ব্যক্তিগত অনুভৱ
হৃদয়ৰ পৱিত্ৰতা (সাৰদা শ্ৰেষ্ঠ)
তেতিয়া
ধৰালৈ সন্ধিয়া নামিছিল । মই ঘৰলৈ বুলি খোজকাঢ়িয়েই গৈ আছিলো । ফটাশিল বজাৰ
পাৰ হৈ ৰাধা গোবিন্দ মহাবিদ্যালয়ৰ সীমা পাইছিলো । তেতিয়া ঠাইখন নিজান হৈ
পৰিছিল, বিজুলী চাকিৰ খুঁটাতোহে আছিল...নামত । মই দেখিলো এজনী প্ৰায় ৫-৬
বছৰীয়া অকণমানি ছোৱালী অকলে অকলে গৈ আছে । ওচৰে পাজৰে কোনো নাই, ছোৱালীজনীৰ
ভালেখিনি আগত গৈ আছে এজনী মহিলা । মহিলা গৰাকীৰ কোলাত আন এটি প্ৰায় তিনি
বছৰীয়া কণমানি । পৰিবেশটোত মোৰ ভাল নালাগিল । মই খৰধৰকৈ মহিলা গৰাকীৰ ওচৰ
পালোগৈ, মানুহগৰাকীক উদ্দ্যেশি ক'লো - "এইজনী কাৰ ছোৱালী ? অকলে অকলে গৈ
আছে যে! আপোনাৰ ছোৱালী নেকি ?" মোৰ প্ৰশ্নৰ উত্তৰ স্বৰূপে মানুহজনীয়ে জনালে
যে তাই তেওঁৰেই জীয়েক। মই মানুহজনীৰ কথা শুনি আচৰিতেই হ'লো। অপাৰ বিস্ময়
চকুৱে মুখে সানি লৈ মানুহজনীক সুধিলো- "এই নিজান ঠাইত অকণমানিজনীক এনেকৈ
এৰি দিছে যে! আজিকালি ক'ত কিমান অঘটন ঘটিব লাগিছে আপুনি জানো গম নাপায় ?"
মোৰ কথা শুনি মানুহজনীয়ে অলপ উষ্মা মিহলি কণ্ঠেৰে ক'লে - "এহ্ মৰক দিয়ক
তাই!" মানুহজনীৰ পৰা মই পুনৰ জানিব বিচাৰিলো জীয়েকৰ প্ৰতি ইমান বিৰূপ হোৱাৰ
কাৰণ। মানুহগৰাকীয়ে নিজৰ দুৰ্দশা বৰ্ণনাই ক'লে- "বৰ দুষ্ট হৈছে তাই। কোলাত
এজনী আছেই, তাইকো মই হাতত ধৰি ধৰি টানি থাকিলেহে আগবাঢ়ে নহ'লে থেনথেনাই
থাকে।আপুনিয়েই
কওকচোন, দুয়োজনীকে মই অকলে কেনেকৈ চম্ভালো !" মানুহজনীৰ দুৰ্দশাই মোক
বিচলিত কৰিলে যদিও অকণমানিজনীক তেনেকৈ অকলে এৰি দিয়া কথাটো মই বৰ ভাল
নাপালো । মই এইবাৰ মানুহজনীক এৰি ৰৈ গলো, কণমানিজনী অহালৈ । এটাসময়ত তাই
মোৰ ওচৰ পালে । মাকৰ প্ৰতি অভিমানত তাইৰ অকণমানি মুখখন ফুলালুচিটোৰ দৰে
ফুলি আছিল । তাই ওচৰ পোৱাত তাইৰ খং আঁতৰাবলৈ ক'লো -"মায়ে তোমাক তোমাক এৰি
গৈছে নহয়, এইবাৰ বলা মোৰ লগত আমি তোমাৰ মাক এৰি থৈ যাওঁ ।" এইবুলি কৈ মই
তাইৰ কণমাণি হাতত ধৰি অলপ খৰকৈ খোজ দিলো।তাই
মোৰ কথাত যথেষ্ট উৎসাহিত হ'ল । মোৰ সমানে সমানে তাই খোজ দিলে । মোৰ খৰ
খোজৰ লগত খোজ মিলাবলৈ গৈ তাই প্ৰায় দৌৰাৰ দৰেই আহি থাকিল মোৰ আঙুলিত ধৰি ।
মাকক এৰি আমি ভালেখিনি আগবাঢ়িলো। পাছপৰি যোৱা মাকক মাজে মাজে ঘূৰি চাই তাই
বৰ উল্লাসিত হ'ল । এনেদৰে ৰাধা গোবিন্দ
বৰুৱা মহাবিদ্যালয় পাৰ হৈ কিছুদূৰ আগবাঢ়ি অহাৰ পাছত মই পিছলৈ ঘূৰি চাই
দেথিলো মানুহগৰাকী আমাৰ পৰা ভালেখিনি আঁতৰত ৰৈ আমালৈ চাই আছে । মই আচৰিত হৈ
প্ৰশ্নবোধক দৃষ্টিৰে মানুহগৰাকীলৈ চালো । মানুহগৰাকীয়ে মোৰ মনৰ কথা
বোধকৰোঁ বুজিলে, এটা সৰু গলিলৈ আঙুলিয়াই দেখুৱাই ক'লে - "আমি এইফালে থাকোঁ
।" মই ছোৱালীজনীলৈ চাই ক'লো - "উৱা !! তুমি দেখোন ঘৰেই আহি পালা ! যোৱা দেই
এতিয়া ।" এইবুলি তাইৰ আকণি আঙুলি মোৰ হাতৰ পৰা এৰোৱাবলৈ চেষ্টা কৰিলো ।
কিন্তু ছোৱালীজনীয়ে এইবাৰ মোৰ আঙুলি আৰু জোৰেৰে খামুচি ধৰিলে । আচৰিত হৈ
তাইৰ মুখলৈ চালো । তাইৰ অকণমাণি মুখখন মাকৰ প্ৰতি অভিমানত আকৌ উফন্দি উঠিছে
। মাকৰ ওপৰত উঠা খং মাৰ যোৱাই নাই ! মই মৰমেৰে তাইক মাকৰ ওচৰলৈ যাবলৈ কলো
যদিও তাই কোনো গুৰুত্ব নিদিলে । মই ভাবিলো তাইক সঁচাকৈ মই লৈ যাম বুলি ভয়
দেখুৱালে বোধহয়তাই ভয় খাই মাকৰ ওচৰলৈ দৌৰি গুচি যাব । তাকে ভাবি তাইক ব'লা
তেন্তে আমাৰ ঘৰলৈকে যাওঁ বুলি আকৌ আগবাঢ়িলো । তাই নাচোৰ বান্দা।
মাকলৈ
ঘূৰিও নাচালে, বৰং কলা পৰি অহা মুখখন উজলি উঠিল আনন্দত আৰু দুগুণ উৎসাহত
তাই মোৰ সৈতে পুনৰ আগবাঢ়িবলৈ উদ্যত হ'ল । মই প্ৰমাদগণিলো । তাইক লগত
নিয়াতো সহজ কখা নহ'ব । তাইক লৈ আকৌ ৰৈ থকা মাকৰ ওচৰলৈ আহিলো । তাইক বুজালো,
মই আকৌ ৰাতিপুৱা তাইক এৰি থৈ মই মোৰ কাৰ্য্যালয়লৈ
আহিব লাগিব । তাইৰ মুখখন আকৌ বেজাৰত মোলান পৰি গ'ল । মই সঁচাকৈয়ে অলপ সময়
বিমোৰত পৰিলো । তাইক কিদৰে বুজাম ! তাৰপাছত পুনৰ ক'লো - "আজি ৰাতিয়েই হ'ল ।
আন এদিন মই সোনকালে আহি তোমালোকৰ ঘৰলৈ যাম বাৰু । আজি তুমি মাৰ লগত যোৱাগৈ
।" এইবুলি তাইক তাইৰ আৰু তাইৰ দেউতাকৰ নাম সুধিলো আৰু কোন খিনিত সুধিলো ।
তাইৰ পৰা তাইৰ বিষয়ে জানি লৈ তাইকবিদায় দিয়াৰ উদ্দেশ্যে "বাৰু, যোৱা দেই"
বুলি হাত জোকাৰিলো । এইবাৰ তাই আনন্দমনে মোক বিদায় দিলে । মই তাইৰ শিশুসুলভ
মনটোৰ পৱিত্ৰতাত আজিও মুগ্ধ । মই তাইৰ বাবে সম্পূৰ্ণ আচিনাকী । এটা পলকৰ
চিনাকিতেই তাই মোক সম্পূৰ্ণবিশ্বাসত ল'ব পাৰিলে । মোৰ অকণমানমৰমতেই তাই
ইমান প্ৰভাম্বিত হ'ল যে মাকক এৰি মোৰ সৈতে গুচি আহিবলৈকো তাই সাজু হ'ল ।
মাকতকৈও মোৰ মৰমৰ গুৰুত্ব সেইসময়ত তাইৰ বাবে অধিক হৈ পৰিছিল । ঘটনাটো পুৰণি
হ'ল, কিন্তু মই আজিও পাহৰিব পৰা নাই । তাইৰ শিশুসুলভ সৰলতাত মই আজিও মুগ্ধ
। অন্তৰত কিমান পৱিত্ৰতা থাকিলে এনেকৈ একেবাৰে অচিনাকী এজনক এনেকৈ
বিশ্বাসত ল'ব পাৰি....ভাবিলে বিৰ্চূতি খাওঁ । সেয়া বোধকৰোঁ এটি সৰল মনৰ
শিশুৰ বাবেহে সম্ভৱ । যি দিনাই শুনো কোনো শিশুৰ শিশুত্ব নিৰ্যাতনৰ বলি
হৈছে, মোৰ মনে হাহাকাৰ কৰি উঠে । কোমলমতি শিশুকো মানুহে অত্যাচাৰ কেনেকৈ
কৰিব পাৰে ??
::শিৱৰাত্রি আৰু এটি মধুৰ স্মৃতি:: (প্ৰতীম কুমাৰ বাঢ়ৈ)
শৈশৱ
মানুহৰ জীৱনৰ এক মধুৰ স্মৃতি।যি খিনি সময়ক হয়তো এজন ব্যক্তিয়ে তেওঁৰ
পিছৰ জীৱনত কেৱল ৰোমন্থনহে কৰিব পাৰে,পুনৰ কেতিয়াও ঘূৰাই পাব নোৱাৰে।মোৰ
বন্ধু জয়ন্ত,বাবলু,জানহঁতৰ লগত কটোৱা শৈশৱৰ সেই দিন সমূহে
বৰ্তমান সময়ত কেতিয়াবা বৰকৈ আমনি দিয়ে।কিমান যে হাঁহি স্ফূৰ্তিৰ দিন
আছিল সেই সময়খিনি।সমবায় সমিতিৰ পুৰণি গুদামটোৰ কাষতে থকা বগৰী জোপাত উঠি
বগৰী খোৱা,নদীত মনে মনে গা ধুবলৈ গৈ নৈ কাষৰে ঔটেঙা গছজোপাৰ পৰা টেঙা আনি
ঘৰত দিয়া,কলৰ পটুৱা হাতত লৈ পথাৰেৰে দৌৰি দৌৰি ৰাতুলদাৰ কুহিঁয়াৰ শালত
লেটেৰী খাবলৈ যোৱা ইত্যাদি হাজাৰ স্মৃতি যেন এতিয়া মাথো শৈশৱ নামৰ
শব্দটিতে সীমিত।
শৈশৱতে উৎসৱ-পাৰ্বণৰ সময়ত ঘটা কিছুমান আমোদজনক ঘটনাই কেতিয়াবা পুনৰ সোঁৱৰাই যায় আমাৰ সোণালী অতীত।তেতিয়া আমি হয়টো এল.পি. স্কুলৰ ষষ্ঠ/সপ্তম মান শ্রেণীত আছিলো।মই আৰু মোৰ বন্ধু কেইজন লগ হৈ ঠিক কৰিলো যে এইবাৰ আমিয়ে আয়োজন কৰিম মহা শিৱৰাত্রি। তেতিয়ালৈকে লোকৰ মুখতহে শুনি আছিলো জঁটাধাৰী বাবাৰ নামত বোলে সেইদিনা ভক্তসকলৰ পেটলৈ গিলাচে গিলাচে ঘোঁটা আৰু চিলিম ভৰ্তি ভাং যায় বুলি।কিন্ত এইবাৰ বাপ্পেকে বাবাৰ মহাভক্ত আমি কেইটা মিলিয়েই ঘৰত গম নোপোৱাকৈ প্লেনটো বনায়ে পেলালো নহয়।শংকৰ মাষ্টৰৰ ঘৰৰ পিছফালৰ বাঁহবাৰী ডৰাকে উৎসৱ উদযাপনৰ উপযুক্ত ঠাই বুলি বিবেচনা কৰা হ’ল।সেই বাঁহবাৰী ডৰা পথাৰৰ কাষতে আৰু সম্পূৰ্ণ জংঘলেৰে আৱৰা,গতিকে তাত পূজাৰ যজ্ঞৰ ধোঁৱা ওলালেও কোনেও দেখা নাপাব।ফলত আমাৰ আয়োজনত কোনো বাধা বিঘিনি নাহে।এসপ্তাহৰ আগতেই হনুমান মন্দিৰৰ কাষতে নিজে নিজে গজা কুমলীয়া ভাং গছ কেইজোপাকে উভালি নি গাৰ কাপোৰৰ তলত লুকুৱাই পথাৰ পোৱালোগৈ। পথাৰত সেইবোৰ শুকাবলৈ দি চিলিম বিচৰাৰ চিন্তাত নামি পৰিলো।অৱশেষত যেনিবা শিৱৰাত্রীৰ দিনালৈ চিলিমৰো সমস্যা সমাধান হ’ল।বাবলুহঁতৰ ঘৰত কাম কৰা হালুৱা ককাই জনে সদাই সন্ধিয়া সোৱাদ লোৱা চিলিম ভাগকে মনে মনে তেওঁৰ কোঠাৰ পৰা উঠাই অনা হ’ল শিৱৰাত্রিৰ দিনালৈ।সেইদিনা ৰাতিপুৱাই আটাইকেইজনে গা-পা ধুই ভোলানাথক পূজা অৰ্চনাৰ বাবে বাঁহবাৰী পালোগৈ।শুকুৱাই ৰখা ভাং পাত হাতৰ তলুৱাত মোহাৰি প্রসাদৰ যো-জা কৰা হ’ল।চিলিমৰ লগতে ঘৰৰপৰা নিয়া বাতৰি কাগজৰ বিড়িবনাই জ্বলো নজ্বলোকে থাকোতেই দুই হোঁপা মান মাৰিছিলোহে মাথোন তেনেতেই পৰিলো নহয় বাবাৰ ৰোষত।আমাৰ পূজা পাতলত কিবা ক্রুতি দেখি মহাদেৱ অসন্তুষ্ট হৈ পঠাই দিলে নহয় বায়ু দেৱতাক যজ্ঞ ধ্বংশ কৰিবলৈ।ফাগুনৰ বতাহে আমাক হোঁপা কেইটাও শান্তিৰে মাৰিবলৈ নিদিলে।চলাই কাঠি মাৰোতে মাৰোতে পূজাৰ বাবে কিনি অনা নতুন চলাইটোৰ কাঠি শেষ হওঁ হওঁ অৱস্থা।অৱশেষত উপাই নাপায় বাঁহতলৰ শুকান পাত গোটাই জুই ধৰি তাৰ পৰাই হেপাহৰ হোঁপা কেইটাৰ সোৱাদ ল’লো।কিন্তু লাহে লাহে যেন বায়ু দেৱতাই উগ্রমূৰ্তি ধাৰণ কৰিলে।কোন পলকতনো আমি ধৰা জুইৰ পৰা বাহঁতলি উপচি থকা শকান পাতবোৰলৈ জুই বিয়পি গ’ল ধৰিবকে নোৱাৰিলো।আমি জুই নুমুৱাবলে পথাৰৰ মাটিচপৰা লদিয়াওঁ মানে জুই গৈ বাঁহৰ শুকান মুঢ়াটো বেয়াকৈ খামুচি ধৰিলে।তাৰপিছত আৰু উপায় নাপায় পূজা পাতল এৰি সেই স্থানৰ পৰা আমাৰ পলায়ন।গোটেই দিনটো পূজাৰ নামত ভোকে পিয়াঁহে কটাই সন্ধিয়া ঘৰ ওলালত আটাইকেইজনৰ পিঠিত দবা কাঁহ বাজিল।দবা কাঁহৰ শব্দৰ কোবত ঘৰত কেনেকৈনো শিৱৰাত্রি আয়োজনৰ কথা গম পালে বা বাঁহবাৰীত জুই কোনেনো নুমুৱালে এইবোৰ কথা সুধিবলৈকে সাহস কৰিলো।পিছত এই সকলোবোৰ মহাদেৱৰে আশা বুলি ধৰি লৈ মনতে ঠিৰাং কৰিলো।তেতিয়াৰ পৰা আৰু আজিলৈ শিৱৰাত্রি আয়োজন কৰা বা বাবাৰ প্রসাদ গ্রহণ কৰাৰ কথা মনত নপৰে।

No comments:
Post a Comment