Thursday, March 21, 2013

"মহাশিৱৰাত্ৰি আৰু ভগৱান শিৱ" (অশোক কুমাৰ নাথ)

শিৱ সনাতন, নিত্য, নিৰঞ্জন, নির্বিকাৰ, নির্বিকল্প, স্বৰাট, স্বয়ম্ভূৱ। সত্য, সুন্দৰৰ প্ৰতীকশিৱ। সৃষ্টিৰ পাতনিৰ গৰাকী হৈছে শিৱ। সৃষ্টি তত্ত্বৰ উল্লেখ থকা বিভিন্ন কাব্যগ্ৰন্থসমূহ, যেনে- অনাদি পুৰাণ, অনাদি চৰিত্ৰ, হাড়মালা, যোগীতন্ত্ৰকলা, ঋকবেদ আদিৰপৰা সৃষ্টি তত্ত্বৰ বিৱৰণ পোৱা যায়। সৃষ্টিৰ আৰম্ভনিতে একোৱেই নাছিল। কেৱল আছিল নৈৰাকাৰৰাত্ৰি। শিৱই ইচ্ছা কৰাত নৈৰাকাৰৰাত্ৰিৰ গভীৰ অন্ধকাৰ দূৰ কৰি"ওংকাৰ" ধ্বনি উচ্ছাৰিত হ'ল আৰু পোহৰৰ বিকিৰণ ঘটিল। দিন ৰাতিৰ সৃষ্টি হ'ল। সাতবাৰৰ নাম নির্ণয় কৰা হ'ল। এই পৰমপুৰুষ, যোগী, দেৱাদিদেৱ মহাদেৱৰ সন্মানতে প্ৰত্যেক বছৰ হিন্দুসকলে মহাশিৱৰাত্ৰি পূজা সমাপন কৰা হয়। মহাশিৱৰাত্ৰি অথবাশিৱৰাত্ৰি মানেই হ'ল প্ৰভূ মহাদেৱৰ বিশেষ ৰাত্ৰি। সাধাৰণতে শিৱৰাত্ৰি ফাগুণ মাহৰ কৃষ্ণ পক্ষৰ চতুর্দশীৰ দিনাখন পালন কৰাহয়। অৱশ্যে মাঘমাহতো তিথি সাপেক্ষে কেতিয়াবা কেতিয়াবা শিৱপূজা পালন কৰা হয়। যিহেতু গোটেই ভাৰতবর্ষ আৰু নেপালত বিভিন্ন সাংস্কৃতিক ধাৰাৰে পৰিচালিত বহুত কেলেণ্ডাৰ আছে, শিৱৰাত্ৰি উদ্‌যাপন কৰা মাহ আৰু তিথি ভিন্ন ভিন্ন হয়। মুখ্যত: শিৱপূজা গোটেই দিনটো উপবাসে থাকি ৰাতি প্ৰভূ শিৱৰ গুনানুকীর্ত্তন কৰি, বেলপাত চটিয়াই পালন কৰা হয়। গোটেই ভাৰতবর্ষ তথা নেপালজুৰি বিভিন্ন শিৱলিংগ, শিৱমূর্ত্তী আদিত মহা আয়োজনেৰে শিৱৰাত্ৰি উদযাপন কৰা হয় । শিৱ পুৰাণৰ মতে, শিৱপূজাত থাকিবলগীয়া অত্যাৱশ্যকীয় বিভিন্ন সামগ্ৰী তথা উপাদান হ'ল- ১/ শিৱপূজাৰ শিৱলিংগটো বেলপাত তথা চাউল মিহলি পানী, গাখীৰ আৰু মৌৰসেৰে ধুই ল'ব লাগে। ২/ শিৱলিংগটো ধোৱাৰ পিছত ৰঙা সেন্দুৰ সানিব লাগে ৩/ ফল দান কৰিব লাগে ৪/ ধুপ কাঠি জ্বলাব লাগে ৫/ যজ্ঞৰ জুইৰ পোহৰ লাগে ৬/ বেলপাতৰ প্ৰয়োগ কৰিব লাগে শিৱপূজাৰ উত্‍পত্তিৰ কাৰণ হিচাপে বিভিন্ন মতবাদ তথা লোকবিশ্বাস প্ৰচলিত হৈ আহিছে। তাৰ ভিতৰত বৈদিক সাহিত্যৰ মতে, 'সমুদ্ৰ মন্থন' নামৰ এটা ঘটনাৰ ফলতেই শিৱপূজাৰ উত্‍পত্তি হয়। প্ৰবাদ মতে, অসুৰ আৰু দেৱতাসকলে অমৰত্ব লাভ কৰিবৰ বাবে একেলগে সাগৰৰ তলিত থকা অমৃত উলিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু অমৃতৰ আগতে সমুদ্ৰৰপৰা বহুত অন্য বস্তুতথা পদার্থ ওলাবলৈ ধৰে। তাৰে ভিতৰত বিশ্ব-ব্ৰহ্মাণ্ড ধ্বংস কৰিব পৰা বিষৰ কলহ এটা ওলাল। চৌদিশে হাহাকাৰ লাগিল। শেষত দেৱগনৰ অনুৰোধত মহাদেৱে সেই কলহটোৰ গোটেইখিনি বিষ পান কৰি জগত তথা সৃষ্টি ৰক্ষা কৰে। ফলত তেওঁৰ ডিঙিটো নীলা হয় আৰু নীলকন্ঠ নামেৰে পৰিচিত হৈ পৰে। পিছত সমুদ্ৰৰপৰা অমৃত ওলাই পৰে আৰু প্ৰভূ বিষ্ণুৰ কৃপাত কেৱল দেৱগনেহে অমৃত পান কৰিব পাৰে। ভগৱান শিৱৰ অসীম কৃপাত শ্ৰদ্ধা কৰি সেয়েহে মহাশিৱৰাত্ৰি পালন কৰা হয় । গৰুড় পুৰাণৰ মতে, চিত্ৰভানু নামৰ ৰজা এজনে অষ্ট'বক্ৰৰ আগত তেওঁৰ পূর্বজন্মৰ কথা বর্ণনা কৰি কয় যে তেওঁ পূর্বজন্মত বাৰানসীৰ এজন চিকাৰী আছিল আৰু এদিন চিকাৰ কৰিবলৈ অৰণ্যত সোমাই চিকাৰ বিচাৰি থাকোতে ৰাতি হৈ যায়। তেওঁ অৰণ্যতে বেলগছ এডাল পাই তাতে উঠি আশ্ৰয় লয়। গোটেই দিন-ৰাতি তেওঁ অনাহাৰে থাকে। ৰাতি তেওঁৰ টোপনি নাহিল আৰু সময় কটাবলৈ বেলপাত চিঙি তললৈ দলিয়াই থাকিল। তেওঁৰ লগত থকা জল অলপ বৈ গৈ তলত পৰিল। তেওঁৰ থিক তলত এটা শিৱলিংগ আছিল। সেইদিনা শিৱ চর্তুদশী আছিল আৰু তেওঁ নজনাকৈয়ে শিৱপূজা সম্পন্ন কৰিলে। প্ৰভূ শিৱ তেওঁৰ ওপৰত সন্তুষ্ট হ'ল আৰু তেওঁ মৃত্যুৰ পিছত কৈলাস (শিৱলোক) ত স্থান পালে। তাৰ পিছত ৰজা হিচাপে পুনৰ জনম পালে। আকৌ এক প্ৰবাদ মতে, এদিন মা পার্বতীয়ে প্ৰভূ শংকৰক তেওঁৰ আটাইতকৈ প্ৰিয় দিনটোৰ কথা সোধাত, প্ৰভূই ক'লে যে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুর্দশীৰ দিনটো তেওঁৰ আটাইতকৈ প্ৰিয়। মা পার্বতীৰ মুখৰপৰা কথাখিনি শিৱলোকৰ অন্যবোৰে গ'ম পালে আৰু লাহে লাহে গোটেই জগততে বিয়পি পৰিল। অন্য এক প্ৰবাদ মতে, বাৰানসীৰ কোনো এখন হাবিত এজন চিকাৰীয়ে চৰাই চিকাৰ কৰি ভাগৰ লগাত বেল গছ এডালৰ তলত জিৰণি ল'লে। তেওঁৰ টোপনি আহিল আৰু আৰু সাৰ পাওঁতে ৰাতি হ'ল। ৰাতিটো গছ ডালৰ ডাল এটাৰ ওপৰতে পাৰ কৰো বুলি তেওঁ গছডালত উঠিল। ঘৰত ভোকত তেওঁলৈ ৰৈ থকা ঘৈনিয়েক আৰু ল'ৰা-কেইটাৰ কথা চিন্তা কৰি তেওঁ অনাহাৰে থাকিল। সেই ৰাতিটো আছিল শিৱ চর্তুদশী। চিকাৰীজনে এনেই দুখিলামান বেলপাত তললৈ দলিয়াই দিলে। ৰাতিৰ নিয়ঁৰৰ ধাৰা তেওঁৰ হাতেৰে বৈ গৈ তললৈ পৰিল। গছডালত তলপ মাটিত পোত খোৱা অৱস্থাত এটা শিৱলিংগ আছিল। নিজৰ অজ্ঞাতে চিকাৰীজন প্ৰভূ ভোলানাথৰ প্ৰিয় হৈ পৰিল। চিকাৰীজনৰ যেতিয়া মৃত্যু হয় শিৱদূতে যমদূতৰ লগত যুদ্ধ কৰি যমদূতক পৰাজিত কৰি শিৱলোকলৈ তেওঁৰ আত্মাটো লৈ যায়। আকৌ এক প্ৰবাদ মতে, শিৱৰাত্ৰিৰ দিনাই শিৱ আৰু পার্বতীৰ পুনৰ: বিবাহ সম্পন্ন হৈছিল । বর্তমান কলি যুগ (বৈদিক তথা ধর্মীয় সাহিত্যৰ মতে)। লোকবিশ্বাস অথবা মতবাদ অনুসৰি শিৱপূজা যিয়েই নহওঁক, মহাশিৱৰাত্ৰি হ'ল সনাতন হিন্দুসকলোৰ মূখ্য ধর্মীয় উত্‍সৱ। ভাৰতৰ হিমাচল প্ৰদেশৰ মন্দি শিৱৰাত্ৰি মেলাকে ধৰি বহু ঠাইত বিশাল আয়োজনেৰে শিৱপূজা পালন কৰা হয়। অসমতো পৰম্পৰাগতভাৱে শিৱপূজা পালন কৰা হয়। ক্ৰেতা যুগত ৰামচন্দ্ৰই যেতিয়া সীতাক হেৰুৱাই শোকত ব্যাকুল হৈ পৰিছিল অগস্তি ঋষিৰ পৰামর্শত ৰামচন্দ্ৰই শিৱক ধ্যান কৰে আৰু যথাবিধি শিৱ অর্চনা কৰি শিৱৰ দর্শন পায়। শিৱই ৰামচন্দ্ৰক যোগ শিক্ষাৰ উপদেশ দিছিল। ফলত ৰামচন্দ্ৰই শোক সাগৰৰ পৰা স্থিৰ হ'ব পাৰিছিল। "চিন্তা কৰি চোৱা কোন কাৰ প্ৰিয়তমা পঞ্চভূতময় দেহা ইও বিৰম্বনা" আকৌ, "সীতা শোকে অধিৰ নহৈবা ৰঘুমনি কোন ভার্য্যা কোন স্বামী নাই চিনা-চিনি" আকৌ, "কোন কাৰ পতি পত্নী নাহি পৰিচয় মোৰ মোৰ বুলি জানা সবেও মৰয়" বর্তমানৰ উশৃংখল জনসমাজত স্থিৰতাৰ কাৰণে, জীৱনত লক্ষপ্ৰাপ্তীৰ কাৰণে সংযমী হ'বলৈশিৱৰ এই উপদেশবোৰ সকলো শ্ৰেনীৰ লোকৰে প্ৰয়োজনীয় বুলি ভাবাৰ থল আছে ।

  শিৱ পূজাৰ উত্‍পত্তিৰ কাৰণ হিচাপে বিভিন্ন মতবাদ তথা লোকবিশ্বাস প্ৰচলিত হৈ আহিছে। তাৰ ভিতৰত বৈদিক সাহিত্যৰ মতে, 'সমুদ্ৰ মন্থন' নামৰ এটা ঘটনাৰ ফলতেই শিৱ পূজাৰ উত্‍পত্তি হয়। প্ৰবাদ মতে, অসুৰ আৰু দেৱতাসকলে অমৰত্ব লাভ কৰিবৰ বাবে একেলগে সাগৰৰ তলিত থকা অমৃত উলিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু অমৃতৰ আগতে সমুদ্ৰৰপৰা বহুত অন্য বস্তুতথা পদার্থ ওলাবলৈ ধৰে। তাৰে ভিতৰত বিশ্ব-ব্ৰহ্মাণ্ড ধ্বংস কৰিব পৰা বিষৰ কলহ এটা ওলাল। চৌদিশে হাহাকাৰ লাগিল। শেষত দেৱগনৰ অনুৰোধত মহাদেৱে সেই কলহটোৰ গোটেইখিনি বিষ পান কৰি জগত তথা সৃষ্টি ৰক্ষা কৰে। ফলত তেওঁৰ ডিঙিটো নীলা হয় আৰু নীলকন্ঠ নামেৰে পৰিচিত হৈ পৰে। পিছত সমুদ্ৰৰপৰা অমৃত ওলাই পৰে আৰু প্ৰভূ বিষ্ণুৰ কৃপাত কেৱল দেৱগনেহে অমৃত পান কৰিব পাৰে। ভগৱান শিৱৰ অসীম কৃপাত শ্ৰদ্ধা কৰি সেয়েহে মহাশিৱৰাত্ৰি পালন কৰা হয়।
 
গৰুড় পুৰাণৰ মতে, চিত্ৰভানু নামৰ ৰজা এজনে অষ্ট'বক্ৰৰ আগত তেওঁৰ পূর্বজন্মৰ কথা বর্ণনা কৰি কয় যে তেওঁ পূর্বজন্মত বাৰানসীৰ এজন চিকাৰী আছিল আৰু এদিন চিকাৰ কৰিবলৈ অৰণ্যত সোমাই চিকাৰ বিচাৰি থাকোতে ৰাতি হৈ যায়। তেওঁ অৰণ্যতে বেলগছ এডাল পাই তাতে উঠি আশ্ৰয় লয়। গোটেই দিন-ৰাতি তেওঁ অনাহাৰে থাকে। ৰাতি তেওঁৰ টোপনি নাহিল আৰু সময় কটাবলৈ বেলপাত চিঙি তললৈ দলিয়াই থাকিল। তেওঁৰ লগত থকা জল অলপ বৈ গৈ তলত পৰিল। তেওঁৰ থিক তলত এটা শিৱলিংগ আছিল। সেইদিনা শিৱ চর্তুদশী আছিল আৰু তেওঁ নজনাকৈয়ে শিৱপূজা সম্পন্ন কৰিলে। প্ৰভূ শিৱ তেওঁৰ ওপৰত সন্তুষ্ট হ'ল আৰু তেওঁ মৃত্যুৰ পিছত কৈলাস (শিৱলোক) ত স্থান পালে। তাৰ পিছত ৰজা হিচাপে পুনৰজনম পালে।
 
আকৌ এক প্ৰবাদ মতে, এদিন মা পার্বতীয়ে প্ৰভূ শংকৰক তেওঁৰ আটাইতকৈ প্ৰিয় দিনটোৰ কথা সোধাত, প্ৰভূই ক'লে যে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুর্দশীৰ দিনটো তেওঁৰ আটাইতকৈ প্ৰিয়। মা পার্বতীৰ মুখৰপৰা কথাখিনি শিৱলোকৰ অন্যবোৰে গ'ম পালে আৰু লাহে লাহে গোটেই জগততে বিয়পি পৰিল।

অন্য এক প্ৰবাদ মতে, বাৰানসীৰ কোনো এখন হাবিত এজন চিকাৰীয়ে চৰাই চিকাৰ কৰি ভাগৰ লগাত বেল গছ এডালৰ তলত জিৰণি ল'লে। তেওঁৰ টোপনি আহিল আৰু আৰু সাৰ পাওঁতে ৰাতি হ'ল। ৰাতিটো গছ ডালৰ ডাল এটাৰ ওপৰতে পাৰ কৰো বুলি তেওঁ গছডালত উঠিল। ঘৰত ভোকত তেওঁলৈ ৰৈ থকা ঘৈনিয়েক আৰু ল'ৰা-কেইটাৰ কথা চিন্তা কৰি তেওঁ অনাহাৰে থাকিল। সেই ৰাতিটো আছিল শিৱ চর্তুদশী। চিকাৰীজনে এনেই দুখিলামান বেলপাত তললৈ দলিয়াই দিলে। ৰাতিৰ নিয়ঁৰৰ ধাৰা তেওঁৰ হাতেৰে বৈ গৈ তললৈ পৰিল। গছডালত তলপ মাটিত পোত খোৱা অৱস্থাত এটা শিৱলিংগ আছিল। নিজৰ অজ্ঞাতে চিকাৰীজন প্ৰভূ ভোলানাথৰ প্ৰিয় হৈ পৰিল। চিকাৰীজনৰ যেতিয়া মৃত্যু হয় শিৱদূতে যমদূতৰ লগত যুদ্ধ কৰি যমদূতক পৰাজিত কৰি শিৱলোকলৈ তেওঁৰ আত্মাটো লৈ যায়।

আকৌ এক প্ৰবাদ মতে, শিৱৰাত্ৰিৰ দিনাই শিৱ আৰু পার্বতীৰ পুনৰ: বিবাহ সম্পন্ন হৈছিল।

বর্তমান কলি যুগ (বৈদিক তথা ধর্মীয় সাহিত্যৰ মতে)। লোকবিশ্বাস অথবা মতবাদ অনুসৰি শিৱপূজা যিয়েই নহওঁক, মহাশিৱৰাত্ৰি হ'ল সনাতন হিন্দুসকলোৰ মূখ্য ধর্মীয় উত্‍সৱ। ভাৰতৰ হিমাচল প্ৰদেশৰ মন্দি শিৱৰাত্ৰি মেলাকে ধৰি বহু ঠাইত বিশাল আয়োজনেৰে শিৱপূজা পালন কৰা হয়। অসমতো পৰম্পৰাগতভাৱে শিৱপূজা পালন কৰা হয়।

ক্ৰেতা যুগত ৰামচন্দ্ৰই যেতিয়া সীতাক হেৰুৱাই শোকত ব্যাকুল হৈ পৰিছিল অগস্তি ঋষিৰ পৰামর্শত ৰামচন্দ্ৰই শিৱক ধ্যান কৰে আৰু যথাবিধি শিৱ অর্চনা কৰি শিৱৰ দর্শন পায়। শিৱই ৰামচন্দ্ৰক যোগ শিক্ষাৰ উপদেশ দিছিল। ফলত ৰামচন্দ্ৰই শোক সাগৰৰ পৰা স্থিৰ হ'ব পাৰিছিল।

"চিন্তা কৰি চোৱা কোন কাৰ প্ৰিয়তমা
পঞ্চভূতময় দেহা ইও বিৰম্বনা"

আকৌ,
"সীতা শোকে অধিৰ নহৈবা ৰঘুমনি
কোন ভার্য্যা কোন স্বামী নাই চিনা-চিনি"

আকৌ,
"কোন কাৰ পতি পত্নী নাহি পৰিচয়
মোৰ মোৰ বুলি জানা সবেও মৰয়"

বর্তমানৰ উশৃংখল জনসমাজত স্থিৰতাৰ কাৰণে, জীৱনত লক্ষপ্ৰাপ্তীৰ কাৰণে সংযমী হ'বলৈ শিৱৰ এই উপদেশবোৰ সকলো শ্ৰেনীৰ লোকৰে প্ৰয়োজনীয় বুলি ভবাৰ থল আছে।

                           সমাপ্ত
        

No comments:

Post a Comment