''জিলিকিব লুইতৰ পাৰ-এক সমীক্ষা আৰু কিছু অনুভৱ''
যুৱ প্ৰজন্মই হ’ল এখন দেশ তথা সমাজৰ উন্নতিৰ ধ্বজাবাহক। যুৱ প্ৰজন্মৰ সৈতে খোজ মিলায়ে আমি এক সোণালী ভৱিষ্যতৰ দিশে অগ্ৰসৰ হব লাগিব। এই যুৱ প্ৰজন্মৰ চিন্তাৰ বীজ গজালি মেলে প্ৰধানকৈ মহাবিদ্যালয় পৰ্যায়তে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ই- জগতত পোন প্ৰথম বাৰৰ কাৰণে মাহেকীয়া ই- আলোচনী অনুভৱ ডট্ অর্গৰ তৰফৰ পৰা হাতত লোৱা এক ব্যতিক্ৰমী তথা অভিনৱ প্ৰচেষ্টা ।
''জিলিকিব লুইতৰ পাৰ- এক সমীক্ষা আৰু কিছু অনুভৱ'' শীর্ষক এই শিতানটিৰ যোগেৰে আমি প্ৰতিমাহে অসমৰ ৰাইজৰ মাজলৈ একোখনকৈ মহাবিদ্যালয়ৰ বতৰা লৈ আহিম। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ ভাৱ তথা সাম্প্ৰতিক সময়ৰ কিছু বিষয়ত তেওঁলোকৰ মতামত আপোনালোকক জনাম।
বিঃদ্ৰঃ আমাৰ এই শিতানটিত আপোনাৰ মহাবিদ্যালয়খনৰ কথাও জনাব পাৰে। যদি আপোনাৰ মহাবিদ্যালয়খনৰ কথা আমাৰ আলোচনীত প্ৰকাশ হোৱাতো বিচাৰে তেন্তে আমাৰ ঠিকনাত যোগাযোগ কৰিব পাৰে।
পোন প্রথম বাৰৰ কাৰণে আমি লৈছিলোঃ
চন্দ্রকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক।
অসমৰ শিক্ষিত জিলা যোৰহাটৰ এখন ঐতিহাসিক মহাবিদ্যালয় ৰূপে পৰিচিত এই মহাবিদ্যালয়ে ১৯৫৯ চনতে প্রতিষ্ঠা লাভ কৰি সগৌৰৱেৰে ঠিয় হৈ আছে । ডঃ যজ্ঞেশ্বৰ বড়া ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত মহাবিদ্যালয় খনে সুকীয়া মর্যদা লাভ কৰিবলৈ সক্ষম হৈছে।
আমি 'অনুভৱ .অর্গ'ৰ হৈ কেইজনমান ছাত্রৰ ওচৰ চাপিছিলো। তেওঁলোকে আমাক জনালে এনেদৰে...
আমাৰ প্রশ্নসমুহ আছিলঃ
১) অসমীয়া লোক সংস্কৃতি আধুনিকতাৰ মেৰপেচত বিনষ্ট হব ধৰিছে নেকি?
২) অসমীয়া আখৰবোৰ কালৰ সোঁতত এদিন হেৰাই যাব নেকি?
৩) ছাত্র ছাত্রী সকল যিকোনো তথা কথিত সংগঠনত যোগদান কৰি সমাজখনক উন্নত কৰিব পাৰিবনে ?
৪) দৰিদ্রতাক শিক্ষাৰ অন্তৰায় বুলি ভাবিব পাৰিনে ?
৫) যুব উশৃংখলতাৰ নিয়ন্ত্রনৰ ক্ষেত্রত কাৰ ভুমিকা সৰ্বোচ্চ ?
• উত্তম বৰুৱা, স্নাতক চতুৰ্থ ষান্মাসিক
উত্তৰ ১) যথেষ্ট পৰিমানে ধংসৰ মুখলৈ আগুৱাই গৈছে।
উত্তৰ ২) যাব। যদিহে সমাজৰ অধিকাংশ লোক এইবিলাক বিষয়ৰ প্ৰতি উদাসীন হৈ যায়। কাৰণ এটা বৰালি মাছে বিলখন ঘোলা কৰিব নোৱাৰে।
উত্তৰ ৩) পাৰিব। যদিহে তেওঁলোকৰ জন্মগত উদ্দেশ্য সমুহ স্থিৰ হৈ থাকে।
উত্তৰ ৪) নিশ্চয়কৈ পাৰি।
উত্তৰ ৫) প্ৰধানকৈ অভিভাৱকৰ। দ্বিতীয়তে সমাজৰ আৰু সচেতন মানুহবোৰৰ।
• প্ৰানজিৎ বৰুৱা, স্নাতক দ্বিতীয় ষান্মাসিক
উত্তৰ ১) বিশ্বায়নৰ যুগত অসমীয়া লোক সংস্কৃতি কিছু পৰিমানে হ’লেও বিকৃত হৈছে যদিওঁ বিনষ্ট হৈ যোৱা নাই। তাক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ প্ৰতিজন অসমীয়াৰ।
উত্তৰ ২) যেতিয়ালৈকে অসমীয়া জীয়াই থাকিব, তেতিয়ালৈকে অসমীয়া ভাষা জীয়াই থাকিব।
উত্তৰ ৩) সংগঠনৰ প্ৰয়োজন আছে কিয়নো, একক নহৈ দলীয়ভাবে সকলো আগবাঢ়িব পাৰে। কিন্তু বেছিভাগ সংগঠনে আজিকালি সমাজৰ স্বাৰ্থক বিসৰ্জন দি নিজ স্বাৰ্থক গুৰুত্ব দি আহিছে। ই বেয়া লক্ষন।
উত্তৰ ৪) দৰিদ্ৰতা শিক্ষাৰ অন্তৰায় হ’ব নোৱাৰে। নিজা চেষ্ঠা, আত্মবিশ্বাস, ধৈৰ্য্য, কষ্টসহীষ্ণুতা ইত্যাদিৰ প্ৰয়োজন।
উত্তৰ ৫) অভিভাৱকৰ ভূমিকা বেছি। তথাপিও নিজে সংযম হোৱাতো দৰকাৰ।
• দেবব্ৰত সেনাপতি, স্নাতক চতুৰ্থ ষান্মাসিক
উত্তৰ ১) একে আষাৰে ক'ব পৰা নাযায়। কিয়নো সংস্কৃতি গতিশীল। সময় পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিয়েও পৰিৱৰ্তীত ৰূপত নিজকে খাপ খোৱাই লয়। শালীনতাবোধ বজাই ৰাখি হোৱা পৰিৱৰ্তনক বিনষ্ট হোৱা বুলি ধৰিব পৰা নাযায়।
উত্তৰ ২) নাভাবো। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ বৰ্দ্ধিত চাহিদা, গ্ৰন্থ মহোৎসৱ ইত্যাদি জাতীয় অনুস্থানে নিশ্চয় ইতিবাচক দিশ আঙুলীয়াই দিয়ে। স্বীকাৰ্য যে লিখিত আৰু কথিত ভাষালৈ দিনক দিনে প্ৰত্যাহ্বান বৃদ্ধি পাইছে। এচামে তথাপিও নিৰলস প্ৰচেষ্ঠা অব্যাহত ৰাখিছে।
উত্তৰ ৩) ছাত্ৰৰ মূল কৰ্তব্য হ'ল অধ্যয়ন। অধ্যয়নক বজাই ৰাখি আৰ্জিত জ্ঞানক সুপ্ৰয়োগ ঘটাই সমাজ তথা দেশক যদি উত্তৰণ ঘটাব পাৰে, সংগঠন কিয় নিজস্ব আন উদ্যোগেও সমাজক উন্নতি কৰিব পাৰে।
উত্তৰ ৪) নোৱাৰে। অধ্যয়ন পিপাসু এটা মন আৰু সুস্থ পৰিকল্পনা থাকিলে দৰিদ্ৰতা কিয়, আন একো সমস্যাই শিক্ষা গ্ৰহনত অন্তৰায় হ'ব নোৱাৰে।
উত্তৰ ৫) এগৰাকী সুস্থ নাৰীৰ ভূমিকা আটাইতকৈ বেছি বুলি ভাবো।
• যুগুতালে আমাৰ প্ৰতিনিধি - চন্দন জ্যোতি ভূঞাই।

No comments:
Post a Comment