Tuesday, March 19, 2013

কবিতা (দিগন্ত হাজৰিকা)

অমানিশাৰ বুকুত সপোন ৰচিছো মই...! অস্ত যোৱা বেলিৰ লগতো বন্ধু পাতিছো মই, কথা পাতিছো মই সঘনায় আকাশৰ পৰা খহি পৰা পপীয়া তৰাৰ লগতো, মই কৰা নাই কি...? আৰু...কিয়?? এইয়া যেন প্ৰকাণ্ড ধুমুহাৰ দৰে এক প্ৰশ্ন,
যি মইহে মোক কৰো
যেতিয়া মোৰ জীৱনত বলে এ
জাক প্ৰশান্ত সাগৰ যেন ধুমুহা, তেতিয়া উপলব্ধিৰ আকাৰত ভাহি আহে মনলে তাৰ উত্তৰ, কালৰাত্ৰিৰ বুকুত সপি দিয়া মোৰ সেই আশা বোৰ আশা হৈয়ে ৰৈছে
সাজ লৈছে মোৰ জীৱন তিক্ত বিষাদময় আন্ধাৰৰ মাজেৰে
হয়তো নাথাকিব মোৰ পৰিচয়...
কাৰণ মই ৰচিচো সপোন অমানিশাৰ বুকুত... এইয়া মোৰেই পৰাজয়...!!

No comments:

Post a Comment