা কথা" অচিনাকি যুৱক জনে ক'লে।

"কি চর্ত্তত মিছা বুলি ক'ব খোজা?" লাহিয়ে সুধিলে।
"সেয়া খুবেই ব্যক্তিগত" অচিন যুৱকজনে ক'লে।
"ইমান ব্যক্তিগত যদি চোৱা এখেতেই লাহি" যোগদাৰ কথা শুনি অচিনাকি যুৱক জনে ক'লে "মই অমল,যদুৰ বন্ধু; যদুৱে বৰহম থুৰি পঠাইছে। আৰু বাতৰি পঠাইছে" বুলি চাইকেলত আৰি থোৱা টোপোলাটো লাহিৰ হাতত দি তেওঁ নমস্কাৰ জনাই গুছি গ'ল। দুই সখি বাটৰ পৰা অলপ ভিতৰ হৈ টোপোলা খুলিলে। বৰহম থুৰিটো শুকাই গৈছিল। লাহিয়ে টপৰাই থুৰিটো মুখত লৈ চোবাব ধৰিলে ।চাহ গ'ছৰ আৰঁত বহি লাহিয়ে ওঁঠ দুটা ৰঙা কৰি পিক পেলাই মাটিখিনিও ৰঙা কৰি দিলে। তেতিয়াৰ লৈকে যোগদাই চিঠি পঢ়িলেই। "সখি প্ৰেম ভালপোৱা মানুহৰ জীৱনৰ অঙ্গ, সেইবুলি বলিদান দিব লাগিব বুলি মই নেভাবোঁ।"
লাহিয়ে যোগদাৰ পৰা চিঠি খন থাপমাৰি কাঢ়ি লৈ ক'লে "সেয়া মনৰ কথা।"

বজাৰত তেল পাউদাৰ আদি কিনি দুয়ো ততাতৈয়াকে ঘুৰিল।

জেঠৰ বাৰ শ ৰ'দ অসমৰ আভ্যন্তৰীণ আকাশ উত্তপ্ত ৰেডিঅ খুলিবই নোৱাৰি খালি আততায়ীৰ হাতত মানুহৰ মৃত্যু। জীয়াই থকা মস্কিল হৈছিল। গাঁৱৰ নির্দোষী ডেকাবোৰক সেনাই নানান অত্যাচাৰ চলালে। ৰাইজৰ হাৰাশাস্তি, যুৱতী জীৱন ভয়াৱহ হৈ পৰিল।আহাৰৰ বাৰিষা, শাওনৰ ঢল, ভাদৰ তিথিত তিতা ফুল ফুলিব ধৰিল। ৰাইজে বিনা থাপৰতে সৰিয়হৰ ফুল দেখা হ'ল। পাহোৱাল ডেকা থকা ঘৰত টোপনি নোহোৱা হ'ল। এদিন এটা ভয়ানক র্দূভাগ্যই অসম আকাশ বেৰি ধৰিলে উজনি অসমৰ হাবি বন চলাথ হ'ল। বহুতে আত্মসর্মপণৰ পথবাছি ৰাইজক সান্তনা দিলে। শত জনে কাৰাগাৰাত মৃত্যুক আদৰিলে। আৰু কত জনে আত্মগোপন কৰিলে।

যদুৰ খবৰ নোপোৱা বহুদিন হ'ল। কেন্দ্ৰীয় চৰকাৰে অসমৰ সর্ব্বাঙ্গীন উন্নতিৰ চিন্তা ধ্ৰুৱক ভাৱে কৰিলে। আলি পদূলি, বিজুলী বাতি আৰু দূৰসংযোগৰ ব্যৱস্থা কৰিলে। গাৱে ভূঞে গোটাচেৰেক টিভি আৰু ফোন লাইন হ'ল।
এতিয়া মুকলি মুৰীয়াকৈ কথা পাতিব পৰা হ'ল।
লাহিহঁতৰ গাঁৱটো ফোন লাগিল।
সিফালে পুং খেদি খেদি আত্মগোপনকাৰীৰ মাক দেউতাক আৰু ভাই ককাইৰ হাৰাশাস্তি হ'ল। সিদ্ধান্ত হ'ল দেশ থাকিলে কি হ'ব যদি জাতিৰ সমাধি হয়, যোৱা বিলাকৰ মহত্‍ ও র্দূগম উদ্দেশ্যক আমি প্ৰশ্ৰয় দিয়াতকৈ জাতিক ৰক্ষা কৰোঁহঁক এনে মনোভাৱেৰে বহুজন নীৰৱ হ'ল। সকলোকে মূলসূতিঁলৈ অহাৰ আহ্বান জনালে। কাৰণ জন্মভূমিক শোষণকাৰীৰ কবলৰ পৰা মুক্ত কৰা নতুবা প্ৰশাসনক উনুকিয়াই দিবলৈ গৈ যেতিয়া বাৰুদৰ ধোঁৱাত ধূলিসাৎ হ'ব লাগে তাতকৈ ধৈর্য্য আৰু শিক্ষা আহৰণ কৰি বিশ্ব দৰবাৰলৈ অসম মাতৃক লৈ যোৱেটোকে শ্ৰেয় বুলি ধাৰণা কৰি বহুতো লাহিয়ে মনৰ মানুহজনক ঘূৰাই আনিলে আৰু নোৱাৰাবিলাকে ভালপোৱাক বুকুতে সমাধি দি জন্মভূমিক শিক্ষিত, র্দাশনিকৰ দেশ ৰূপে গঢ়াৰ মৌন প্ৰতিজ্ঞা ল'লে। যিখন দেশত জেৰেঙাৰ পথাৰত সতী জয়মতীয়ে দেশ গঢ়াৰ সংকল্পৰে ওঠৰ দিনীয়া শাস্তি খাই শ্বহীদ হৈছিল সেই দেশৰ নাৰী অতুলনীয়। জেৰেঙাৰ বোকাত আজিও সেই তেজৰ কেচাঁ গোন্ধই হাজাৰ জয়াক জেতুকা পতীয়া র্ধৈয্য আৰু সাহসৰ নিদর্শন ডাঙি ধৰাই। জীৱনমায়া কিযে মোহনীয় ৰূপ। বাতৰিত অচিনাক্ত মৃতদেহ দেখি হাজাৰজন র্দশকৰ আগত অপ্ৰতিক্ৰিয়া কৰি ৰাতিৰ আন্ধাৰত গাৰুত মূখ গুজি বহুতেই কান্দি কান্দি বৈতৰণী বোৱালে কাৰণ জীয়াই থকাৰ আনন্দ অমৃতৰ সমান।

আইনৰ চকুত অপৰাধী কাৰাবন্দীৰ কৰুণ মৃত্যু, পথাৰত খেদি খেদি গুলিওৱা দৃশ্য ও হাজাৰ লাহিয়ে দেখিলে।

সময়ৰ টিকণি আগফালে উৰি উৰি বহুত জল্পনা কল্পনাৰ অন্তত দেশলৈ শান্তি অহা যেন লাগিল। এদিন এটা দূকপলীয়া বাতৰিয়ে বাতৰি কাকত দখল কৰিলে। যদুৰ নশ্ব দেহাটি নর্দ্দমাত জহি পমি পৰি থকা প্ৰত্যক্ষ কৰি বাতৰিত প্ৰকাশ কৰিলে। যোগদাই বাতৰি কাকতখন আনি লাহিক দিলেহি। লাহি বিজুলী পৰা মানৱ দেহৰ দৰে জঠৰ হ'ল। যোগদাই লাহিক মাতিছে হে মাতিছে লাহিয়ে মাত নিদিয়ে। দুগালৰ চকুলোৱে বাতৰি কাকতত থকা যদুৰ ছবিখনি ধুই দিলে, "জান তুমি আহিবা নতুন সাহসে নতুন লাচিত হৈ, নতুন চিলাৰায় হৈ জন্মভূমিৰ কলূষিত ধোৱাবোৰ দূৰ কৰিবলৈ যুক্তিৰে, আউলবোৰ দূৰ কৰিবাহি চুক্তিৰে, তুমি আহিবা আদর্শ অসম গঢ়িবা শঙ্কৰ গুৰু হৈ, আইৰ চৰণ ধোৱাবাহি লুইত হৈ আৰু আইক নিচুকাবা সুধাকণ্ঠ হৈ, আৰু শান্তিৰ কঁঠীয়া সিঁচিবা মানৱতাবাদৰ গীত গাই। জান এই দেশ আজান-শঙ্কৰৰ, এই দেশ নলিনীবালাৰ। তুমি আহিবা শান্তিৰ কপৌ এজাক লৈ আৰু মই গাম নিৰপেক্ষতাৰ গীত জনমে জনমে।"
লাহিৰ র্মূছিত দেহাটি সাবটি যোগদাই কান্দিব ধৰিলে। লাহিয়ে শেষ বাৰৰ বাবে চকু মেলি কলে"সখি বিদায়,কোৱানা এবাৰ জয় আই অসম।"

সমাপ্ত

 

No comments:

Post a Comment