Friday, March 22, 2013

ৰঙৰ উতসৱ ফাকুৱা (ৰুমী গগৈ)

'ৰংগে ফাগু খেলে চৈতনয় বনমালী
দুয়োহাতে ফাগুন্তা সিঞচন্ত মুৰাৰী ।'
- কীর্তন ঘোষা ।
হোলী বা ফাকুৱা শব্দটো মনত পৰিলেই এখন প্ৰতিচছবি মনলৈ আহে,য'ত থাকে হর্ষ,উল্লাস আৰু সদ্ভাৱ ।কণ কণ শিশুবোৰৰ হাঁহিভৰা উচছাসত মতলীয়া হোৱা মুখবোৰ ।যাৰ শৰীৰৰ লগতে পোছাকৰো কোনো নির্দিষ্ট ৰং নাথাকে।প্ৰকৃতিৰ নিয়ম মানি যেতিয়া বসন্ত ঋতুৱে আমাৰ পদূলিত ভৰি দিয়েহি, তেতিয়া আকাশত জুই হৈ জ্বলি থাকে পলাশ,মদাৰ,শিমলুৰ ফুলবোৰ ।ফাগুনী মলয়াই এনেয়েও দেহ-মন উতলা কৰি ৰাখে ।আৰু এনে সময়তে আমি স্বাগতম জনাও বসন্তক ।বসন্তৰ আগমনে চাৰিওফালে শুকান হৈ পৰিব খোজা প্ৰকৃতিক কৰি তোলে চিৰসেউজীয়া । আৰু প্ৰকৃতিয়ে পুৰণি সাজ এৰি উছাহেৰে নতুন সাজ পিন্ধে ।মানুহৰ জীৱনলৈ কি আনে বাৰু বসন্তই ।নতুনত্ব ।হয়,মানুহৰ জীৱনলৈ কঢ়িয়াই আনে বসন্তই নতুন আশা আৰু উতসাহৰ বতৰা ।জীৱন মানেইতো আশা ।নতুন সাজ পৰিহিতা প্ৰকৃতিৰ কোলালৈ যেতিয়া নামি আহে বসন্ত আৰু প্ৰকৃতিৰ সেই বিনন্দীয়া ৰুপত চঞ্চলা হৈ উঠে আমাৰ সকলোৰে মন-প্ৰাণ ।আৰু এনে সময়তে ফাগুন মাহৰ পূর্ণিমা তিথি বা চ'ত মাহৰ পূর্ণিমা তিথিত ভাৰতবর্ষত উদযাপন কৰা হয় ৰঙৰ উত্‍সৱ হোলী বা ফাকুৱা ।বসন্তকালত উদযাপন হোৱা বাবে ইয়াক বসন্তোত্‍সৱ বুলিও কোৱা হয় ।ইয়াৰোপৰি হোলী বা ফাকুৱাক দৌলোত্‍সৱ, ফলগুত্‍সৱ, ফাগুৱা, ফাকু ,মদনোত্‍সৱ আদি বিভিন্ন নামেৰে জনা যায় । প্ৰতিটো উত্‍সৱৰ সতে নানা প্ৰবাদ ,পৌৰাণিক কাহিনী জড়িত হৈ থাকে ।এই ফাকুৱা উত্‍সৱৰ লগতো তেনে বহু প্ৰবাদ ,কাহিনী জড়িত হৈ আছে। এই ফাকুৱা প্ৰথমে উদযাপন কৰা হৈছিল বৈকুণ্ঠত ।জনবিশ্বাস অনুসৰি এই দিনটোত শ্ৰীকৃষ্ণক দোলাত তুলি বৈকুণ্ঠবাসীসকলে নানান গীত-নৃত্য কৰি আনন্দ প্ৰকাশ কৰিছিল । এই উত্‍সৱ পাছলৈ দেৱলোকলৈ যায় আৰু পাছত মানৱ সমাজত ই উদযাপন হবলৈ ধৰে ।
আকৌ কামদেৱ আখ্যান অনুসৰি ,মহাযোগী মহাদেৱ এবাৰ কঠোৰ তপস্যাত নিমগ্ন আছিল ।দেৱী পার্বতীয়ে মহাদেৱৰ তপস্যা কোনোপধ্যে ভংগ কৰিব নোৱাৰিলে ।ঠিক তেনেতে কামদেৱে দেৱী পার্বতীক সহায় কৰিবলৈ 'পুষ্প বাণ' বা 'কাম বাণ' মাৰি পঠালে মহাদেৱলৈ বুলি ।এই বাণৰ আঘাতত মহাদেৱৰ তপস্যা ভংগ হ'ল আৰু খঙত একো নাই হৈ সন্মুখত থকা কামদেৱক তেওঁৰ তৃতীয় নয়নৰ জুইৰে ভস্মীভূত কৰি পেলালে । কাম বাণৰ প্ৰভাৱত মহাদেৱ দেৱী পার্বতীৰ প্ৰতি আকর্ষিত হয় আৰু দুয়োৰে মিলন হয় ।এই দিনটোত তেওঁলোকে নানান ৰঙৰ খেলা কৰিছিল আৰু সেই তেতিয়াৰেপৰা ফাকুৱা উত্‍সৱৰ আৰম্ভ হয় বুলি বিশ্বাস কৰা হয়। আনহাতে, পুৰাণত উল্লেখ আছে যে 'ধুন্দা' নামেৰে এজনী ৰাক্ষসী আছিল ।তাইৰ উপদ্ৰৱ বন্ধ কৰিবৰ বাবে ফাগুন মাহৰ পূর্ণিমা তিথিৰ সন্ধিয়া সকলো লোকে গাত নানা তৰহৰ ৰং সানি চিঞৰ-বাখৰ কৰিবলৈ ধৰে ।তেওঁলোকৰ ৰূপ দেখি ধুন্দা ৰাক্ষসী ভয়তে পলায় ।তেতিয়াৰেপৰা ফাকুৱা উত্‍সৱৰ আৰম্ভ হয় ।আকৌ হিৰণ্যকশিপুৰ আখ্যনৰ পৰাও হোলীৰ বিষয়ে জানিব পাৰি ।দৈত্যৰাজ হিৰণ্যকশিপুৰ ভনীয়েকৰ নাম আছিল হোলীকা ।হোলীকাই এটা আচৰিত বৰ পাই থৈছিল যে জুইয়ে কেতিয়াও হোলিকাক পুৰি মাৰিব নোৱাৰে ।হিৰণয়কশিপুৰে বিচাৰিছিল যে তেওঁৰ ৰাজ্যৰ সকলোৱে ভগৱান নাৰায়নক বাদ দি মাত্ৰ তেওঁকহে পূজা কৰক ।কিন্তু হিৰণ্যকশিপুৰ কণমানি পুত্ৰ প্ৰহ্লাদ নাৰায়নৰ পৰম ভক্ত হৈ পৰিল ।দেউতাকৰ নানান ধৰণৰ বুজনি ,অত্যাচাৰতো প্ৰহ্লাদৰ মন নাৰায়ণৰ পৰা বিচেছদ ঘটাব নোৱাৰিলে ।শেষত হিৰণ্যকশিপুৱে ভনীয়েক হোলীকাক নির্দেশ দিলে যে প্ৰহ্লাদক পুৰি মাৰিব লাগে ।আৰু হোলীকাই প্ৰহ্লাদক কোলাত লৈ জুইৰ মাজত বহি পৰিল ।কিন্তু জুইৰ লেলিহান শিখাৰ মাজত থাকিও প্ৰহ্লাদ ভগৱানৰ আশীর্বাদত নিৰাপদে জীয়াই থাকিল ।তেতিয়াৰেপৰা মানুহে আজিও প্ৰতিবছৰে অপশক্তিৰ নাশৰ প্ৰতীক হিচাপে হোলীকাক পুৰি ভষ্ম কৰে ।বিশেষকৈ উত্তৰ ভাৰতত হোলীকা দাহ প্ৰথা প্ৰচলিত হৈ আহিছে ।হোলীকা দাহ প্ৰথাটো উৰিষ্যা ,গুজৰাট আদিতো প্ৰচলিত হৈ আহিছে ।
এনেধৰণৰ বহুতো পুৰণি আখ্যান পোৱা যায় ফাকুৱা বা হোলীৰ ওপৰত ।আচলতে হোলী প্ৰকৃততে কেতিয়াৰ পৰা বা কোনে প্ৰথম প্ৰচলন কৰিছিল ,তাক আজিও সঠিকভাৱে জানিব পৰা নাযায় ।যি কি নহওক বুৰঞ্জীবিদসকলৰ মতে খ্ৰীষ্টজন্মৰ বহু শতিকাৰ আগৰেপৰাই হোলীৰ প্ৰচলন হৈ আহিছে ।


অসমৰ সত্ৰ বৰদোৱা ,বৰপেটা আদিত হোলীক 'দৌলোত্‍সৱ' বুলি পালন কৰি অহা হৈছে ।এই দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয় ।দৌলোত্‍সৱৰ প্ৰথম দিনটোক 'গোন্ধযাত্ৰা' বোলা হয় ।সেই দিনটোত গায়ন-বায়নেৰে সতে কৃষ্ণ গোসাঁইক কীর্তনঘৰৰ পৰা উলিয়াই আনি সত্ৰৰ চোতালৰ 'বৰশৰাই'ত সংস্থাপন কৰা হয় ।আগতেই নল-খাগৰিৰে তৈয়াৰ কৰি ৰখা মেজিত জুই জ্বলাই ঢোল ,খোল ,উৰুলি ,কীর্তন আদি আনন্দমুখৰ পৰিৱেশত গোঁসাইক মেজিৰ চাৰিওফালে সাত পাক ঘূৰোৱা হয় ।ইয়াক মেজি পুওঁৱা প্ৰথা বুলি কোৱা হয় আৰু ইয়াৰ পাছতেই গোঁসাইক 'যোগমোহন' ঘৰত ৰখা হয় আৰু পাছত দৌললৈ নিয়া হয় ।ভক্তসকলে দৌলত গোঁসাইক কুমকুম ,ফাকু আদি সানে ।আৰু সেইদিনা নিশালৈ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ভাওনা ,যাত্ৰা ,ঘোষা-কীর্তন আদি অনুষ্ঠিত কৰা হয় ।এই দিনটোক 'ভৰ দেউল' বুলি কোৱা হয় ।আৰু পাছৰ দিনা আবাল-বৃদ্ধ-বনিতাসকল লগ হৈ আনন্দ-উত্‍সৱৰ মাজেৰে গোঁসাইক ঘুনুচা সত্ৰলৈ নি আকৌ বৰপেটা সত্ৰলৈ ঘূৰাই আনে ।এই দিনটোক কোৱা হয় 'সুৱেৰী' ।প্ৰতি বছৰৰ ফাগুনী পূর্ণিমাত উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰতো অতি উলহ-মালহেৰে আৰু পৰম্পৰাগত নীতি-নিয়মেৰে দৌলোত্‍সৱ পালন কৰা হয় ।ইয়াতো বৰদোৱাৰ আর্হিতেই দৌলোত্‍সৱ পালন কৰা হয় ।পূর্ণিমাৰ আগদিনাখন চাৰিডাল ভলুকা বাঁহ দৌলৰ চাৰিওকোণত পুতি তাত তিনিখন চন্দ্ৰতাপ আঁৰি দিয়া হয় ।আন এডাল জাতি বাঁহ দৌলৰ বাওঁহাতে পুতি কলচি বান্ধি দিয়া হয় ।এইডালক 'ধর্মধ্বজা' বোলা হয় ।পৰম্পৰাগত নিয়ম অনুসৰি দৌলগোবিন্দ মন্দিৰত পাঁচদিনীয়াকৈ দৌলোত্‍সৱ উদযাপন কৰা হয় ।উত্‍সৱৰ শেষৰদিনা পুৱাৰপৰাই ডেকা-গাভৰু ,মুনীহ-তিৰোতা আদি সকলোৰে দেহ-মন ৰঙীন ,চঞ্চল হৈ পৰে ।হোলীগীতেৰে চৌদিশ মুখৰিত কৰি সকলোৱে হাতে হাতে ৰঙৰ আবিৰ ফাকুগুড়ি লৈ হোলী খেলিবলৈ আৰম্ভ কৰে ।এই দৌলগোবিন্দ মন্দিৰৰ দৌলোত্‍সৱ কিমান চনৰপৰা পালন কৰি অহা হৈছে ,সেয়া সঠিকভাৱে কোৱা টান যদিও ইংৰাজৰ অধীনলৈ অসমখন যোৱাৰ আগৰেপৰা ইয়াত দৌলোত্‍সৱ পালন কৰি আহিছে বুলি জনা যায় ।


যি কি নহওক ,ৰঙৰ প্ৰাচুর্য্যই এই ফাকুৱা উত্‍সৱৰ মূল বিশেষত্ব ।ফাকুৱাৰ অতিকৈ গুৰুত্বপূর্ণ বস্তুটোৱেই হৈছে ফাকুগুড়ি ।অতীজত হোলী উত্‍সৱত ব্যৱহাৰ কৰা ৰঙৰ সংখ্যা আছিল সীমিত আৰু সেইবিলাক আছিল প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰা ।প্ৰাকৃতিক ৰংবোৰ তেওঁলোকে গছৰ পাত ,ফুল ,ফল ,শিপা আদিৰ পৰা সংগ্ৰহ কৰিছিল ।বিশেষকৈ মহুৱা ফুল ,জবা ,অপৰাজিতা ফুল ,জেতুকা ,নীলু, শিমলু ,পলাশ ,ফলগু ,জাৰথ গছৰ গুটি আদিৰ পৰাই ফাকুৰ ৰংবোৰ সংগ্ৰহ কৰিছিল ।কিন্তু বর্তমান এই প্ৰাক্ তিক ৰংবোৰৰ ব্যৱহাৰ প্ৰায় নাইকিয়া হ'ল বুলি কব পাৰি ।এই প্ৰাকৃতিক ৰংবিলাকে ছালৰ সৌন্দৰ্য্যবর্ধনৰ লগতে ৰোগ নিৰাময়তো সহায় কৰিছিল ।কিন্তু বর্তমানৰ ফাকুগুড়িসমূহ ৰাসায়নিক উপায়েৰে তৈয়াৰ কৰা ,যি ছালৰ বাবে অত্যন্ত অপকাৰী ।বর্তমান ব্যৱহাৰ কৰা ৰাসায়নিক ৰংবোৰৰ পৰা মানুহৰ বিভিন্ন ধৰণৰ দুৰাৰোগ্য ৰোগ হব পাৰে বুলি বিজ্ঞানীসকলে প্ৰমাণ কৰিছে ।কাৰণ ফাকুগুড়ি ,পানী ৰং বা পেষ্টজাতীয় ৰংবোৰ মানুহৰ শৰীৰত সানিলে ছালৰ মাজেৰে শৰীৰত প্ৰৱেশ ঘটে । এই ৰাসায়নিক ৰংবোৰ এনেয়েও ক্ষতিকাৰক তাতে আকৌ বিভিন্ন ৰংৰ ফাকুগুড়িত মিহলোৱা হয় ছিলিকা গুড়ি ,এছবেষ্টছ আদি ।এই দুয়োবিধ দ্ৰব্যই শৰীৰৰ প্ৰচুৰ ক্ষতিসাধন কৰে ।এই ৰাসায়নিক ৰংবিলাকৰ পৰা মানুহৰ শ্বাসৰোগ ,ছালৰ ৰোগ ,এলার্জি ,চকু উখহা ,বৃক্ক বিকল হোৱা ,বুদ্ধিহীনতা ,মানসিক ৰোগ আনকি কর্কটৰ দৰে ৰোগো হব পাৰে । এই ৰাসায়নিক ৰঙৰ ব্যৱহাৰ বন্ধ কৰিব পৰা যাব যদিহে গছৰ পাত ,ফুল ,ফল ,শিপা আদিৰ পৰা পুণৰ প্ৰাকৃতিক ৰং প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰিব পৰা যায় ।লগতে ৰাসায়নিক ৰঙৰ পৰা সৃষ্টি হোৱা বিভিন্ন ৰোগৰ পৰাও মানুহ ৰক্ষা পৰিব ।যিহেতু প্ৰাকৃতিক ৰংবোৰ মানুহৰ ছালৰ বাবে যথেষ্ট উপকাৰী লগতে ঔষধি গুণসম্পন্ন ।

শেষত ,আমি যি ৰঙেৰেই ফাকুৱা বা হোলী নেখেলো লাগিলে এই ফাকুৱা উত্‍সৱ কেৱল বসন্তৰ ৰং-আনন্দ তথা ধর্মীয় উত্‍সৱেই নহয় ,ফাকুৱা বা হোলী উত্‍সৱ শান্তি ,সম্প্ৰীতি ,সমৃদ্ধি আৰু মহামিলনৰো উত্‍সৱ ।সমাজলৈ ভাতৃত্ববোধৰ ভাৱনা কঢ়িয়াই আনে এই ফাকুৱা উত্‍সৱে ।ফাগুনৰ পছোৱাই দেহ-মন উতলা কৰি নিয়া এই ক্ষণতে ৰঙেৰে ৰাঙলী কৰি তোলক সকলোকে এই ফাকুৱা উত্‍সৱৰ ৰঙেৰে ।আৰু ফাকুগুড়ি ছটিয়াই ইজনে-সিজনৰ সতে বান্ধ খাই পৰক প্ৰেম-প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাবনাৰে ।

No comments:

Post a Comment